1 ULB তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়। BSB BSB: Then all Israel came together to David at Hebron and said, “Here we are, your own flesh and blood.
2 ULB আগেয়ে যেতিয়া চৌল আমাৰ ওপৰত ৰজা আছিল, তেতিয়া আপুনিয়েই ইস্ৰায়েলৰ সৈন্যসকলক নেতৃত্ৱ দিছিল। আপোনাৰ ঈশ্ৱৰ যিহোৱাই আপোনাক কৈছিল, ‘তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ৰখীয়া হবা, আৰু তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত শাসনকৰ্ত্তা হ’বা।’” BSB BSB: Even in times past, while Saul was king, you were the one who led Israel out and brought them back. And the LORD your God said, ‘You will shepherd My people Israel, and you will be ruler over them.’”
3 ULB সেয়ে ইস্ৰায়েলৰ সকলো বৃদ্ধ লোক হিব্ৰোণৰ ৰজাৰ ওচৰলৈ আহিল, আৰু দায়ূদে হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে, যিহোৱাই চামূৱেলৰ দ্ৱাৰাই কোৱা বাক্য অনুসাৰে তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা অভিষেক কৰিলে। BSB BSB: So all the elders of Israel came to the king at Hebron, where David made a covenant with them before the LORD. And they anointed him king over Israel, according to the word of the LORD through Samuel.
4 ULB দায়ূদ আৰু সকলো ইস্ৰায়েলীয়া লোকসকলে যিৰূচালেমলৈ গ’ল (সেই ঠাইয়ে যিবূচ)। সেই সময়ত যিবূচ নিবাসী যিবূচীয়া লোকসকল সেই ঠাইত আছিল। BSB BSB: Then David and all the Israelites marched to Jerusalem (that is, Jebus), where the Jebusites inhabited the land.
5 ULB তাতে যিবূচ নিবাসী লোকসকলে দায়ূদক ক’লে, “আপুনি এই ঠাইত সোমাব নোৱাৰে।” কিন্তু দায়ূদে চিয়োন দুৰ্গ অধিকাৰ কৰি ল’লে, সেয়ে দায়ূদৰ নগৰ। BSB BSB: The people of Jebus said to David, “You will never get in here.” Nevertheless, David captured the fortress of Zion (that is, the City of David).
6 ULB দায়ূদে ক’লে, “যি কোনোৱে প্ৰথমে যিবূচীয়াসকলক আক্রমণ কৰিব, তেওঁ প্ৰধান সেনাপতি হ’ব।” চৰূয়াৰ পুত্ৰ যোৱাবে প্ৰথমে আক্ৰমণ কৰিলে, সেই বাবে তেওঁকে প্ৰধান সেনাপতি পাতিলে। BSB BSB: Now David had said, “Whoever is the first to strike down a Jebusite will become chief commander.” And Joab son of Zeruiah went up first, and he became the chief.
7 ULB তাৰ পাছত দায়ূদ সেই দুৰ্গত বাস কৰিলে। সেই বাবে তেওঁলোকে এই নগৰক ‘দায়ূদৰ নগৰ’ বুলি ক’লে। BSB BSB: So David took up residence in the fortress; that is why it was called the City of David.
8 ULB তেওঁ মিল্লোৰ পৰা নগৰৰ চাৰিওফালে দেৱাল বান্ধিলে। যোৱাবে নগৰৰ অৱশিষ্ট ঠাইবোৰ মেৰামত কৰিলে। BSB BSB: He built up the city around it, from the supporting terraces to the surrounding wall, while Joab restored the rest of the city.
9 ULB দায়ূদ মহানৰ পৰা মহান হ’ল, কাৰণ যিহোৱা, বাহিনীসকলৰ ঈশ্ৱৰ তেওঁৰ লগত আছিল। BSB BSB: And David became greater and greater, for the LORD of Hosts was with him.
10 ULB ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখোৱালে। BSB BSB: Now these were the chiefs of David’s mighty men, who, together with all Israel, bolstered and strengthened his kingdom, according to the word of the LORD concerning Israel.
11 ULB এই খন এখন দায়ুদৰ শ্রেষ্ঠ সৈন্যসকলৰ তালিকা: হকমোনীয়াৰ পুত্ৰ যাচবিয়াম, তেওঁ ত্ৰিশ জনৰ ওপৰত প্ৰধান সেনাপতি আছিল, তেওঁ তিনি শ লোকৰ বিৰুদ্ধে যাঠীৰে তেওঁলোকক একে সময়তে বধ কৰিলে। BSB BSB: This is the list of David’s mighty men: Jashobeam son of Hachmoni was chief of the officers; he wielded his spear against three hundred men, whom he killed at one time.
