1 ULB পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক লৈ যিৰূচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে। BSB BSB: Then the people of the land took Jehoahaz son of Josiah and made him king in Jerusalem in place of his father.
2 ULB যোৱাহজে তেইশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ ৰাজত্ব কৰিলে। BSB BSB: Jehoahaz was twenty-three years old when he became king, and he reigned in Jerusalem three months.
3 ULB মিচৰৰ ৰজাই যিৰূচালেমত তেওঁক ৰজাৰ পদৰ পৰা আতৰাই, দেশৰ ওপৰত এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ দণ্ড কৰিলে। BSB BSB: And the king of Egypt dethroned him in Jerusalem and imposed on Judah a levy of a hundred talents of silver and a talent of gold.
4 ULB তাৰ পাছত মিচৰৰ ৰজাই তেওঁৰ ভায়েক ইলিয়াকীমক যিহূদা আৰু যিৰূচালেমৰ ওপৰত ৰজা পাতিলে, আৰু তেওঁৰ নাম সলাই যিহোৱাকীম ৰাখিলে। তেতিয়া তেওঁ ইলিয়াকীমৰ ককায়েক যোৱাহজক ধৰি মিচৰলৈ লৈ গ’ল। BSB BSB: Then Neco king of Egypt made Eliakim brother of Jehoahaz king over Judah and Jerusalem, and he changed Eliakim’s name to Jehoiakim. But Neco took Eliakim’s brother Jehoahaz and carried him off to Egypt.
5 ULB যিহোৱাকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে। BSB BSB: Jehoiakim was twenty-five years old when he became king, and he reigned in Jerusalem eleven years. And he did evil in the sight of the LORD his God.
6 ULB তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবুখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে। BSB BSB: Then Nebuchadnezzar king of Babylon came up against Jehoiakim and bound him with bronze shackles to take him to Babylon.
7 ULB আৰু নবুখদনেচৰে যিহোৱাৰ গৃহৰ কিছু বস্তুও বাবিললৈ লৈ গৈ, বাবিলত নিজৰ মন্দিৰত ৰাখিলে। BSB BSB: Nebuchadnezzar also took to Babylon some of the articles from the house of the LORD, and he put them in his temple in Babylon.
8 ULB চোৱা, যিহোৱাকীমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা ঘিণলগা কাৰ্য্যবোৰ আৰু তেওঁত পোৱা দোষৰ কথা ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ যিহোৱাখীন তেওঁৰ পদত ৰজা হ’ল। BSB BSB: As for the rest of the acts of Jehoiakim, the abominations he committed, and all that was found against him, they are indeed written in the Book of the Kings of Israel and Judah. And his son Jehoiachin reigned in his place.
9 ULB যিহোৱাখীনে ওঠৰ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ দহ দিন ৰাজত্ব কৰিলে৷ তেওঁ যিহোৱাৰ সাক্ষাতে কু-অচৰণ কৰিলে। BSB BSB: Jehoiachin was eighteen years old when he became king, and he reigned in Jerusalem three months and ten days. And he did evil in the sight of the LORD.
10 ULB পাছত বছৰৰ আৰম্ভণত নবুকজনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে। BSB BSB: In the spring, King Nebuchadnezzar summoned Jehoiachin and brought him to Babylon, along with the articles of value from the house of the LORD. And he made Jehoiachin’s relative Zedekiah king over Judah and Jerusalem.
11 ULB চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে। BSB BSB: Zedekiah was twenty-one years old when he became king, and he reigned in Jerusalem eleven years.
12 ULB তেওঁ তেওঁৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁ যিহোৱাৰ বাক্য প্ৰকাশ কৰোঁতা ভাববাদী যিৰিমিয়াৰ আগত নিজকে নম্ৰ নকৰিলে। BSB BSB: And he did evil in the sight of the LORD his God and did not humble himself before Jeremiah the prophet, who spoke for the LORD.
13 ULB আৰু যি ৰজা নবুখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ’ল৷ তেওঁৰ ডিঙি থৰ আৰু মন কঠিন কৰি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰিবলৈ মান্তি নহ’ল। BSB BSB: He also rebelled against King Nebuchadnezzar, who had made him swear by God. But Zedekiah stiffened his neck and hardened his heart against turning to the LORD, the God of Israel.
14 ULB বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্য-লঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে। BSB BSB: Furthermore, all the leaders of the priests and the people multiplied their unfaithful deeds, following all the abominations of the nations, and they defiled the house of the LORD, which He had consecrated in Jerusalem.
15 ULB তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতসকলক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল; BSB BSB: Again and again the LORD, the God of their fathers, sent word to His people through His messengers because He had compassion on them and on His dwelling place.
16 ULB কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতসকলক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল। BSB BSB: But they mocked the messengers of God, despising His words and scoffing at His prophets, until the wrath of the LORD against His people was stirred up beyond remedy.
17 ULB এই হেতুকে তেওঁ কল্দীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্ম্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে। BSB BSB: So He brought up against them the king of the Chaldeans, who put their young men to the sword in the sanctuary, sparing neither young men nor young women, neither elderly nor infirm. God gave them all into the hand of Nebuchadnezzar,
18 ULB আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল। BSB BSB: who carried off everything to Babylon—all the articles of the house of God, both large and small, and the treasures of the house of the LORD and of the king and his officials.
19 ULB আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে। BSB BSB: Then the Chaldeans set fire to the house of God and broke down the wall of Jerusalem. They burned down all the palaces and destroyed every article of value.
20 ULB আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিলললৈ লৈ গ’ল৷ তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে, সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল৷ BSB BSB: Those who escaped the sword were carried by Nebuchadnezzar into exile in Babylon, and they became servants to him and his sons until the kingdom of Persia came to power.
21 ULB যিৰিমিয়াৰ মুখে কোৱা যিহোৱাৰ বাক্য সাম্ফল কৰিবৰ অৰ্থে, দেশে নিজৰ ভোগ কৰিব লগীয়া বিশ্ৰাম-কাল ভোগ নকৰিলে অৰ্থাৎ লোকসকল তেওঁৰ আৰু তেওঁৰ সন্তানসকলৰ দাস হৈ থাকিল৷ সত্তৰ বছৰ পূৰ কৰিবলৈ দেশ নিজৰ উচ্ছন্ন হোৱা সকলো কালত বিশ্ৰাম ভোগ কৰিলে। BSB BSB: So the land enjoyed its Sabbath rest all the days of the desolation, until seventy years were completed, in fulfillment of the word of the LORD spoken through Jeremiah.
23 ULB “পাৰস্যৰ ৰজা কোৰচে এই কথা কৈছে: স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে৷ তেৱেঁই যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মান কৰিবলৈ মোক ভাৰ দিলে। তেওঁৰ সকলো প্ৰজাসকলৰ মাজৰ যি কোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকক৷ আৰু সেই দেশলৈ তেওঁ উঠি যাওঁক।” BSB BSB: “This is what Cyrus king of Persia says: ‘The LORD, the God of heaven, who has given me all the kingdoms of the earth, has appointed me to build a house for Him at Jerusalem in Judah. Whoever among you belongs to His people, may the LORD his God be with him, and may he go up.’”
Select verses for actions: Enter goes to them and Escape comes back.