1 ULB হান্নাই প্ৰাৰ্থনা কৰি ক’লে, “মোৰ মনে যিহোৱাত আনন্দ কৰিছে; যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ। BSB BSB: At that time Hannah prayed: “My heart rejoices in the LORD; my horn is exalted in the LORD. My mouth speaks boldly against my enemies, for I rejoice in Your salvation.
2 ULB যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই। BSB BSB: There is no one holy like the LORD. Indeed, there is no one besides You! And there is no Rock like our God.
3 ULB তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক৷ কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়। BSB BSB: Do not boast so proudly, or let arrogance come from your mouth, for the LORD is a God who knows, and by Him actions are weighed.
4 ULB বীৰসকলৰ ধনু ভঙা হ’ল, উজুটি খোৱা সকলক বলৰূপ টঙালিৰে বন্ধা হ’ল। BSB BSB: The bows of the mighty are broken, but the feeble are equipped with strength.
5 ULB তৃপ্ত হোৱাসকলে আহাৰৰ ববে কাম কৰিব লগা হ’ল, ভোকত থকা সকলৰ খাদ্যৰ অভাৱ নহ’ল৷ সন্তানহীনাই সাতোটা সন্তান প্ৰসৱ কৰিলে, অধিক সন্তান থকা জনী নিশকতীয়া হৈ গ’ল৷ BSB BSB: The well-fed hire themselves out for food, but the starving hunger no more. The barren woman gives birth to seven, but she who has many sons pines away.
6 ULB যিহোৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিয়োললৈ নমায় আৰু পুনৰায় তোলে৷ BSB BSB: The LORD brings death and gives life; He brings down to Sheol and raises up.
7 ULB যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷ BSB BSB: The LORD sends poverty and wealth; He humbles and He exalts.
8 ULB তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপি জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে। BSB BSB: He raises the poor from the dust and lifts the needy from the ash heap. He seats them among princes and bestows on them a throne of honor. For the foundations of the earth are the LORD’s, and upon them He has set the world.
9 ULB তেওঁৰ বিশ্ৱস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব। BSB BSB: He guards the steps of His faithful ones, but the wicked perish in darkness; for by his own strength shall no man prevail.
10 ULB যিহোৱাৰ সৈতে প্ৰতিবাদ কৰা সকলক খণ্ড খণ্ড কৰা হ’ব, তেওঁ স্বৰ্গৰ পৰা সিহঁতৰ বিৰুদ্ধে বজ্ৰধ্ৱনি কৰিব। যিহোৱাই পৃথিৱীৰ অন্তলৈকে বিচাৰ কৰিব, তেৱেঁই তেওঁৰ ৰজাক বল দিব, আৰু নিজ অভিষিক্ত জনক উচ্চ-স্থানলৈ নিব।” BSB BSB: Those who oppose the LORD will be shattered. He will thunder from heaven against them. The LORD will judge the ends of the earth and will give power to His king. He will exalt the horn of His anointed.”
11 ULB তাৰ পাছত ইলকানা নিজৰ ঘৰ ৰামালৈ গ’ল৷ কিন্তু তেওঁৰ সন্তান চমূৱেলে এলী পুৰোহিতৰ সাক্ষাতে যিহোৱাৰ পৰিচৰ্য্যা কৰিবলৈ ধৰিলে। BSB BSB: Then Elkanah went home to Ramah, but the boy began ministering to the LORD before Eli the priest.
12 ULB এলীৰ পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল। BSB BSB: Now the sons of Eli were wicked men; they had no regard for the LORD
13 ULB এইদৰে পুৰোহিতসকলে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, কোনো মানুহে যেতিয়া বলিদান কৰে, তেতিয়া মঙহ সিজাওঁতে, পুৰোহিতৰ দাসে এডাল ত্ৰিশূল হাতত লৈ আহে; BSB BSB: or for the custom of the priests with the people. When any man offered a sacrifice, the servant of the priest would come with a three-pronged meat fork while the meat was boiling
14 ULB আৰু লোহাৰ পাত্ৰত, বা কেৰাহীত, বা কেটলিত, খোঁচ মাৰি দিয়ে, তাতে সেই ত্ৰিশূলত যিবোৰ মঙহ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই ত্ৰিশূল ডালেৰে সৈতে লৈ যায়। ইস্ৰায়েলৰ যিমান লোক চীলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে। BSB BSB: and plunge it into the pan or kettle or cauldron or cooking pot. And the priest would claim for himself whatever the meat fork brought up. This is how they treated all the Israelites who came to Shiloh.
15 ULB তাৰ পৰিবৰ্তে তেল পোৰাৰ পূৰ্বে, পুৰোহিতৰ দাস আহি বলিদান দিয়া জনক কয়, “পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙহ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙহ নলয়, কিন্তু কেঁচা মঙহহে ল’ব।” BSB BSB: Even before the fat was burned, the servant of the priest would come and say to the man who was sacrificing, “Give the priest some meat to roast, because he will not accept boiled meat from you, but only raw.”
