1 ULB ইয়াৰ পিছত পৌলে আথিনী এৰি কৰিন্থলৈ গ’ল। BSB BSB: After this, Paul left Athens and went to Corinth.
2 ULB তাতে তেওঁ পন্ত দেশত জন্মা আক্কিলা নামৰ এজন ইহুদীক দেখা পালে; সেই সময়ত তেওঁ, তেওঁৰ ভার্য্যা প্রিস্কিল্লাক লৈ ইটালী দেশৰ পৰা আহিছিল, কাৰণ ক্লৌদিয়ই সকলো ইহুদীকে ৰোম এৰি যাবলৈ নির্দেশ দিছিল। পৌল তেওঁলোকৰ ওচৰলৈ আহিল। BSB BSB: There he found a Jew named Aquila, a native of Pontus, who had recently come from Italy with his wife Priscilla because Claudius had ordered all the Jews to leave Rome. Paul went to visit them,
3 ULB তেওঁলোক যিহেতু ব্যৱসায়ত পৌলৰ দৰে তম্বু বনোৱা লোক আছিল, সেয়েহে পৌলে তেওঁলোকৰ লগতে থাকি কাম কৰিবলৈ ধৰিলে। BSB BSB: and he stayed and worked with them because they were tentmakers by trade, just as he was.
4 ULB প্রত্যেক বিশ্রামবাৰে পৌলে নামঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়। BSB BSB: Every Sabbath he reasoned in the synagogue, trying to persuade Jews and Greeks alike.
5 ULB চীল আৰু তীমথিয় মাকিদনিয়া দেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে BSB BSB: And when Silas and Timothy came down from Macedonia, Paul devoted himself fully to the word, testifying to the Jews that Jesus is the Christ.
6 ULB যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মোৰ কোনো দোষ নাই। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।" BSB BSB: But when they opposed and insulted him, he shook out his garments and told them, “Your blood be on your own heads! I am innocent of it. From now on I will go to the Gentiles.”
7 ULB পাছত, তেওঁ তাৰপৰা গৈ ঈশ্বৰৰ উপাসনা কৰা তীত-যুষ্ট নামেৰে এজনৰ ঘৰত উপস্থিত হ'ল৷ তেওঁৰ ঘৰ নাম-ঘৰৰ কাষতে আছিল। BSB BSB: So Paul left the synagogue and went next door to the house of Titus Justus, a worshiper of God.
8 ULB পৌলৰ কথা শুনি নামঘৰৰ গৰাকী ক্ৰীষ্পে আৰু তেওঁৰ ঘৰৰ সকলোৱে প্ৰভুত বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহণ কৰিলে৷ কৰিন্থীয়া সকলৰ মাজৰ বহু লোকে তেওঁৰ পৰা শুভবাৰ্তা শুনি বাপ্তিস্ম গ্ৰহণ কৰিলে। BSB BSB: Crispus, the synagogue leader, and his whole household believed in the Lord. And many of the Corinthians who heard the message believed and were baptized.
9 ULB প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা; BSB BSB: One night the Lord spoke to Paul in a vision: “Do not be afraid; keep on speaking; do not be silent.
10 ULB মই তোমাৰ লগত আছো, কোনেও তোমাক হানি কৰিব নোৱাৰে, মোৰ বহু লোক এই নগৰত আছে৷’' BSB BSB: For I am with you and no one will lay a hand on you, because I have many people in this city.”
11 ULB তাতে পৌলে এবছৰ ছয় মাহ তেওঁলোকৰ মাজত থাকি ঈশ্বৰৰ বাক্য শিকালে। BSB BSB: So Paul stayed for a year and a half, teaching the word of God among the Corinthians.
13 ULB তেওঁলোকে কলে, “এই লোকজনে বিধানৰ বিৰুদ্ধে গৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ মানুহবোৰক উচটনি দিছে।” BSB BSB: “This man is persuading the people to worship God in ways contrary to the law,” they said.
14 ULB পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, “হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়। BSB BSB: But just as Paul was about to speak, Gallio told the Jews, “If this matter involved a wrongdoing or vicious crime, O Jews, it would be reasonable for me to hear your complaint.
15 ULB কিন্তু এই সকলো প্ৰশ্ন তোমালোকৰ বাক্য, নাম বা বিধানৰ বাদ-বিচাৰৰ কাৰণেহে ব্যৱহাৰ হয়, তেনেহলে এই বিষয়ে তোমালোকে নিজে বিচাৰ কৰি চাবা, এই বিষয়ে বিচাৰ কৰিবলৈ মই উৎসাহিত নহওঁ৷" BSB BSB: But since it is a dispute about words and names and your own law, settle it yourselves. I refuse to be a judge of such things.”