12 ULB তেওঁৰ পাছত অহোহীয়া দোদোৰ পুত্ৰ ইলিয়াজ, তেওঁ আছিল তিনিজন পৰাক্ৰমী পুৰুষৰ মাজৰ এজন। BSB BSB: Next in command was Eleazar son of Dodo the Ahohite, one of the three mighty men.
13 ULB তেওঁ পচদম্মীমত দায়ুদৰ লগত আছিল। যি ঠাই ডোখৰত যৱ ধান গুড়ি কৰিছিল, সেই পথাৰ খনত যুদ্ধৰ বাবে ফিলিষ্টীয়া সকলে গোট খালে; আৰু তাত ফিলিষ্টীয়াসকলৰ সন্মূখৰ পৰা সৈন্যসকল পলাইছিল। BSB BSB: He was with David at Pas-dammim when the Philistines gathered there for battle. At a place with a field full of barley, the troops fled from the Philistines.
14 ULB তেওঁলোকে পাছত সেই পথাৰৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু ফিলিষ্টীসকলক তৰোৱালেৰে আঘাত কৰিলে। যিহোৱাই মহাজয়েৰে তেওঁলোকক উদ্ধাৰ কৰিলে। BSB BSB: But Eleazar and David stationed themselves in the middle of the field and defended it. They struck down the Philistines, and the LORD brought about a great victory.
15 ULB ত্ৰিশ জন প্ৰধান লোকৰ মাজৰ তিনিজন লোক শিলটোলৈ অৰ্থাৎ দায়ূদ থকা অদুল্লম গুহাৰ ওচৰলৈ নামি গ’ল। তেতিয়া ফিলিষ্টীসকলৰ সৈন্যসকলে ৰফায়ীমৰ উপত্যকাত ছাউনি পাতি আছিল। BSB BSB: Three of the thirty chief men went down to David, to the rock at the cave of Adullam, while a company of Philistines was encamped in the Valley of Rephaim.
16 ULB সেই সময়ত দায়ূদ তেওঁৰ দুৰ্গৰ এটা গুহাত আছিল, তেতিয়া বৈৎলেহমত ফিলিষ্টীয়াসকলৰ সৈন্যদল প্ৰতিষ্ঠিত আছিল। BSB BSB: At that time David was in the stronghold, and the garrison of the Philistines was at Bethlehem.
17 ULB দায়ূদে পানীৰ বাবে হেঁপাহ কৰি ক’লে, “যদি কোনো এজন লোক বৈৎলেহমৰ দুৱাৰৰ ওচৰত থকা নাদৰ পৰা মোক খাবলৈ পানী আনি দিলেহেঁতেন!” BSB BSB: David longed for water and said, “Oh, that someone would get me a drink of water from the well near the gate of Bethlehem!”
18 ULB তাতিয়া সেই তিনি জন পৰাক্ৰমী পুৰুষে ফিলিষ্টীয়াসকলৰ সৈন্যদল ভেদ কৰি বৈৎলেহমৰ দুৱাৰৰ ওচৰত থকা নাদৰ কাষলৈ গ’ল, আৰু তাৰ পৰা পানী তুলি লৈ দায়ূদৰ ওচৰলৈ আহিল। কিন্তু দায়ূদে তাক পান কৰিবলৈ ইচ্ছা নকৰি যিহোৱাৰ উদ্দেশ্যে ঢালি দিলে। BSB BSB: So the Three broke through the Philistine camp, drew water from the well at the gate of Bethlehem, and brought it back to David. But he refused to drink it; instead, he poured it out to the LORD,
19 ULB তেতিয়া তেওঁ ক’লে, “নিশ্চয়ে এয়া মই পান কৰিম নে, এনে কৰ্ম যিহোৱাই মোৰ পৰা নিষেধ কৰক; কিয়নো নিজৰ যে মই নিশ্চয়ে এইটো পান কৰিব লাগে। নিজৰ প্ৰাণৰ ক্ষতি স্বীকাৰ কৰা এই মানুহ কেইজনৰ তেজ মই পান কৰিম নে?” কাৰণ তেওঁলোকে প্ৰাণৰ ক্ষতি স্বীকাৰ কৰি এই পানী তুলি আনি দিছিল। সেয়েহে তেওঁ তাক পান কৰিবলৈ অস্বীকাৰ কৰিলে। এই কৰ্ম সেই তিনি জন পৰাক্ৰমী পুৰুষে কৰিছিল। BSB BSB: saying, “Far be it from me, my God, to do this! How can I drink the blood of these men who risked their lives?” Because they had brought it at the risk of their lives, David refused to drink it. Such were the exploits of the three mighty men.