16 ULB কিন্তু মানুহজনে যদি তেওঁক কয়, “প্ৰথমে তেলখিনি পোৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল’ব”, তেতিয়া তেওঁ কয়, “নহয় এতিয়াই মোক দে, নিদিলে, বলেৰে লম।” BSB BSB: And if any man said to him, “The fat must be burned first; then you may take whatever you want,” the servant would reply, “No, you must give it to me right now. If you refuse, I will take it by force!”
17 ULB সেয়েহে যিহোৱাৰ দৃ্ষ্টিত সেই ডেকাসকলৰ পাপ অতিশয় বৃদ্ধি হ’ল, কিয়নো সেই ডেকাসকলে যিহোৱাৰ নৈবেদ্য হেয়জ্ঞান কৰিছিল। BSB BSB: Thus the sin of these young men was severe in the sight of the LORD, for they were treating the LORD’s offering with contempt.
18 ULB সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল; BSB BSB: Now Samuel was ministering before the LORD—a boy wearing a linen ephod.
19 ULB তাৰ ওপৰিও তেওঁৰ মাকে তেওঁৰ কাৰণে সৰু পোছাক যুগুত কৰি তেওঁৰ স্বামীৰ লগত বছেৰেকীয়া বলিদান উৎসৰ্গ কৰিবলৈ অহাৰ সময়ত প্ৰতি বছৰে তেওঁক দিছিল। BSB BSB: Each year his mother would make him a little robe and bring it to him when she went with her husband to offer the annual sacrifice.
20 ULB এলীয়ে ইলকানাক আৰু তেওঁৰ ভাৰ্যাকো আশীৰ্ব্বাদ কৰি ক’লে, “যিহোৱাৰ অনুগ্ৰহত পোৱা সন্তানটিক যিহোৱালৈ উৎসৰ্গ কৰাৰ বাবে এই সন্তানৰ সলনি যিহোৱাই তোমাক এই ভাৰ্যাৰ পৰা পুনৰ সন্তান দিয়ক।” তাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি গ’ল। BSB BSB: And Eli would bless Elkanah and his wife, saying, “May the LORD give you children by this woman in place of the one she dedicated to the LORD.” Then they would go home.
21 ULB যিহোৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল’ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমূৱেল যিহোৱাৰ সাক্ষাতে বৃদ্ধি হ’ল। BSB BSB: So the LORD attended to Hannah, and she conceived and gave birth to three sons and two daughters. Meanwhile, the boy Samuel grew up in the presence of the LORD.
22 ULB সেই সময়ত এলী অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইস্ৰায়েললৈ কৰা তেওঁৰ পুতেকহঁতৰ কু-ব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰ-মুখত পৰিচৰ্য্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে। BSB BSB: Now Eli was very old, and he heard about everything his sons were doing to all Israel and how they were sleeping with the women who served at the entrance to the Tent of Meeting.
23 ULB তেতিয়া তেওঁ সিহঁতক ক’লে, “তোমালোকে এনে কৰ্ম্ম কিয় কৰিছাহঁক? কিয়নো আটাই মানুহৰ মুখে মুখে মই তোমালোকৰ কু-কৰ্ম্মৰ কথা শুনিছোঁ। BSB BSB: “Why are you doing these things?” Eli said to his sons. “I hear about your wicked deeds from all these people.
24 ULB হে মোৰ বোপাহঁত, তোমালোকে শুনা তোমালোকে এনে কৰ্ম্ম নকৰিবা; কিয়নো মই যি কথা শুনিছোঁ, সেয়ে ভাল নহয়। তোমালোকে যিহোৱাৰ লোকসকলক আজ্ঞা লঙ্ঘন কৰাইছাহঁক। BSB BSB: No, my sons; it is not a good report I hear circulating among the LORD’s people.
25 ULB কোনো এজন মানুহে যদি মানুহৰ অহিতে দোষ কৰে, তেন্তে ঈশ্বৰে তাৰ বিচাৰ কৰিব; কিন্তু কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তেওঁৰ পক্ষে কোনে অনুৰোধ কৰিব?” তথাপি তেওঁলোকে নিজ পিতৃৰ কথালৈ মন নিদিলে; কিয়নো যিহোৱাই সিহঁতক মৃত্যুদণ্ড দিবলৈ ইচ্ছা কৰিলে। BSB BSB: If a man sins against another man, God can intercede for him; but if a man sins against the LORD, who can intercede for him?” But they would not listen to their father, since the LORD intended to put them to death.
26 ULB কিন্তু চমূৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ’ল; যিহোৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহ প্ৰাপ্ত হ’ল। BSB BSB: And the boy Samuel continued to grow in stature and in favor with the LORD and with man.
