1 ULB তাৰ পাছত পৌল দর্বী আৰু লুস্ত্রা চহৰলৈ গ’ল। তাতে তীমথিয় নামৰ এজন খ্রীষ্টৰ শিষ্য আছিল। তীমথিয়ৰ মাতৃ আছিল এগৰাকী ইহুদী খ্রীষ্টীয় বিশ্বাসীনী মহিলা আৰু পিতৃ গ্রীক লোক আছিল। BSB BSB: Paul came to Derbe and then to Lystra, where he found a disciple named Timothy, the son of a believing Jewish woman and a Greek father.
2 ULB লুস্ত্রা আৰু ইকনিয় চহৰৰ ভাই সকলে তীমথিয়ক অতি প্রশংসা কৰিছিল। BSB BSB: The brothers in Lystra and Iconium spoke well of him.
3 ULB পৌলে যাত্রাত তীমথিয়কো নিজৰ লগত লৈ যাবলৈ বিচাৰিলে আৰু সেয়ে তেওঁক চুন্নৎ কৰালে; কাৰণ সেই অঞ্চলবোৰত ইহুদী লোক আছিল আৰু তেওঁলোকে তীমথিয়ৰ পিতৃ গ্রীক জাতিৰ বুলি জানিছিল। BSB BSB: Paul wanted Timothy to accompany him, so he took him and circumcised him on account of the Jews in that area, for they all knew that his father was a Greek.
4 ULB পাছত তেওঁলোক নগৰবোৰৰ মাজেদি যাওঁতে যিৰূচালেমত পাঁচনি আৰু পৰিচাৰক সকলে লিখি দিয়া নির্দেশনাবোৰ পালন কৰিবলৈ মণ্ডলীবোৰক জনালে। BSB BSB: As they went from town to town, they delivered the decisions handed down by the apostles and elders in Jerusalem for the people to obey.
5 ULB এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে। BSB BSB: So the churches were strengthened in the faith and grew daily in numbers.
6 ULB পবিত্র আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফৰুগিয়া আৰু গালাতীয়াৰ অঞ্চলবোৰৰ মাজেদি গ’ল। BSB BSB: After the Holy Spirit had prevented them from speaking the word in the province of Asia, they traveled through the region of Phrygia and Galatia.
7 ULB আৰু মূচিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়ালৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্রভু যীচুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে। BSB BSB: And when they came to the border of Mysia, they tried to enter Bithynia, but the Spirit of Jesus would not permit them.
8 ULB সেয়েহে, তেওঁলোকে মূচিয়া পাৰ হৈ ত্রোৱা নগৰলৈ গুচি গ’ল। BSB BSB: So they passed by Mysia and went down to Troas.
9 ULB নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।” BSB BSB: During the night, Paul had a vision of a man of Macedonia standing and pleading with him, “Come over to Macedonia and help us.”
11 ULB পাছত ত্রোৱা এৰি আমি জাহাজেৰে পোনে পোনে চামথাকীলৈ গলো আৰু পিছদিনা নিয়াপলি নগৰলৈ আহিলো। BSB BSB: We sailed from Troas straight to Samothrace, and the following day on to Neapolis.
12 ULB তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো। BSB BSB: From there we went to the Roman colony of Philippi, the leading city of that district of Macedonia. And we stayed there several days.
13 ULB বিশ্রাম বাৰে আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গলো; ভাৱিছিলো, তাত নিশ্চয় প্রার্থনা কৰিবৰ বাবে ঠাই আছে৷ তাতে যি মহিলা সকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা কবলৈ ধৰিলো। BSB BSB: On the Sabbath we went outside the city gate along the river, where it was customary to find a place of prayer. After sitting down, we spoke to the women who had gathered there.
14 ULB সেই মহিলা সকলৰ মাজত থূয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে। BSB BSB: Among those listening was a woman named Lydia, a dealer in purple cloth from the city of Thyatira, who was a worshiper of God. The Lord opened her heart to respond to Paul’s message.
