1 ULB সেই সময়ত যাৰবিয়ামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল। BSB BSB: At that time Abijah son of Jeroboam became ill,
2 ULB তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে। BSB BSB: and Jeroboam said to his wife, “Now get up, disguise yourself so they will not recognize you as my wife, and go to Shiloh. For Ahijah the prophet is there; it was he who spoke about my kingship over this people.
3 ULB তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।” BSB BSB: Take with you ten loaves of bread, some cakes, and a jar of honey, and go to him. He will tell you what will become of the boy.”
4 ULB তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকাঅহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল। BSB BSB: Jeroboam’s wife did as instructed; she arose and went to Shiloh and arrived at Ahijah’s house. Now Ahijah could not see, for his eyes were dim because of his age.
5 ULB তেতিয়া যিহোৱাই অহীয়াক ক’লে, “চোৱা, যাৰবিয়ামৰ পত্নীয়ে নিজৰ ল’ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল’ৰাটি বেমাৰত পৰিছে; তুমি তাইক অমোক তমোকৰ কথা কবা; কাৰণ তাই যেতিয়া আহিব, তেতিয়া আন মহিলাৰ বেশ ধৰিব।” BSB BSB: But the LORD had said to Ahijah, “Behold, the wife of Jeroboam is coming to ask you about her son, for he is ill. You are to say such and such to her, because when she arrives, she will be disguised.”
6 ULB পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে, অহীয়াই তাইৰ ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক’লে, “হে যাৰবিয়ামৰ পত্নী, ভিতৰলৈ আহাঁ৷ তুমি কিয় আন মহিলাৰ বেশ ধৰিছা? তোমাক অশুভ কথা ক’বলৈ মই আজ্ঞা পালোঁ। BSB BSB: So when Ahijah heard the sound of her feet entering the door, he said, “Come in, wife of Jeroboam! Why are you disguised? For I have been sent to you with bad news.
7 ULB তুমি গৈ যাৰবিয়ামক কোৱাগৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ৷ BSB BSB: Go, tell Jeroboam that this is what the LORD, the God of Israel, says: ‘I raised you up from among the people and appointed you ruler over My people Israel.
8 ULB মই দায়ুদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ; তথাপি মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল, তুমি তেওঁৰ দৰে হবলৈ নোৱাৰিলা৷ BSB BSB: I tore the kingdom away from the house of David and gave it to you. But you have not been like My servant David, who kept My commandments and followed Me with all his heart, doing only what was right in My eyes.
9 ULB কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেবতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা। BSB BSB: You have done more evil than all who came before you. You have proceeded to make for yourself other gods and molten images to provoke Me, and you have flung Me behind your back.
10 ULB এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷ BSB BSB: Because of all this, behold, I am bringing disaster on the house of Jeroboam: I will cut off from Jeroboam every male, both slave and free, in Israel; I will burn up the house of Jeroboam as one burns up dung until it is gone!
11 ULB তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো। BSB BSB: Anyone belonging to Jeroboam who dies in the city will be eaten by dogs, and anyone who dies in the field will be eaten by the birds of the air.’ For the LORD has spoken.
12 ULB এই হেতুকে, হে যাৰবিয়ামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়াই নগৰত ভৰি দিবা, তেতিয়াই অবিয়াৰ মৃত্যু হ’ব। BSB BSB: As for you, get up and go home. When your feet enter the city, the child will die.
13 ULB তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল। BSB BSB: All Israel will mourn for him and bury him. For this is the only one belonging to Jeroboam who will receive a proper burial, because only in him has the LORD, the God of Israel, found any good in the house of Jeroboam.
14 ULB তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়। BSB BSB: Moreover, the LORD will raise up for Himself a king over Israel who will cut off the house of Jeroboam. This is the day—yes, even today!
15 ULB কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷ BSB BSB: For the LORD will strike Israel as a reed is shaken in the water. He will uproot Israel from this good land that He gave their fathers, and He will scatter them beyond the Euphrates, because they have made their Asherah poles, provoking the LORD to anger.
16 ULB যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তানসকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।” BSB BSB: So He will give Israel over on account of the sins Jeroboam has committed and has caused Israel to commit.”
17 ULB পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল। BSB BSB: Then Jeroboam’s wife got up and departed for Tirzah, and as soon as she stepped over the threshold of the house, the boy died.
18 ULB তেতিয়া যিহোৱাই নিজৰ দাস অহীয়া ভাববাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইস্ৰায়েলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে। BSB BSB: And they buried him, and all Israel mourned for him, according to the word that the LORD had spoken through His servant Ahijah the prophet.
19 ULB যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে। BSB BSB: As for the rest of the acts of Jeroboam, how he waged war and how he reigned, they are indeed written in the Book of the Chronicles of the Kings of Israel.
20 ULB যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল। BSB BSB: And the length of Jeroboam’s reign was twenty-two years, and he rested with his fathers, and his son Nadab reigned in his place.
21 ULB সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিচ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো জনগোষ্ঠীৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰোচালেমত সোতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়না। BSB BSB: Meanwhile, Rehoboam son of Solomon reigned in Judah. He was forty-one years old when he became king, and he reigned seventeen years in Jerusalem, the city the LORD had chosen from all the tribes of Israel in which to put His Name. His mother’s name was Naamah the Ammonite.
22 ULB যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে। BSB BSB: And Judah did evil in the sight of the LORD, and by the sins they committed they provoked Him to jealous anger more than all their fathers had done.
23 ULB কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷ BSB BSB: They also built for themselves high places, sacred pillars, and Asherah poles on every high hill and under every green tree.
24 ULB সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে। BSB BSB: There were even male shrine prostitutes in the land. They imitated all the abominations of the nations the LORD had driven out before the Israelites.
26 ULB তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল। BSB BSB: He seized the treasures of the house of the LORD and of the royal palace. He took everything, including all the gold shields that Solomon had made.
27 ULB তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ-ৰখীয়া প্ৰহৰীবোৰৰ অধ্যয়ক্ষসকলৰ হাতত শোধাই দিলে। BSB BSB: Then King Rehoboam made bronze shields in their place and committed them to the care of the captains of the guard on duty at the entrance to the royal palace.
28 ULB তাতে যেতিয়াই ৰজাই যিহোৱাৰ গৃহত সোমাই প্ৰহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়; পাছত আকৌ পুনৰায় প্ৰহৰীৰ কোঁঠালিলৈ ঘূৰাই লৈ আহে। BSB BSB: And whenever the king entered the house of the LORD, the guards would bear the shields, and later they would return them to the guardroom.
29 ULB ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহুদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই? BSB BSB: As for the rest of the acts of Rehoboam, along with all that he did, are they not written in the Book of the Chronicles of the Kings of Judah?
30 ULB ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল। BSB BSB: There was war between Rehoboam and Jeroboam throughout their days.
31 ULB পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়না; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল। BSB BSB: And Rehoboam rested with his fathers and was buried with them in the City of David; his mother’s name was Naamah the Ammonite. And his son Abijam reigned in his place.
Select verses for actions: Enter goes to them and Escape comes back.