1 ULB মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা আমন্ত্রিত খ্ৰীষ্ট যীচুৰ পাঁচনি, আৰু আমাৰ ভাই চোন্থিনি- BSB BSB: Paul, called to be an apostle of Christ Jesus by the will of God, and our brother Sosthenes,
2 ULB এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হ’বলৈ আমন্ত্রণ কৰিলে, তেখেতসকলৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেখেতসকলৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ। BSB BSB: To the church of God in Corinth, to those sanctified in Christ Jesus and called to be holy, together with all those everywhere who call on the name of our Lord Jesus Christ, their Lord and ours:
3 ULB আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। BSB BSB: Grace and peace to you from God our Father and the Lord Jesus Christ.
4 ULB খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ। BSB BSB: I always thank my God for you because of the grace He has given you in Christ Jesus.
5 ULB আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত তেওঁৰ সৈতে সকলো বাক্যত আৰু জ্ঞানত উপচি পৰিছে। BSB BSB: For in Him you have been enriched in every way, in all speech and all knowledge,
6 ULB তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰেই আপোনালোকৰ মাজত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈ আছে। BSB BSB: because our testimony about Christ was confirmed in you.
7 ULB সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে। BSB BSB: Therefore you do not lack any spiritual gift as you eagerly await the revelation of our Lord Jesus Christ.
8 ULB তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নির্দোষী, হৈ থাকিব। BSB BSB: He will sustain you to the end, so that you will be blameless on the day of our Lord Jesus Christ.
9 ULB ঈশ্বৰ বিশ্বাসযোগ্য; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে। BSB BSB: God, who has called you into fellowship with His Son Jesus Christ our Lord, is faithful.
11 ULB মোৰ ভাইসকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে। BSB BSB: My brothers, some from Chloe’s household have informed me that there are quarrels among you.
12 ULB এতিয়া মই এই কথা ক’বলৈ বিচাৰিছোঁ যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ” বা “মই খ্রীষ্টৰ দলৰ”। BSB BSB: What I mean is this: Individuals among you are saying, “I follow Paul,” “I follow Apollos,” “I follow Cephas,” or “I follow Christ.”
13 ULB তেনেহলে এইদৰে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল? BSB BSB: Is Christ divided? Was Paul crucified for you? Were you baptized into the name of Paul?
14 ULB মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে ক্রীষ্প আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই। BSB BSB: I thank God that I did not baptize any of you except Crispus and Gaius,
15 ULB গতিকে কোনেও ক’ব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে। BSB BSB: so no one can say that you were baptized into my name.
16 ULB অৱশ্যে হয়, ষ্টিফেনৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছোঁ। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে। BSB BSB: Yes, I also baptized the household of Stephanas; beyond that I do not remember if I baptized anyone else.
17 ULB কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্রুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই। BSB BSB: For Christ did not send me to baptize, but to preach the gospel, not with words of wisdom, lest the cross of Christ be emptied of its power.
19 ULB কাৰণ এইদৰে লিখা আছে: “মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম; মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম” BSB BSB: For it is written: “I will destroy the wisdom of the wise; the intelligence of the intelligent I will frustrate.”
21 ULB সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জানিলে যে, জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে; তেতিয়া প্রচাৰৰ মূর্খতাক যি সকলে বিশ্বাস কৰে, সেই সকলক ৰক্ষা কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল। BSB BSB: For since in the wisdom of God the world through its wisdom did not know Him, God was pleased through the foolishness of what was preached to save those who believe.
22 ULB ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে। BSB BSB: Jews demand signs and Greeks search for wisdom,
24 ULB কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, সেই সকলো আমন্ত্রিত লোকৰ বাবে খ্রীষ্ট ঈশ্বৰৰ শক্তি আৰু জ্ঞান। BSB BSB: but to those who are called, both Jews and Greeks, Christ the power of God and the wisdom of God.
25 ULB কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী। BSB BSB: For the foolishness of God is wiser than man’s wisdom, and the weakness of God is stronger than man’s strength.
26 ULB হে ভাইসকল, ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে, সেই বিষয়ে অলপ ভাৱি চাওক। মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল, এনে নহয়; ক্ষমতাসম্পন্ন ব্যক্তিও যে আছিল, এনে নহয় নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল, তেনেও নহয়। BSB BSB: Brothers, consider the time of your calling: Not many of you were wise by human standards; not many were powerful; not many were of noble birth.
27 ULB কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে। BSB BSB: But God chose the foolish things of the world to shame the wise; God chose the weak things of the world to shame the strong.
28 ULB জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে, জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে। BSB BSB: He chose the lowly and despised things of the world, and the things that are not, to nullify the things that are,
29 ULB ঈশ্বৰে এই কাম কৰিলে যাতে, কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে। BSB BSB: so that no one may boast in His presence.
30 ULB কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি। BSB BSB: It is because of Him that you are in Christ Jesus, who has become for us wisdom from God: our righteousness, holiness, and redemption.
31 ULB সেয়েহে শাস্ত্রত লিখা আছে, “যি জনে গর্ব কৰে, তেওঁ প্রভুতেই গর্ব কৰক।” BSB BSB: Therefore, as it is written: “Let him who boasts boast in the Lord.”
Select verses for actions: Enter goes to them and Escape comes back.