15 ULB তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেন্তে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে। BSB BSB: And when she and her household had been baptized, she urged us, “If you consider me a believer in the Lord, come and stay at my house.” And she persuaded us.
16 ULB এদিন আমি যেতিয়া প্রার্থনাৰ ঠাইলৈ গৈ আছিলো, তেতিয়া এক অশুভ আত্মা লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুভ আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল। BSB BSB: One day as we were going to the place of prayer, we were met by a slave girl with a spirit of divination, who earned a large income for her masters by fortune-telling.
17 ULB এই ছোৱালীজনীয়ে পৌল আৰু আমাৰ পিছে পিছে চিঞঁৰি চিঞঁৰি কৈ গ’ল “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।” BSB BSB: This girl followed Paul and the rest of us, shouting, “These men are servants of the Most High God, who are proclaiming to you the way of salvation!”
18 ULB এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছো, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই আত্মা বাহিৰ ওলাই গ’ল। BSB BSB: She continued this for many days. Eventually Paul grew so aggravated that he turned and said to the spirit, “In the name of Jesus Christ I command you to come out of her!” And the spirit left her at that very moment.
19 ULB তাৰ পাছত তাইৰ মালিকবোৰে যেতিয়া দেখিলে যে, তেওঁলোকৰ লাভৰ আশা নোহোৱা হ’ল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি চোঁচৰাই বজাৰলৈকে আনি কর্ত্তৃপক্ষৰ ওচৰলৈ লৈ গ’ল। BSB BSB: When the girl’s owners saw that their hope of making money was gone, they seized Paul and Silas and dragged them before the authorities in the marketplace.
20 ULB তাৰ পাছত তেওঁলোকক শাসনকর্তা সকলৰ ওচৰলৈ নি ক’লে, “এওঁলোক ইহুদী মানুহ আৰু আমাৰ নগৰত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে। BSB BSB: They brought them to the magistrates and said, “These men are Jews and are throwing our city into turmoil
21 ULB এওঁলোকে এনেবোৰ শিক্ষা দিছে, যিবোৰ ৰোমান নাগৰিক হিচাবে গ্রহণ কৰা বা পালন কৰা আমাৰ কাৰণে নীতি বিৰুদ্ধ।” BSB BSB: by promoting customs that are unlawful for us Romans to adopt or practice.”
22 ULB তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে। BSB BSB: The crowd joined in the attack against Paul and Silas, and the magistrates ordered that they be stripped and beaten with rods.
23 ULB অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ নির্দেশ দিলে। BSB BSB: And after striking them with many blows, they threw them into prison and ordered the jailer to guard them securely.
24 ULB কাৰাগাৰৰ অধ্যক্ষই এই নির্দেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে। BSB BSB: On receiving this order, he placed them in the inner cell and fastened their feet in the stocks.
25 ULB তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল। BSB BSB: About midnight Paul and Silas were praying and singing hymns to God, and the other prisoners were listening to them.
26 ULB এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্য্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিবোৰ খোল খাই গ’ল। BSB BSB: Suddenly a strong earthquake shook the foundations of the prison. At once all the doors flew open and everyone’s chains came loose.
27 ULB কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল। BSB BSB: When the jailer woke up and saw the prison doors open, he drew his sword and was about to kill himself, presuming that the prisoners had escaped.
28 ULB কিন্তু পৌলে চিঞঁৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছো।” BSB BSB: But Paul called out in a loud voice, “Do not harm yourself! We are all here!”
29 ULB তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল। BSB BSB: Calling for lights, the jailer rushed in and fell trembling before Paul and Silas.
30 ULB তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্রাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?" BSB BSB: Then he brought them out and asked, “Sirs, what must I do to be saved?”
31 ULB তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্রাণ লাভ কৰিব।" BSB BSB: They replied, “Believe in the Lord Jesus and you will be saved, you and your household.”
