1 ULB পাছত ফিলিষ্টীয়া সকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে, তাতে ইস্ৰায়েল লোকসকল ফিলিষ্টীয়া সকলৰ সন্মুখৰ পৰা পলাল আৰু গিলবোৱা পৰ্বতত বহু লোক মৰিল। BSB BSB: Now the Philistines fought against Israel, and the men of Israel fled before them, and many fell slain on Mount Gilboa.
2 ULB ফিলিষ্টীয়া সকলে চৌল আৰু তেওঁৰ পুত্ৰসকলৰ নিচেই ওচৰলৈ খেদি গ’ল। তাতে ফিলিষ্টীয়া সকলে তেওঁৰ পুত্ৰ যোনাথন, অবীনাদব, আৰু মলকীচূৱাক বধ কৰিলে। BSB BSB: The Philistines hotly pursued Saul and his sons, and they killed Saul’s sons Jonathan, Abinadab, and Malchishua.
3 ULB চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগুৰি ধৰিলে। তাতে তেওঁ ধনুৰ্দ্ধৰ সকলৰ আগত অতিশয় ত্ৰাসযুক্ত হ’ল। BSB BSB: When the battle intensified against Saul, the archers overtook him and wounded him critically.
4 ULB তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল’ আৰু তাৰে মোক সৰকি যোৱাকৈ খোচ; নহলে অচুন্নৎ সকলে আহি সৰকি যোৱাকৈ মোক খুঁচিব, আৰু মোক অপমান কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ’ল; এই কাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল’লে আৰু তাৰে ওপৰত তেওঁ পৰিল। BSB BSB: Then Saul said to his armor-bearer, “Draw your sword and run me through with it, or these uncircumcised men will come and run me through and torture me!” But his armor-bearer was terrified and refused to do it. So Saul took his own sword and fell on it.
5 ULB তাতে তেওঁৰ অস্ত্ৰবাহকে যেতিয়া দেখিলে যে, চৌল মৰিল; তেতিয়া তেৱোঁ একেদৰে নিজৰ তৰোৱালত পৰিল আৰু তেওঁৰে সৈতে তেৱোঁ মৰিল। BSB BSB: When his armor-bearer saw that Saul was dead, he too fell on his own sword and died with him.
6 ULB এইদৰে একেদিনাই চৌল, তেওঁৰ অস্ত্ৰবাহক আৰু তেওঁৰ তিনিজন পুত্ৰ একেলগে মৰিল। BSB BSB: So Saul, his three sons, his armor-bearer, and all his men died together that same day.
7 ULB পাছত যেতিয়া উপত্যকাত থকা আৰু যৰ্দ্দনৰ সিটো পাৰত থকা লোকসকলে দেখিলে যে, ইস্ৰায়েলী লোকসকল পলাল আৰু চৌলৰ লগতে তেওঁৰ পুত্ৰ সকল মৰিল; তেতিয়া তেওঁলোকো নগৰবোৰ এৰি পলাই গ’ল। তাতে ফিলিষ্টীয়া সকলে আহি সেই ঠাইবোৰত বাস কৰিব ধৰিলে। BSB BSB: When the Israelites along the valley and those on the other side of the Jordan saw that the army of Israel had fled and that Saul and his sons had died, they abandoned their cities and ran away. So the Philistines came and occupied their cities.
8 ULB পাছদিনা যেতিয়া ফিলিষ্টীয়া সকলে মৃত লোকসকলৰ পোচাকবোৰ খুলি নিবলৈ আহিল, তেতিয়া তেওঁলোকে দেখিলে যে গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ তিনি জন পুত্ৰ পৰি আছে। BSB BSB: The next day, when the Philistines came to strip the dead, they found Saul and his three sons fallen on Mount Gilboa.
9 ULB পাছত তেওঁলোকে তেওঁৰ মুৰ কাটিলে আৰু তেওঁৰ কবচ খুলি ল’লে। তাৰ পাছত ফিলিষ্টীয়া সকলৰ ওচৰলৈ খবৰ পঠিয়াই দিলে আৰু তেওঁলোকৰ দেৱতাৰ মূৰ্তি থকা মন্দিৰবোৰলৈও এই খবৰ পঠিয়ালে। BSB BSB: They cut off Saul’s head, stripped off his armor, and sent messengers throughout the land of the Philistines to proclaim the news in the temples of their idols and among their people.
10 ULB সিহঁতে তেওঁৰ সাজ অষ্টাৰেৎ দেবীৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ শৰীৰটো বৈৎ চানৰ গড়ত আৰি থ’লে। BSB BSB: They put his armor in the temple of the Ashtoreths and hung his body on the wall of Beth-shan.
11 ULB ফিলিষ্টীয়া সকলে চৌললৈ কৰা এই কৰ্মৰ বাতৰি যেতিয়া যাবেচ-গিলিয়দ নিবাসী সকলে শুনিলে, BSB BSB: When the people of Jabesh-gilead heard what the Philistines had done to Saul,
12 ULB তেতিয়া তেওঁলোকৰ যুজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ শৱবোৰ বৈৎচানৰ গড়ৰ পৰা নমাই যাবেচলৈ লৈ গ’ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে। BSB BSB: all their men of valor set out, journeyed all night, and retrieved the bodies of Saul and his sons from the wall of Beth-shan. When they arrived at Jabesh, they burned the bodies there.
13 ULB তেওঁলোকৰ অস্থিবোৰ লৈ যাবেচত থকা ঝাও গছজোপাৰ তলত পুতি থলে, আৰু সাত দিন লঘোন দিলে। BSB BSB: Then they took their bones and buried them under the tamarisk tree in Jabesh, and they fasted seven days.
Select verses for actions: Enter goes to them and Escape comes back.