1 ULB মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, ময়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷ BSB BSB: As a fellow elder, a witness of Christ’s sufferings, and a partaker of the glory to be revealed, I appeal to the elders among you:
2 ULB গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছা অনুসাৰে কৰক। তেওঁলোকৰ যত্ন, অসৎ ধনৰ বাবে নকৰিব কিন্তু স্ৱ-ইচ্ছাৰে কৰক৷ BSB BSB: Be shepherds of God’s flock that is among you, watching over them not out of compulsion, but willingly, as God would have you; not out of greed, but out of eagerness;
3 ULB যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক; BSB BSB: not lording it over those entrusted to you, but being examples to the flock.
4 ULB যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হ’ব, তেতিয়া আপোনালোকে ঐশ্বৰ্যৰূপ অম্লান (অম্লান মহিমাময়) কিৰীটি পাব। BSB BSB: And when the Chief Shepherd appears, you will receive the crown of glory that will never fade away.
5 ULB সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে। BSB BSB: Young men, in the same way, submit yourselves to your elders. And all of you, clothe yourselves with humility toward one another, because, “God opposes the proud, but gives grace to the humble.”
6 ULB সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷ BSB BSB: Humble yourselves, therefore, under God’s mighty hand, so that in due time He may exalt you.
7 ULB আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে। BSB BSB: Cast all your anxiety on Him, because He cares for you.
8 ULB সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্রু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে। BSB BSB: Be sober-minded and alert. Your adversary the devil prowls around like a roaring lion, seeking someone to devour.
9 ULB তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্ৱাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷ BSB BSB: Resist him, standing firm in your faith and in the knowledge that your brothers throughout the world are undergoing the same kinds of suffering.
10 ULB আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব। BSB BSB: And after you have suffered for a little while, the God of all grace, who has called you to His eternal glory in Christ, will Himself restore you, secure you, strengthen you, and establish you.
11 ULB তেওঁৰ পৰাক্ৰম চিৰকাল হওক। আমেন। BSB BSB: To Him be the power forever and ever. Amen.
12 ULB মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক৷ BSB BSB: Through Silvanus, whom I regard as a faithful brother, I have written to you briefly, encouraging you and testifying that this is the true grace of God. Stand firm in it.
14 ULB প্ৰেমৰ চুমাৰে আপোনালোকে পৰস্পৰক মঙ্গলবাদ দিয়ক। খ্ৰীষ্টত যি সকল আছে, আপোনালোক সকলোৰে শান্তি হওক। BSB BSB: Greet one another with a kiss of love. Peace to all of you who are in Christ.
Select verses for actions: Enter goes to them and Escape comes back.