32 ULB তেওঁলোকে তাৰ পাছত কাৰাগাৰৰ অধ্যক্ষৰ লগতে তেওঁৰ ঘৰৰ সকলোকে প্রভুৰ বাক্য ক’লে। BSB BSB: Then Paul and Silas spoke the word of the Lord to him and to everyone in his house.
33 ULB কাৰাগাৰৰ অধ্যক্ষই সেই নিশাই পৌল আৰু চীলক লৈ গৈ তেওঁলোকৰ আঘাতৰ ঠাইবোৰ ধুই দিলে আৰু তেওঁ সপৰিয়ালে তেতিয়াই বাপ্তিস্ম গ্রহণ কৰিলে। BSB BSB: At that hour of the night, the jailer took them and washed their wounds. And without delay, he and all his household were baptized.
34 ULB তেওঁ পৌল আৰু চীলক নিজৰ ঘৰলৈ আনি খাবলৈ দিলে আৰু পৰিয়ালৰ আটায়ে ঈশ্বৰত বিশ্বাস কৰাত, তেওঁ সমস্ত পৰিয়ালে সৈতে অতিশয় আনন্দ কৰিলে। BSB BSB: Then he brought them into his home and set a meal before them. So he and all his household rejoiced that they had come to believe in God.
35 ULB পিছদিনা পুৱা শাসনকর্তা সকলে পৰীয়া সকললৈ এই বার্তা দি পঠালে, “সেই মানুহকেইজনক এৰি দিয়া।” BSB BSB: When daylight came, the magistrates sent their officers with the order: “Release those men.”
36 ULB কাৰাগাৰৰ অধ্যক্ষই সেই কথা পৌলক জনাই ক’লে, “শাসনকর্তা সকলে আপোনালোকক এৰি দিবৰ কাৰণে আমাৰ ওচৰলৈ বার্তা পঠাইছে; গতিকে আপোনালোক এতিয়া ওলাই আহক আৰু শান্তিৰে গুছি যাওঁক।" BSB BSB: The jailer informed Paul: “The magistrates have sent orders to release you. Now you may go on your way in peace.”
37 ULB কিন্তু পৌলে তেওঁলোকক ক’লে, “আমি ৰোমান নাগৰিক; আমাক বিনা বিচাৰেৰে ৰাইজৰ আগত কোবাই কাৰাবন্দী কৰি থলে। এতিয়া তেওঁলোকে আমাক গোপনে এৰি দিব বিচাৰিছে নেকি? এইটো হ’ব নোৱাৰে। তেওঁলোক নিজে ইয়ালৈ আহি আমাক বাহিৰলৈ উলিয়াই নিব লাগিব।” BSB BSB: But Paul said to the officers, “They beat us publicly without a trial and threw us into prison, even though we are Roman citizens. And now do they want to send us away secretly? Absolutely not! Let them come themselves and escort us out!”
38 ULB পৰীয়া সকলে শাসনকর্তা সকলৰ ওচৰলৈ গৈ এই সম্বাদ দিলে। তেতিয়া এই সম্বাদ পাই তেওঁলোকে পৌল আৰু চীলক ৰোমান লোক বুলি জানিলে আৰু তেওঁলোকে ভয় খালে। BSB BSB: So the officers relayed this message to the magistrates, who were alarmed to hear that Paul and Silas were Roman citizens.
39 ULB পাছত শাসনকর্তা সকলে আহি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলে আৰু বন্দীশালৰ পৰা বাহিৰলৈ আনি নগৰ এৰি যাবলৈ তেওঁলোকক অনুৰোধ কৰিলে। BSB BSB: They came to appease them and led them out, requesting that they leave the city.
40 ULB পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পিছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল। BSB BSB: After Paul and Silas came out of the prison, they went to Lydia’s house to see the brothers and encourage them. Then they left the city.
Select verses for actions: Enter goes to them and Escape comes back.