20 ULB এই তিনি জনৰ মাজত যোৱাবৰ ভায়েক অবীচয় প্ৰধান আছিল; তেওঁ তিনি শ লোকৰ বিৰুদ্ধে গৈ নিজৰ যাঠীৰে সিহতক বধ কৰিছিল, সেয়েহে তিনি জন সৈনিকৰ মাজত তেওঁৰ নাম বাৰে বাৰে ঊল্লেখিত হৈছিল। BSB BSB: Now Abishai, the brother of Joab, was chief of the Three, and he wielded his spear against three hundred men, killed them, and won a name along with the Three.
21 ULB সেই তিনি জনৰ মাজত তেওঁ অধিক মৰ্য্যদাৱন্ত আছিল আৰু তেওঁলোকৰ প্ৰধান সেনাপতি হৈছিল। তথাপি তেওঁ সেই তিনি জন বিখ্যাত সৈনিকৰ সমান বিখ্যাত হোৱা নাছিল। BSB BSB: He was doubly honored above the Three, and he became their commander, even though he was not included among the Three.
22 ULB যিহোয়াদাৰ পুত্ৰ বনায়া এজন বীৰপুৰুষ আছিল, তেওঁ মহৎ কাৰ্য কৰিছিল। তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুত্রক বধ কৰিছিল। তেওঁ হিম পৰাৰ সময়ত গাঁতৰ ভিতৰলৈ গৈ এটা সিংহকো বধ কৰিছিল। BSB BSB: And Benaiah son of Jehoiada was a man of valor from Kabzeel, a man of many exploits. He struck down two champions of Moab, and on a snowy day he went down into a pit and killed a lion.
23 ULB ইয়াৰ বাহিৰে তেওঁ পাঁচ হাত ওখ এজন মিচৰীয়াকো বধ কৰিছিল। সেই মিচৰীয়াৰ হাতত তাঁতৰ টোলোঠাৰ সমান এপাত যাঠী আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ ওচৰলৈ নামি গৈছিল আৰু তাৰ হাতৰ পৰা যাঠী পাত কাঢ়ি লৈ, তাৰ যাঠীৰে তাক বধ কৰিছিল। BSB BSB: He also struck down an Egyptian, a huge man five cubits tall. Although the Egyptian had a spear like a weaver’s beam in his hand, Benaiah went against him with a club, snatched the spear from his hand, and killed the Egyptian with his own spear.
24 ULB যিহোয়াদাৰ পুত্ৰ বনায়াই এইবোৰ কাৰ্য্য কৰিছিল, আৰু তেওঁ সেই তিনি জন পৰাক্ৰমী পুৰুষৰ মাজত নাম পাইছিল। BSB BSB: These were the exploits of Benaiah son of Jehoiada, who won a name along with the three mighty men.
25 ULB তেওঁ ত্ৰিশ জন সাধাৰণ সৈনিকৰ মাজত অধিক মৰ্য্যদা পাইছিল, তথাপি তেওঁ সেই তিনি জন সৈনিকৰ সমান মৰ্যদ্যা পোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ অঙ্গ-ৰক্ষকসকলৰ ওপৰত অধ্যক্ষ পাতিছিল। BSB BSB: He was most honored among the Thirty, but he did not become one of the Three. And David appointed him over his guard.
