1 ULB পাছত ফিলিষ্টীয়া সকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে। BSB BSB: Now the Philistines brought all their forces together at Aphek, while Israel camped by the spring in Jezreel.
2 ULB যেতিয়া ফিলিষ্টীয়া অধিপতিসকলে হাজাৰ হাজাৰ সৈন্য লৈ ক্ৰমে আগবাঢ়ি গ’ল, তেতিয়া সকলোৰে শেষত আথীচৰ লগত দায়ূদ আৰু তেওঁৰ লোকসকলো গ’ল। BSB BSB: As the Philistine leaders marched out with their units of hundreds and thousands, David and his men marched behind them with Achish.
3 ULB তেতিয়া ফিলিষ্টীয়া অধিপতিসকলে সুধিলে, “এই ইব্ৰীয়া লোকসকলে ইয়াত কি কৰি আছে?” তেতিয়া আখীচে ফিলিষ্টীয়া অধিপতি সকলক উত্তৰ দি ক’লে, “সেই মানুহ জন ইস্ৰায়েলৰ ৰজা চৌলৰ দাস দায়ূদ নহয় নে? তেওঁ ক’ত দিন আৰু ক’ত বছৰ মোৰ লগত বাস কৰি আছে; আৰু তেওঁ যেতিয়াৰে পৰা মোৰ ফলীয়া হ’ল, তেতিয়াৰে পৰা আজিলৈকে মই তেওঁৰ কোনো দোষ পোৱা নাই।” BSB BSB: Then the commanders of the Philistines asked, “What about these Hebrews?” Achish replied, “Is this not David, the servant of King Saul of Israel? He has been with me all these days, even years, and from the day he defected until today I have found no fault in him.”
4 ULB কিন্তু তেওঁৰ ওপৰত ফিলিষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে? BSB BSB: But the commanders of the Philistines were angry with Achish and told him, “Send that man back and let him return to the place you assigned him. He must not go down with us into battle only to become our adversary during the war. What better way for him to regain the favor of his master than with the heads of our men?
5 ULB দায়ুদক লৈ লোকসকলে পৰস্পৰৰ মাজত গান গাই এইদৰে যে নাচিছিল, ‘চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক, ই জানো সেই দায়ূদ নহয়?’” BSB BSB: Is this not the David about whom they sing in their dances: ‘Saul has slain his thousands, and David his tens of thousands’?”
6 ULB তেতিয়া আখীচে দায়ূদক মাতি আনিলে আৰু তেওঁক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি সৰল লোক, আৰু সৈন্যসামন্তৰ মাজত তুমি যে মোৰ লগত আহিছা, সেয়া মই ভাল দেখিছোঁ; কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দোষ পোৱা নাই; তথাপি অধিপতিসকল তোমাক লৈ সন্তুষ্ট নহয়। BSB BSB: So Achish summoned David and told him, “As surely as the LORD lives, you have been upright, and it seems right in my sight that you should march in and out with me in the army, because I have found no fault in you from the day you came to me until this day. But you are not good in the sight of the leaders.
7 ULB এতেকে ফিলিষ্টীয়া অধিপতিসকলক বেজাৰ নিদিবৰ বাবে, এতিয়া তুমি কুশলে উভটি যোৱা।” BSB BSB: Therefore turn back now and go in peace, so that you will not do anything to displease the leaders of the Philistines.”
8 ULB তেতিয়া দায়ূদে আখীচক ক’লে, “কিন্তু মই কি কৰিলোঁ? যেতিয়াৰে পৰা আপোনাৰ লগত আছোঁ, তেতিয়াৰে পৰা আজিলৈকে আপুনি এই দাসৰ জীৱনত কি দোষ পালে যে, মই মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ যাব নোৱাৰোঁ?” BSB BSB: “But what have I done?” David replied. “What have you found against your servant, from the day I came to you until today, to keep me from going along to fight against the enemies of my lord the king?”
9 ULB তেতিয়া আখীচে দায়ূদক ক’লে, “মই জানিছোঁ যে, তুমি মোৰ দৃষ্টিত ঈশ্বৰৰ দূতৰ নিচিনা উত্তম; তথাপি ফিলিষ্টীয়া অধিপতি সকলে কৈছে, ‘সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে।’ BSB BSB: Achish replied, “I know that you are as pleasing in my sight as an angel of God. But the commanders of the Philistines have said, ‘He must not go into battle with us.’
10 ULB এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাস সকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ’লেই প্ৰস্থান কৰিবা।” BSB BSB: Now then, get up early in the morning, along with your master’s servants who came with you, and go as soon as it is light.”
11 ULB তেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টীয়া সকলৰ দেশলৈ উভটি গ’ল। কিন্তু ফিলিষ্টীয়া সকল যিজ্ৰিয়েললৈ গ’ল। BSB BSB: So David and his men got up early in the morning to return to the land of the Philistines. And the Philistines went up to Jezreel.
Select verses for actions: Enter goes to them and Escape comes back.