16 ULB পাছত গেল্লিয়োৱে তেওঁলোকক বিচাৰকৰ আসনৰ পৰা আতৰ কৰিলে। BSB BSB: And he drove them away from the judgment seat.
17 ULB তাতে তেওঁলোকে নামঘৰৰ গৰাকী চোস্থিনিক বলপূর্ব্বক ধৰি আনি বিচাৰকৰ আসনৰ ওচৰত মাৰধৰ কৰিলে, সিহতে কৰা কামবোৰত গেল্লিয়োৱে মনোযোগ নিদিলে। BSB BSB: At this, the crowd seized Sosthenes the synagogue leader and beat him in front of the judgment seat. But none of this was of concern to Gallio.
18 ULB পৌলে, সেই ঠাইতে বহু দিনলৈকে থাকি, ভাই সকলৰ পৰা বিদায় লৈ সাগৰীয় পথেদি চিৰিয়া দেশলৈ যাত্ৰা কৰিলে; তেওঁৰ লগত প্ৰিষ্কিলা আৰু আক্কিলাও গ'ল৷ তেওঁ কিংক্ৰিয়াত নিজৰ মূৰ খুৰাইছিল; কিয়নো তেওঁৰ কোনো সংকল্প আছিল। BSB BSB: Paul remained in Corinth for quite some time before saying goodbye to the brothers. He had his head shaved in Cenchrea to keep a vow he had made, and then he sailed for Syria, accompanied by Priscilla and Aquila.
19 ULB ইয়াৰ পাছত তেওঁলোক যেতিয়া ইফিচ নগৰ পালে, প্ৰিষ্কিলা আৰু আক্কিলাক তাতে থাকিবলৈ দি পৌলে নিজে নাম-ঘৰত সোমাই ইহুদী সকলে সৈতে বাদ-বিচাৰ কৰিলে। BSB BSB: When they reached Ephesus, Paul left Priscilla and Aquila. He himself went into the synagogue there and reasoned with the Jews.
20 ULB তাতে আৰু কিছুদিন থাকিবলৈ তেওঁলোকে পৌলক অনুৰোধ কৰিলে, কিন্তু তেওঁ অমান্তি হল। BSB BSB: When they asked him to stay for a while longer, he declined.
21 ULB “ঈশ্বৰৰ ইচ্ছা হলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম৷” এই বুলি কৈ, সাগৰীয়-পথেদি ইফিচলৈ যাবৰ বাবে জাহাজেৰে যাত্ৰা কৰিলে। BSB BSB: But as he left, he said, “I will come back to you if God is willing.” And he set sail from Ephesus.
22 ULB পাছত চীজাৰিয়াত নামি, যিৰূচালেমলৈ গৈ মণ্ডলীক আন্তৰিক অভিনন্দন জনাই, তাৰ পৰা আন্তিয়খিয়ালৈ আহিল। BSB BSB: When Paul had landed at Caesarea, he went up and greeted the church at Jerusalem. Then he went down to Antioch.
23 ULB তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফৰুগিয়া দেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে। BSB BSB: After Paul had spent some time in Antioch, he traveled from place to place throughout the region of Galatia and Phrygia, strengthening all the disciples.
24 ULB সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধর্মীয় বিষয়ত নিপূণ আছিল। BSB BSB: Meanwhile a Jew named Apollos, a native of Alexandria, came to Ephesus. He was an eloquent man, well versed in the Scriptures.
25 ULB তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহিত হৈ ঈশ্বৰৰ বাক্য বিশদৰূপে ঘোষণা কৰিছিল; কিন্তু তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়েহে জানিছিল। BSB BSB: He had been instructed in the way of the Lord and was fervent in spirit. He spoke and taught accurately about Jesus, though he knew only the baptism of John.
27 ULB যেতিয়া তেওঁ আখায়া দেশলৈ যাব বিছাৰিলে; ভাই সকলে উৎসাহ দি তেওঁক আদৰি লবলৈ শিষ্য সকললৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে; তাতে তেওঁ সেই ঠাই পোৱাত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰা সকলক মহৎ উপকাৰ সাধন কৰিলে। BSB BSB: When Apollos resolved to cross over to Achaia, the brothers encouraged him and wrote to the disciples there to welcome him. On his arrival, he was a great help to those who by grace had believed.
28 ULB কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে। BSB BSB: For he powerfully refuted the Jews in public debate, proving from the Scriptures that Jesus is the Christ.
Select verses for actions: Enter goes to them and Escape comes back.