27 ULB তাৰ পাছত ঈশ্বৰৰ এজন ব্যক্তিয়ে এলীৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহোৱাই এই বাৰ্তা দিছে, যি সময়ত তোমাৰ পিতৃ মিছৰত ফৰৌণৰ বংশৰ অধীনত আছিল, সেই সময়ত মই তেওঁলোকক দৰ্শন দিয়া নাছিলোঁ নে? BSB BSB: Then a man of God came to Eli and told him, “This is what the LORD says: ‘Did I not clearly reveal Myself to your father’s house when they were in Egypt under Pharaoh’s house?
28 ULB তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তানসকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে? BSB BSB: And out of all the tribes of Israel I selected your father to be My priest, to offer sacrifices on My altar, to burn incense, and to wear an ephod in My presence. I also gave to the house of your father all the food offerings of the Israelites.
29 ULB সেয়েহে মই মোৰ নিবাসৰ ঠাইত আজ্ঞা কৰা মোৰ বলি আৰু নৈবেদ্যৰ ওপৰত তোমালোকে কিয় অৱজ্ঞা কৰিছা? আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলৰ সকলো উপহাৰৰ আগ ভাগৰ দ্বাৰাই তোমালোক হৃষ্টপুষ্ট হোৱা, সেই বাবে তুমি মোতকৈ, নিজ সন্তান সকলক কিয় অধিক আদৰ কৰিছা? BSB BSB: Why then do you kick at My sacrifice and offering that I have prescribed for My dwelling place? You have honored your sons more than Me by fattening yourselves with the best of all the offerings of My people Israel.’
30 ULB সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতাসকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতাসকলক হেয়জ্ঞান কৰা হ’ব। BSB BSB: Therefore, the LORD, the God of Israel, declares: ‘I did indeed say that your house and the house of your father would walk before Me forever. But now the LORD declares: Far be it from Me! For I will honor those who honor Me, but those who despise Me will be disdained.
31 ULB চোৱা, মই যি সময়ত তোমাৰ শক্তি আৰু তোমাৰ পিতৃৰ বংশৰ শক্তি নোহোৱা কৰিম, তেতিয়া তোমাৰ বংশত এজনো বৃদ্ধলোক নাথাকিব, এনে সময় আহিছে। BSB BSB: Behold, the days are coming when I will cut off your strength and the strength of your father’s house, so that no one in it will reach old age.
32 ULB মই যি ঠাইত বাস কৰোঁ, তুমি সেই ঠাইত অমঙ্গল দেখিবা৷ কিন্তু ঈশ্বৰে ইস্ৰায়েলক দিয়া মঙ্গলৰ অৰ্থে তোমাৰ বংশত কেতিয়াও কোনো বৃদ্ধ নহ’ব। BSB BSB: You will see distress in My dwelling place. Despite all that is good in Israel, no one in your house will ever again reach old age.
33 ULB আৰু মই মোৰ যজ্ঞ-বেদীৰ পৰা তোমাৰ বংশৰ কেৱল এজনক দূৰ নকৰিম, সি তোমাৰ চকু দুৰ্ব্বল কৰিবলৈ আৰু তোমাৰ মনত বেজাৰ জন্মাবলৈহে থাকিব আৰু তোমাৰ বংশত জন্ম গ্ৰহণ কৰা সকলো লোকৰ যৌৱন অৱস্থাতে মৃত্যু হ’ব। BSB BSB: And every one of you that I do not cut off from My altar, I will cause your eyes to fail and your heart to grieve. All your descendants will die by the sword of men.
34 ULB ইয়াৰ চিন স্বৰূপে তোমাৰ দুজন পুত্ৰ হফনী আৰু পিনহচলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একে দিনাই মৃত্যু হ’ব। BSB BSB: And this sign shall come to you concerning your two sons Hophni and Phinehas: They will both die on the same day.
35 ULB আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম; তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য্য কৰিব; আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম; তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা-যোৱা কৰিব। BSB BSB: Then I will raise up for Myself a faithful priest. He will do whatever is in My heart and mind. And I will build for him an enduring house, and he will walk before My anointed one for all time.
36 ULB আৰু তোমাৰ বংশৰ মাজৰ অৱশিষ্ট থকা প্ৰতিজনে আহি এডোখৰ ৰূপ আৰু এটা পিঠাৰ কাৰণে তেওঁৰ আগত প্ৰণিপাত কৰি ক’ব, বিনয় কৰোঁ, মই যেন এডোখৰ পিঠা খাবলৈ পাওঁ, সেই বাবে, অনুগ্ৰহ কৰি কোনো পুৰোহিত পদৰ বাবে মোক নিযুক্তি দিয়ক৷” BSB BSB: And everyone left in your house will come and bow down to him for a piece of silver or a morsel of bread, pleading, “Please appoint me to some priestly office so that I can eat a piece of bread.”’”
Select verses for actions: Enter goes to them and Escape comes back.