1 ULB এই সময়তে হিষ্কিয়া ৰজা অসুস্থ হৈছিল আৰু তেওঁৰ মৃতপ্রায় অৱস্থা হৈছিল। সেয়ে এদিন আমোচৰ পুত্ৰ যিচয়া ভাৱবাদীয়ে তেওঁৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ ঘৰৰ বিষয়ে পৰামর্শ দিয়া; কিয়নো তোমাৰ মৃত্যু হ’ব; তুমি জীয়াই নাথাকিবা।” BSB BSB: In those days Hezekiah became mortally ill. The prophet Isaiah son of Amoz came to him and said, “This is what the LORD says: ‘Put your house in order, for you are about to die; you will not recover.’”
2 ULB এই কথা শুনি হিষ্কিয়াই তেওঁৰ মুখ দেৱালৰ ফাললৈ ঘূৰাই যিহোৱাৰ আগত এইদৰে প্ৰাৰ্থনা কৰিলে; BSB BSB: Then Hezekiah turned his face to the wall and prayed to the LORD, saying,
3 ULB “হে যিহোৱা, মিনতি কৰিছো, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; আপোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।” এইবুলি হিষ্কিয়াই বৰকৈ কান্দিবলৈ ধৰিলে। BSB BSB: “Please, O LORD, remember how I have walked before You faithfully and with wholehearted devotion; I have done what is good in Your sight.” And Hezekiah wept bitterly.
4 ULB যিচয়াই ওলাই গৈ ৰাজগৃহৰ চোতালৰ মাজ পোৱাৰ আগেয়েই তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল। BSB BSB: Before Isaiah had left the middle courtyard, the word of the LORD came to him, saying,
5 ULB “তুমি ঘূৰি যোৱা আৰু মোৰ লোকসকলৰ নেতা হিষ্কিয়াক কোৱাগৈ, ‘তোমাৰ পূর্বপুৰুষ দায়ুদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মই তোমাৰ চকুৰ পানী দেখিলো। তৃতীয় দিনা মই তোমাক আৰোগ্য কৰিম আৰু তুমি যিহোৱাৰ গৃহলৈ উঠি যাবা। BSB BSB: “Go back and tell Hezekiah the leader of My people that this is what the LORD, the God of your father David, says: ‘I have heard your prayer; I have seen your tears. I will surely heal you. On the third day from now you will go up to the house of the LORD.
6 ULB তোমাৰ আয়ুস মই পুণৰ পোন্ধৰ বছৰ বঢ়াই দিম আৰু মই অচূৰৰ ৰজাৰ হাতৰ পৰা তোমাক আৰু এই নগৰ উদ্ধাৰ কৰিম; মোৰ নিজৰ বাবে আৰু মোৰ দাস দায়ুদৰ কাৰণে মই এই নগৰ ৰক্ষা কৰিম’।” BSB BSB: I will add fifteen years to your life. And I will deliver you and this city from the hand of the king of Assyria. I will defend this city for My sake and for the sake of My servant David.’”
7 ULB যিচয়াই ক’লে, সেই “ডিমৰু গুটিৰ পিটিকা লৈ আনি;” তেতিয়া লোকসকলে তাক আনি হিষ্কিয়াৰ খহুৰ ওপৰত সানি দিয়াত তেওঁ সুস্থ হ’ল। BSB BSB: Then Isaiah said, “Prepare a poultice of figs.” So they brought it and applied it to the boil, and Hezekiah recovered.
8 ULB সেই সময়ত হিষ্কিয়াই যিচয়াক ক’লে, “যিহোৱাই যে মোক সুস্থ কৰিব আৰু তৃতীয় দিনা মই যিহোৱাৰ গৃহলৈ উঠি যাম, তাৰ কি চিন হ’ব?” BSB BSB: Now Hezekiah had asked Isaiah, “What will be the sign that the LORD will heal me and that I will go up to the house of the LORD on the third day?”
9 ULB যিচয়াই উত্তৰ দি ক’লে, “যিহোৱাই যে তেওঁৰ প্রতিজ্ঞা সিদ্ধ কৰিব, সেইবাবে যিহোৱাৰ পৰা আপোনাৰ বাবে এই চিন দিব; আপুনিয়ে কওঁক, ছাঁটো দহ খাপ আগবাঢ়ি যাব লাগে নে দহ খাপ পাছলৈ হুঁহকি আহিব লাগে?” BSB BSB: And Isaiah had replied, “This will be a sign to you from the LORD that He will do what He has promised: Would you like the shadow to go forward ten steps, or back ten steps?”
10 ULB তেতিয়া হিষ্কিয়াই ক’লে, “নহয়, ছাঁ দহ ধাপ আগবাঢ়ি যোৱাটো সাধাৰণ কথা; বৰং ছাঁটো দহ ধাপ পাছলৈ হুঁহকি যাওঁক।” BSB BSB: “It is easy for the shadow to lengthen ten steps,” answered Hezekiah, “but not for it to go back ten steps.”
