1 ULB যেতিয়া চৌলৰ পুত্ৰ ঈচ্বোচতে অবনেৰ’ৰ মৃত্যু হিব্ৰোণত হোৱা কথাষাৰ শুনিলে, তেওঁৰ হাত দূৰ্ব্বল হ’ল আৰু আটাই ইস্ৰায়েল চিন্তিত হ’ল। BSB BSB: Now when Ish-bosheth son of Saul heard that Abner had died in Hebron, he lost courage, and all Israel was dismayed.
2 ULB চৌলৰ পুত্ৰৰ দুজন সৈন্যবৰ্গৰ দলপতি আছিল৷ এজনৰ নাম বানা আৰু আনজনৰ নাম ৰেখব; তেওঁলোক বিন্যামীনৰ বংশৰ বেৰোতীয়া ৰিম্মোনৰ পুত্ৰ; (কিয়নো বেৰোতা বিন্যামীনৰ আধিপত্যৰ মাজৰো এজন বুলি গণিত হৈছিল) BSB BSB: Saul’s son had two men who were leaders of raiding parties. One was named Baanah and the other Rechab; they were sons of Rimmon the Beerothite of the tribe of Benjamin—Beeroth is considered part of Benjamin,
3 ULB আৰু বেৰোতীয়াসকল গিত্তয়িমলৈ পলাই গৈ সেই ঠাইতে আজিলৈকে প্ৰবাস কৰি আছে। BSB BSB: because the Beerothites fled to Gittaim and have lived there as foreigners to this day.
4 ULB চৌলৰ পুত্ৰ যোনাথনৰ, দুয়োখন ভৰি খোৰা হোৱা এজন পুত্ৰ আছিল। যিজ্ৰিয়েলৰ পৰা যেতিয়া চৌল আৰু যোনাথনৰ মৃত্যুৰ সম্বাদ আহিছিল, তেতিয়া ল’ৰাজনৰ পাঁচ বছৰ বয়স আছিল৷ সেই ল’ৰাজনৰ শুশ্ৰূষাকাৰিণীয়ে তাক লৈ পলাই গৈছিল৷ কিন্তু শুশ্ৰূষাকাৰিণীয়ে বেগেৰে পলাই যাওঁতে যোনাথনৰ পুত্ৰ পৰি আঘাত পোৱাত খোৰা হৈছিল। তাৰ নাম মফিবোচৎ আছিল। BSB BSB: And Jonathan son of Saul had a son who was lame in his feet. He was five years old when the report about Saul and Jonathan came from Jezreel. His nurse picked him up and fled, but as she was hurrying to escape, he fell and became lame. His name was Mephibosheth.
5 ULB পাছত বেৰোতীয়া ৰিম্মোনৰ সেই দুজন পুত্ৰ ৰেখব আৰু বানাই দিনৰ টান ৰ’দৰ কালত যাত্ৰা কৰি ঈচ্বোচতৰ ঘৰ পালেগৈ, তেতিয়া দুপৰ বেলাৰ সময়, যেতিয়া তেওঁ জিৰণি লৈ আছিল। BSB BSB: Now Rechab and Baanah, the sons of Rimmon the Beerothite, set out and arrived at the house of Ish-bosheth in the heat of the day, while the king was taking his midday nap.
6 ULB তাতে ঘেহুঁধান চালি থকা সময়ত, দুৱাৰত ৰখীয়া হৈ থকা এগৰাকি মহিলাই টোপনি যোৱাত, ৰেখব আৰু বানাই নিৰৱে তাইৰ কাষেৰে পাৰ হৈ গ’ল৷ BSB BSB: They entered the interior of the house as if to get some wheat, and they stabbed him in the stomach. Then Rechab and his brother Baanah slipped away.
7 ULB তাতে তেওঁৰ শোৱা কোঠালিত নিজ খাটত শুই থাকোঁতেই, তেওঁলোকে ভিতৰলৈ সোমাই গৈ আঘাত কৰি তেওঁক বধ কৰিলে৷ পাছত তেওঁৰ মূৰ কাটি, সেই মূৰ লৈ অৰাবাৰ বাটেদি ওৰে ৰাতি যাত্ৰা কৰিলে। BSB BSB: They had entered the house while Ish-bosheth was lying on his bed, and having stabbed and killed him, they beheaded him, took his head, and traveled all night by way of the Arabah.
8 ULB তেওঁলোকে ঈচ্বোচতৰ মূৰটো হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ নি ৰজাক ক’লে, “চাওঁক, আপোনাৰ প্ৰাণ নাশৰ চেষ্টা কৰা চৌলৰ পুত্ৰ ঈচ্বোচতৰ মুৰ এইয়া। যিহোৱাই আজি মোৰ প্ৰভু মহাৰাজৰ পক্ষে চৌল আৰু তেওঁৰ বংশৰ ওপৰত প্ৰতিকাৰ সাধিলে।” BSB BSB: They brought the head of Ish-bosheth to David at Hebron and said to the king, “Here is the head of Ish-bosheth son of Saul, your enemy who sought your life. Today the LORD has granted vengeance to my lord the king against Saul and his offspring.”
9 ULB কিন্তু দায়ূদে বেৰোতীয়া ৰিম্মোনৰ পুতেক ৰেখব আৰু তাৰ ককায়েক বানাক এই উত্তৰ দি ক’লে, “যি জনাই সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত, BSB BSB: But David answered Rechab and his brother Baanah, the sons of Rimmon the Beerothite, “As surely as the LORD lives, who has redeemed my life from all distress,
10 ULB যেতিয়া কোনো এজন মানুহে বৰ ভাল খবৰ আনিছো বুলি ভাবি মোক কৈছিল, ‘চাওঁক, চৌল মৰিল’, তেতিয়া মই তেওঁক ধৰি চিক্লগত বধ কৰিলোঁ আৰু এইটোৱেই বাতৰি অনাৰ বাবে তেওঁক মই দিয়া তেওঁৰ পুৰস্কাৰ আছিল। BSB BSB: when someone told me, ‘Look, Saul is dead,’ and thought he was a bearer of good news, I seized him and put him to death at Ziklag. That was his reward for his news!
11 ULB পাছত, দুষ্টবোৰে এজন নিৰ্দোষীলোকক তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ খাটত শুই থাকোতে তেওঁক যদি বধ কৰে, তেনেহ’লে তোমালোকৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ তাতকৈ অধিক নল’ম নে? আৰু তোমালোকক পৃথিৱীৰ পৰা উচ্ছন্ন নকৰিম নে?” BSB BSB: How much more, when wicked men kill a righteous man in his own house and on his own bed, shall I not now require his blood from your hands and remove you from the earth!”
12 ULB তেতিয়া দায়ূদে তেওঁৰ ডেকাসকলক আজ্ঞা কৰাত, তেওঁলোকক বধ কৰি তেওঁলোকৰ হাত-ভৰি কাটি পেলালে আৰু হিব্ৰোণৰ পুখুৰীৰ পাৰত তেওঁলোকৰ শৱ আৰি থ’লে৷ কিন্তু তেওঁলোকে ঈচ্বোচতৰ মূৰটো লৈ হিব্ৰোণত থকা অবনেৰ’ৰ মৈদামতে কবৰ দিলে। BSB BSB: So David commanded his young men, and they killed Rechab and Baanah. They cut off their hands and feet and hung their bodies by the pool in Hebron, but they took the head of Ish-bosheth and buried it in Abner’s tomb in Hebron.
Select verses for actions: Enter goes to them and Escape comes back.