2 Chronicles 27 27 2 Chronicles The kings of Judah Assamese Unlocked Literal Bible 1 ULB যোথমে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাক চাদোকৰ জীয়েক যিৰূচা আছিল। BSB BSB: Jotham was twenty-five years old when he became king, and he reigned in Jerusalem sixteen years. His mother’s name was Jerushah daughter of Zadok.
2 ULB তেওঁ নিজ পিতৃ উজ্জিয়াৰ সকলো কাৰ্য্যৰ দৰেই, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে৷ আনকি তেওঁ যিহোৱাৰ মন্দিৰত ধূপ জলাবলৈ সোমোৱা নাছিল৷ কিন্তু লোকসকলে কু-আচৰণ কৰিয়েই থাকিল। BSB BSB: And he did what was right in the eyes of the LORD, just as his father Uzziah had done. In addition, he did not enter the temple of the LORD. But the people still behaved corruptly.
3 ULB তেওঁ যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু ওফেলৰ গড়ৰ অনেক ঠাই পুনৰায় নিৰ্ম্মাণ কৰিলে৷ BSB BSB: Jotham rebuilt the Upper Gate of the house of the LORD, and he worked extensively on the wall at the hill of Ophel.
4 ULB আনকি যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত নগৰবোৰ সাজিলে আৰু নানা কাঠনিত দুৰ্গ আৰু ওখ ঘৰবোৰ সাজিলে। BSB BSB: He also built cities in the hill country of Judah and fortresses and towers in the forests.
5 ULB তেওঁ অম্মোনৰ সন্তানসকলৰ ৰজাৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে৷ তাতে অম্মোনৰ সন্তানসকলে সেই একে বছৰত তেওঁক এশ কিক্কৰ ৰূপ, দহ হাজাৰ কোৰ ঘেঁহু আৰু দহ হাজাৰ কোৰ যৱ ধান দিলে৷ দ্বিতীয় আৰু তৃতীয় বছৰতো অম্মোনৰ সন্তানসকলে তেওঁক একেদৰেই দিলে। BSB BSB: Jotham waged war against the king of the Ammonites and defeated them, and that year they gave him a hundred talents of silver, ten thousand cors of wheat, and ten thousand cors of barley. They paid him the same in the second and third years.
6 ULB এইদৰে যোথম শক্তিশালী হ’ল, কিয়নো তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে নিজ পথত দৃঢ়তাৰে চলিছিল৷ BSB BSB: So Jotham grew powerful because he ordered his ways before the LORD his God.
7 ULB যোথমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো যুদ্ধ আৰু সকলো স্বভাৱ চৰিত্ৰৰ কথা ইস্ৰায়েল আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। BSB BSB: As for the rest of the acts of Jotham, along with all his wars and his ways, they are indeed written in the Book of the Kings of Israel and Judah.
8 ULB তেওঁ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল পঁচিশ বছৰ; ৰজা হৈ তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিলে। BSB BSB: He was twenty-five years old when he became king, and he reigned in Jerusalem sixteen years.
9 ULB যোথম তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আহজ, তেওঁৰ পদত ৰজা হৈছিল। BSB BSB: And Jotham rested with his fathers and was buried in the City of David. And his son Ahaz reigned in his place.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read 2 Chronicles 27
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about 2 Chronicles 27, and keep Opened free for readers who can’t pay.