1 ULB পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব। BSB BSB: Now about the collection for the saints, you are to do as I directed the churches of Galatia:
2 ULB সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷ BSB BSB: On the first day of every week, each of you should set aside a portion of his income, saving it up, so that when I come no collections will be needed.
3 ULB এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷ BSB BSB: Then, on my arrival, I will send letters with those you recommend to carry your gift to Jerusalem.
4 ULB যদি ময়ো যাওঁ, তেনেহলে তেওঁলোকো মোৰ লগতে যাব। BSB BSB: And if it is advisable for me to go also, they can travel with me.
5 ULB কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ, (মাকিদনিয়াৰ মাজেদি) যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম। BSB BSB: After I go through Macedonia, however, I will come to you; for I will be going through Macedonia.
6 ULB আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যৱস্থা কৰি দিব পাৰিব৷ BSB BSB: Perhaps I will stay with you awhile, or even spend the winter, so that you can help me on my journey, wherever I go.
7 ULB এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ। BSB BSB: For I do not want to see you now only in passing; I hope to spend some time with you, if the Lord permits.
8 ULB কিন্তু পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম; BSB BSB: But I will stay in Ephesus until Pentecost,
9 ULB কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে। BSB BSB: because a great door for effective work has opened to me, even though many oppose me.
10 ULB এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়জ্ঞান নকৰে৷ BSB BSB: If Timothy comes, see to it that he has nothing to fear while he is with you, for he is doing the work of the Lord, just as I am.
11 ULB কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁক ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ। BSB BSB: No one, then, should treat him with contempt. Send him on his way in peace so that he can return to me, for I am expecting him along with the brothers.
12 ULB এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব। BSB BSB: Now about our brother Apollos: I strongly urged him to go to you with the brothers. He was not at all inclined to go now, but he will go when he has the opportunity.
13 ULB আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষসকলৰ দৰে শক্তিমন্ত হওক। BSB BSB: Be on the alert. Stand firm in the faith. Be men of courage. Be strong.
14 ULB আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক। BSB BSB: Do everything in love.
15 ULB হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, (স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;) BSB BSB: You know that Stephanas and his household were the first converts in Achaia, and they have devoted themselves to the service of the saints. Now I urge you, brothers,
16 ULB আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক। BSB BSB: to submit to such as these, and to every fellow worker and laborer.
17 ULB আমি সকলো আনন্দিত হৈছো, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ আহোতে, আপোনালোক নথকা বাবে মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে। BSB BSB: I am glad that Stephanas, Fortunatus, and Achaicus have arrived, because they have supplied what was lacking from you.
18 ULB কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকৰ চিনাকি দিবলৈ নাপাহৰিব। BSB BSB: For they refreshed my spirit and yours as well. Show your appreciation, therefore, to such men.
20 ULB সকলো ভাইসকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷ BSB BSB: All the brothers here send you greetings. Greet one another with a holy kiss.
21 ULB মই পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷ BSB BSB: This greeting is in my own hand—Paul.
22 ULB কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷ BSB BSB: If anyone does not love the Lord, let him be under a curse. Come, O Lord!
23 ULB প্ৰভু যীচুৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক। BSB BSB: The grace of the Lord Jesus be with you.
24 ULB খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন। BSB BSB: My love be with all of you in Christ Jesus. Amen.
Select verses for actions: Enter goes to them and Escape comes back.