11 ULB তেতিয়া যিচয়া ভাৱবাদীয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে আৰু যিহোৱাই ছাঁটো দহ ধাপ পিছুৱাই আনিলে; তাতে আহজৰ চিৰিৰ পথত ছাঁটো তললৈ নামি গ’ল। BSB BSB: So Isaiah the prophet called out to the LORD, and He brought the shadow back the ten steps it had descended on the stairway of Ahaz.
12 ULB সেই সময়ত বলদানৰ পুত্ৰ বেবিলনৰ ৰজা বৰোদকবলদানে ৰজা হিষ্কিয়াৰ অসুখৰ খবৰ পালে। সেয়ে তেওঁ হিষ্কিয়াৰ ওচৰলৈ পত্ৰ আৰু এটি উপহাৰ পঠালে। BSB BSB: At that time Merodach-baladan son of Baladan king of Babylon sent letters and a gift to Hezekiah, for he had heard about Hezekiah’s illness.
13 ULB হিষ্কিয়াক সেই চিঠিবোৰ পঢ়ি শুনালে। তাৰপাছত ৰজাই সেই বার্তাবাহকসকলক সম্পূর্ণ ৰাজপ্রাসাদটো দেখুউৱাৰ লগতে নিজৰ বহুমূল্য দ্ৰব্য, যেনে ৰূপ, সোণ, সুগন্ধি মছলা, মূল্যৱান তেল আৰু তেওঁৰ অস্ত্র-সস্ত্র আদি ভঁৰালৰ আটাই বস্তু তেওঁলোকক দেখুৱালে। হিষ্কিয়াৰ ৰাজগৃহত বা তেওঁৰ গোটেই ৰাজ্যত এনে একোৱেই নাথাকিল, যি তেওঁ তেওঁলোকক নেদেখুৱালে। BSB BSB: And Hezekiah received the envoys and showed them all that was in his treasure house—the silver, the gold, the spices, and the precious oil, as well as his armory—all that was found in his storehouses. There was nothing in his palace or in all his dominion that Hezekiah did not show them.
14 ULB তেতিয়া যিচয়া ভাৱবাদীয়ে হিষ্কিয়া ৰজাৰ ওচৰলৈ আহি সুধিলে, “সেই মানুহবোৰে আপোনাক কি কথা কলে? তেওঁলোক ক’ৰ পৰা আহিছিল?” হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বেবিলনৰ পৰা মোৰ ওচৰলৈ আহিছিল।” BSB BSB: Then the prophet Isaiah went to King Hezekiah and asked, “Where did those men come from, and what did they say to you?” “They came from a distant land,” Hezekiah replied, “from Babylon.”
15 ULB যিচয়াই সুধিলে, “আপোনাৰ ৰাজগৃহত তেওঁলোকে কি কি দেখিলে?” হিষ্কিয়াই ক’লে, “মোৰ ৰাজগৃহৰ সকলোবোৰেই তেওঁলোকে দেখিলে; মোৰ বহুমূল্য দ্ৰব্যবোৰৰ মাজত এনে কোনো বস্তু নাই যি মই তেওঁলোকক দেখুউৱা নাই।” BSB BSB: “What have they seen in your palace?” Isaiah asked. “They have seen everything in my palace,” answered Hezekiah. “There is nothing among my treasures that I did not show them.”
16 ULB তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, “যিহোৱাৰ কথা শুনক। BSB BSB: Then Isaiah said to Hezekiah, “Hear the word of the LORD:
17 ULB ‘শুনক, এনে দিন আহিব যেতিয়া আপোনাৰ ৰাজগৃহত যি সকলো আছে আৰু আপোনাৰ পূর্বপুৰুষসকলে সঞ্চয় কৰা যি যি আজি পর্যন্ত আছে, সকলো বেবিলনলৈ লৈ যোৱা হ’ব। যিহোৱাই কৈছে, একোৱেই বাকী নাথাকিব। BSB BSB: The time will surely come when everything in your palace and all that your fathers have stored up until this day will be carried off to Babylon. Nothing will be left, says the LORD.
18 ULB আপোনাৰ নিজৰ সন্তানসকল, যিসকলক আপুনি জন্ম দিলে, তেওঁলোকক তেওঁলোকে লৈ যাব আৰু বেবিলনৰ ৰাজপ্রাসাদত তেওঁলোক নপুংসক হৈ থাকিব।” BSB BSB: And some of your descendants, your own flesh and blood, will be taken away to be eunuchs in the palace of the king of Babylon.”
19 ULB হিষ্কিয়াই তেতিয়া যিচয়াক ক’লে, “আপুনি যিহোৱাৰ যি কথা ক’লে, সেয়ে উত্তম।” তেওঁ এই কথা ক’লে, কাৰণ তেওঁ ভাৱিছিল, “মোৰ জীৱন কালত শান্তি আৰু নিৰাপদ হ’লে, সেয়ে জানো উত্তম নহ’ব?” BSB BSB: But Hezekiah said to Isaiah, “The word of the LORD that you have spoken is good.” For he thought, “Will there not at least be peace and security in my lifetime?”
21 ULB পাছত হিষ্কিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল। BSB BSB: And Hezekiah rested with his fathers, and his son Manasseh reigned in his place.
Select verses for actions: Enter goes to them and Escape comes back.