26 ULB পৰাক্ৰমী বীৰপুৰুষসকলৰ নাম: যোৱাবৰ ভায়েক অচাহেল, বেৎলেহমৰ দোদোৰ পুত্ৰ ইলহানন, BSB BSB: Now these were the mighty men: Asahel the brother of Joab, Elhanan son of Dodo of Bethlehem,
27 ULB হৰোৰীয়া চম্মো, পলোনীয়া হেলচ, BSB BSB: Shammoth the Harorite, Helez the Pelonite,
28 ULB তকোৱায়ীয়া ইক্কেচৰ পুত্ৰ ঈৰা, অনাথোতীয়া অবীয়েজৰ, BSB BSB: Ira son of Ikkesh the Tekoite, Abiezer the Anathothite,
29 ULB হুচাতীয়া চিব্বখয়, অহোহীয়া ঈলয়, BSB BSB: Sibbecai the Hushathite, Ilai the Ahohite,
30 ULB নটোফাতীয়া মহৰয়, নটোফাতীয়া বানাৰ পুত্ৰ হেলদ, BSB BSB: Maharai the Netophathite, Heled son of Baanah the Netophathite,
31 ULB বিন্যামীনৰ বংশৰ গিবিয়াৰ ৰীবয়ৰ পুত্ৰ ইথয়, পিৰাথোনীয়া বনায়া, BSB BSB: Ithai son of Ribai from Gibeah of the Benjamites, Benaiah the Pirathonite,
32 ULB গাচ উপত্যকাৰ হূৰয়, অৰ্বাতীয়া অবীয়েল, BSB BSB: Hurai from the brooks of Gaash, Abiel the Arbathite,
33 ULB বহৰূমীয়া অজমাব, চালবোনীয়া ইলিয়হবা, BSB BSB: Azmaveth the Baharumite, Eliahba the Shaalbonite,
34 ULB গিজোনীয়া হাচেমৰ পুত্ৰসকল, হৰাৰীয়া চাগিৰ পুত্ৰ যোনাথন, BSB BSB: the sons of Hashem the Gizonite, Jonathan son of Shagee the Hararite,
35 ULB হৰাৰীয়া চাখৰৰ পুত্ৰ অহীয়াম, ঊৰৰ পুত্ৰ ইলীফাল, BSB BSB: Ahiam son of Sachar the Hararite, Eliphal son of Ur,
36 ULB মখেৰাতীয়া হেফৰ, পলোনীয়া অহিয়া, BSB BSB: Hepher the Mecherathite, Ahijah the Pelonite,
37 ULB কৰ্মিলীয়া হিষ্ৰো, ইজবয়ৰ পুত্ৰ নাৰয়, BSB BSB: Hezro the Carmelite, Naarai son of Ezbai,
38 ULB নাথনৰ ভায়েক যোৱেল, হগ্ৰীৰ পুত্ৰ মিভৰ, BSB BSB: Joel the brother of Nathan, Mibhar son of Hagri,
39 ULB অম্মোনীয়া চেলক, চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহক বেৰোতীয়া নহৰয়, BSB BSB: Zelek the Ammonite, Naharai the Beerothite, the armor-bearer of Joab son of Zeruiah,
40 ULB যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব, BSB BSB: Ira the Ithrite, Gareb the Ithrite,
41 ULB হিত্তীয়া ঊৰিয়া, অহলয়ৰ পুত্ৰ জাবদ, BSB BSB: Uriah the Hittite, Zabad son of Ahlai,
42 ULB ৰূবেণীয়া চীজাৰ পুত্ৰ ৰূবেণীয়াসকলৰ সেনাপতি অদীনা, আৰু তেওঁৰ লগত ত্ৰিশ জন লোক, BSB BSB: Adina son of Shiza the Reubenite, chief of the Reubenites, and the thirty with him,
43 ULB মাখাৰ পুত্ৰ হানন আৰু মিত্নীয়া যোচাফট, BSB BSB: Hanan son of Maacah, Joshaphat the Mithnite,
44 ULB অষ্টাৰোতীয়া উজ্জিয়া, অৰোয়েৰীয়া হোথমৰ দুজন পুত্ৰ চামা আৰু যিয়ীয়েল, BSB BSB: Uzzia the Ashterathite, Shama and Jeiel the sons of Hotham the Aroerite,
45 ULB চিম্ৰীৰ পুত্ৰ যিদীয়েল, আৰু তেওঁৰ ভায়েক তীচীয়া যোহা, BSB BSB: Jediael son of Shimri and his brother Joha the Tizite,
46 ULB মহবীয়া ইলীয়েল, ইলনামৰ দুজন পুত্ৰ যিৰীবয় আৰু যোচবিয়া, আৰু মোৱাবীয়া যিথমা; BSB BSB: Eliel the Mahavite, Jeribai and Joshaviah, the sons of Elnaam, Ithmah the Moabite,
47 ULB ইলীয়েল, ওবেদ, আৰু মচোবায়ীয়া যাচীয়েল। BSB BSB: Eliel, Obed, and Jaasiel the Mezobaite.
Select verses for actions: Enter goes to them and Escape comes back.