3 ULB দায়ূদে যি ঠাই যুগুত কৰিছিল, সেই ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে তেওঁ ইস্ৰায়েলৰ সকলো লোকক যিৰূচালেমত গোট খোৱালে। BSB BSB: And David assembled all Israel in Jerusalem to bring up the ark of the LORD to the place he had prepared for it.
4 ULB দায়ূদে হাৰোণৰ বংশধৰসকলক আৰু লেবীয়াসকলক এক গোট কৰিলে। BSB BSB: Then he gathered together the descendants of Aaron and the Levites:
5 ULB কহাতৰ বংশধৰসকলৰ মাজৰ মূখ্য লোক ঊৰীয়েল, আৰু তেওঁৰ সম্ৱন্ধীয়সকল এশ বিশ জন আছিল। BSB BSB: From the Kohathites, Uriel the chief and 120 of his relatives;
6 ULB মৰাৰীৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অচায়া, আৰু তেওঁৰ সম্ৱন্ধীয়সকল দুশ বিশ জন আছিল। BSB BSB: from the Merarites, Asaiah the chief and 220 of his relatives;
7 ULB গেৰ্চোমৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক যোৱেল, আৰু তেওঁৰ সম্ৱন্ধীয়সকল এশ ত্ৰিশ জন আছিল। BSB BSB: from the Gershomites, Joel the chief and 130 of his relatives;
8 ULB ইলীচাফনৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক চময়িয়া, আৰু তেওঁৰ সম্ৱন্ধীয়সকল দুশ জন আছিল। BSB BSB: from the Elizaphanites, Shemaiah the chief and 200 of his relatives;
9 ULB হিব্ৰোণৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক ইলীয়েল, আৰু তেওঁৰ সম্ৱন্ধীয়সকল আশী জন আছিল। BSB BSB: from the Hebronites, Eliel the chief and 80 of his relatives;
10 ULB উজ্জীয়েলৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অম্মীনাদব, আৰু তেওঁৰ সম্ৱন্ধীয়সকল এশ বাৰ জন আছিল। BSB BSB: and from the Uzzielites, Amminadab the chief and 112 of his relatives.
11 ULB দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে। BSB BSB: David summoned the priests Zadok and Abiathar and the Levites Uriel, Asaiah, Joel, Shemaiah, Eliel, and Amminadab.
12 ULB তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছো, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰো, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্র কৰা। BSB BSB: And he said to them, “You are the heads of the Levitical families. You and your relatives must consecrate yourselves so that you may bring the ark of the LORD, the God of Israel, to the place I have prepared for it.
14 ULB সেয়ে পুৰোহিত আৰু লেবীয়াসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে নিজকে পবিত্ৰ কৰিলে। BSB BSB: So the priests and Levites consecrated themselves to bring up the ark of the LORD, the God of Israel.
15 ULB যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে। BSB BSB: And the Levites carried the ark of God on their shoulders with the poles, as Moses had commanded in accordance with the word of the LORD.
16 ULB দায়ূদে লেবীয়াসকলৰ মুখ্য লোকসকলক ক’লে, যে, তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্রৰ সৈতে নেবল, বীণা, আৰু তাল বজাই মহা-ধ্বনি কৰি আৰু আনন্দেৰে উচ্ছ-স্ৱৰে গীত-গান কৰিবলৈ নিযুক্ত কৰক। BSB BSB: David also told the leaders of the Levites to appoint their relatives as singers to lift up their voices with joy, accompanied by musical instruments—harps, lyres, and cymbals.
17 ULB সেয়ে লেবীয়াসকলে যোৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন, বেৰেখিয়াৰ পুত্ৰ আচফক, তেওঁলোক মৰাৰীৰ বংশধৰৰ সম্ৱন্ধীয় আৰু কুচায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল। BSB BSB: So the Levites appointed Heman son of Joel; from his brothers, Asaph son of Berechiah; from their brothers the Merarites, Ethan son of Kushaiah;
18 ULB তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্ৱন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে। BSB BSB: and with them their brothers next in rank: Zechariah, Jaaziel, Shemiramoth, Jehiel, Unni, Eliab, Benaiah, Maaseiah, Mattithiah, Eliphelehu, Mikneiah, and the gatekeepers Obed-edom and Jeiel.
19 ULB বাদ্যকৰ হেমন, আচফ, আৰু এথনক পিতলৰ তালেৰে মহা-ধ্বনি কৰিবলৈ নিযুক্ত কৰিছিল, BSB BSB: The musicians Heman, Asaph, and Ethan were to sound the bronze cymbals.
20 ULB জখৰিয়া, অজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, মাচেয়া, আৰু বনায়া, এওঁলোকক অলামোৎ সুৰত বেহেলা বজাবলৈ, BSB BSB: Zechariah, Aziel, Shemiramoth, Jehiel, Unni, Eliab, Maaseiah, and Benaiah were to play the harps according to Alamoth.
21 ULB মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম, যিয়ীয়েল, আৰু অজজীয়াক চিমিনীৎ সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ’বলৈ নিযুক্ত কৰা হ’ল। BSB BSB: And Mattithiah, Eliphelehu, Mikneiah, Obed-edom, Jeiel, and Azaziah were to lead the music with lyres according to Sheminith.
22 ULB লেবীয়াসকলৰ মাজত কননিয়া মুখ্য গায়ক আছিল, তেওঁ গীত পৰিচালনা কৰিছিল, কাৰণ তেওঁ নিপুণ আছিল। BSB BSB: Chenaniah the head Levite was the director of the music because he was highly skilled.
23 ULB বেৰেখিয়া আৰু ইলকানা নিয়ম-চন্দুকৰ ৰখীয়া আছিল। BSB BSB: Berechiah and Elkanah were to be guardians of the ark.
24 ULB চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল। BSB BSB: Shebaniah, Joshaphat, Nethanel, Amasai, Zechariah, Benaiah, and Eliezer—the priests—were to blow the trumpets before the ark of God. Obed-edom and Jehiah were also to be guardians of the ark.
25 ULB সেয়ে দায়ূদ, ইস্ৰায়েলৰ বৃদ্ধসকল, আৰু সহস্ৰপতিসকলে আনন্দ কৰি কৰি, ওবেদ-ইদোমৰ ঘৰৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবলৈ গ’ল। BSB BSB: So David, the elders of Israel, and the commanders of thousands went with rejoicing to bring the ark of the covenant of the LORD from the house of Obed-edom.
26 ULB যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল। BSB BSB: And because God helped the Levites who were carrying the ark of the covenant of the LORD, they sacrificed seven bulls and seven rams.
27 ULB দায়ূদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল। BSB BSB: Now David was dressed in a robe of fine linen, as were all the Levites who were carrying the ark, as well as the singers and Chenaniah, the director of music for the singers. David also wore a linen ephod.
28 ULB এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল। BSB BSB: So all Israel brought up the ark of the covenant of the LORD with shouting, with the sounding of rams’ horns and trumpets, and with cymbals and the music of harps and lyres.
29 ULB কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকীয়েদি চাই দেখিলে যে, দায়ূদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে। BSB BSB: As the ark of the covenant of the LORD was entering the City of David, Saul’s daughter Michal looked down from a window and saw King David dancing and celebrating, and she despised him in her heart.
Select verses for actions: Enter goes to them and Escape comes back.