1 ULB পাছত সেই হাই-উৰুমি শান্ত হোৱাত, পৌলে শিষ্যসকলক পঠিয়াই লোকসমুহক উৎসাহিত কৰিলে আৰু বিদায় লৈ মাকিদনিয়ালৈ যাবৰ বাবে ওলাল। BSB BSB: When the uproar had ended, Paul sent for the disciples. And after encouraging them, he said goodbye to them and left for Macedonia.
2 ULB পাছত সেই অঞ্চলেদি ফুৰি, বিভিন্ন কথাৰে শিষ্যসকলক উদগণি দি, তেওঁ গ্ৰীচ দেশ পালেগৈ। BSB BSB: After traveling through that area and speaking many words of encouragement, he arrived in Greece,
3 ULB তাত তিনি মাহ থাকি, সমুদ্ৰ-পথেদি চিৰিয়া দেশত যাবলৈ উদ্যত হোৱাত, ইহুদী সকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ তেতিয়া তেওঁ মাকিদনিয়াইদি উলটি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। BSB BSB: where he stayed three months. And when the Jews formed a plot against him as he was about to sail for Syria, he decided to go back through Macedonia.
4 ULB তাতে কিছুমান ব্যক্তিও তেওঁৰ লগত যাবলৈ ওলাল। বিৰয়া নগৰৰ পুৰ্হৰ পুতেক চোপাত্ৰ, থিচলনীকীয়াৰ আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বী নগৰৰ গায় আৰু তীমথিয়, এচিয়াৰ তুখিক আৰু ত্ৰফিম, এই কেইজন লোক এচিয়ালৈকে তেওঁৰ লগত গ'ল। BSB BSB: Paul was accompanied by Sopater son of Pyrrhus from Berea, Aristarchus and Secundus from Thessalonica, Gaius from Derbe, Timothy, and Tychicus and Trophimus from the province of Asia.
5 ULB কিন্তু এওঁলোকে আগবাঢ়ি যোৱাত, ত্ৰোৱাত আমালৈ ৰৈ আছিল। BSB BSB: These men went on ahead and waited for us in Troas.
6 ULB পাছত খমিৰ নোহোৱা পিঠাৰ দিন পাৰহৈ যোৱাত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গৈ, পাঁচ দিনত ত্ৰোৱাত তেওঁলোকক লগ পালো; তাত সাত দিন থাকিলোঁ ৷ BSB BSB: And after the Feast of Unleavened Bread, we sailed from Philippi, and five days later we rejoined them in Troas, where we stayed seven days.
8 ULB তেতিয়া আমি গোট খোৱা সেই ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল। BSB BSB: Now there were many lamps in the upper room where we were gathered.
9 ULB তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে। BSB BSB: And a certain young man named Eutychus, seated in the window, was sinking into a deep sleep as Paul talked on and on. When he was sound asleep, he fell from the third story and was picked up dead.
10 ULB তেতিয়া পৌলে নামি গৈ তাৰ গাত পৰি আকোঁৱালি ধৰি কলে,“আপোনালোকে কন্দা-কটা নকৰিব; কিয়নো এওঁৰ শৰীৰত প্ৰাণ আছে। BSB BSB: But Paul went down, threw himself on the young man, and embraced him. “Do not be alarmed!” he said. “He is still alive!”
11 ULB ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ। BSB BSB: Then Paul went back upstairs, broke bread, and ate. And after speaking until daybreak, he departed.
12 ULB পাছত তেওঁলোকে সেই লৰাক জীৱিত দেখি, বৰ শান্তনা পালে। BSB BSB: And the people were greatly relieved to take the boy home alive.
13 ULB পাছত আমি আগবাঢ়ি গৈ পৌলক আ:চ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলো। BSB BSB: We went on ahead to the ship and sailed to Assos, where we were to take Paul aboard. He had arranged this because he was going there on foot.
14 ULB আঃচ নগৰত তেওঁ আমাক লগ ধৰিলে, ইয়াৰ পাছত আমি তেওঁক লগত লৈ মিতুলীনী দ্বীপলৈ যাত্ৰা কৰিলোঁ। BSB BSB: And when he met us at Assos, we took him aboard and went on to Mitylene.
15 ULB ইয়াৰ পৰা জাহাজেৰে যাত্ৰা কৰি পাছদিনা, খীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামঃদ্বীপত লগাই,আমি পাছদিনা মিলীত নগৰ পালোঁ। BSB BSB: Sailing on from there, we arrived the next day opposite Chios. The day after that we arrived at Samos, and on the following day we came to Miletus.
16 ULB কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে ইফিচত তেওঁ নাথাকিব, এচিয়াতো সময় অতিবাহিত নকৰিব; কিয়নো পঞ্চাশ-দিনীয়া পৰ্ব্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁ ইচ্ছা কৰিলে। BSB BSB: Paul had decided to sail past Ephesus to avoid spending time in the province of Asia, because he was in a hurry to reach Jerusalem, if possible, by the day of Pentecost.
17 ULB পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ বৃদ্ধলোকক মতাই আনিলে। BSB BSB: From Miletus, Paul sent to Ephesus for the elders of the church.
18 ULB তেওঁলোক তেওঁৰ ওচৰলৈ অহাত, তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকু-লোৰে, BSB BSB: When they came to him, he said, “You know how I lived the whole time I was with you, from the first day I arrived in the province of Asia.
19 ULB আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ দাস্যকৰ্ম কৰিলোঁ BSB BSB: I served the Lord with great humility and with tears, especially in the trials that came upon me through the plots of the Jews.
20 ULB আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুঁহকিলোঁ, BSB BSB: I did not shrink back from declaring anything that was helpful to you as I taught you publicly and from house to house,
21 ULB আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে। BSB BSB: testifying to Jews and Greeks alike about repentance to God and faith in our Lord Jesus Christ.
22 ULB আৰু এতিয়া চাওঁক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো; BSB BSB: And now, compelled by the Spirit, I am going to Jerusalem, not knowing what will happen to me there.
23 ULB কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে। BSB BSB: I only know that in town after town the Holy Spirit warns me that chains and afflictions await me.
24 ULB কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্য্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ। BSB BSB: But I consider my life of no value to me, if only I may finish my course and complete the ministry I have received from the Lord Jesus—the ministry of testifying to the good news of God’s grace.
25 ULB এতিয়া চাওঁক, যিসকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ। BSB BSB: Now I know that none of you among whom I have preached the kingdom will see my face again.
26 ULB এই হেতুকে মই যে আটাইৰে তেজৰ পৰা শুচি, ইয়াৰ সাক্ষ্য আজি দিছোঁ; BSB BSB: Therefore I testify to you this day that I am innocent of the blood of all men.
27 ULB কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ পাছ নুহুঁহকিলোঁ। BSB BSB: For I did not shrink back from declaring to you the whole will of God.
28 ULB আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক। BSB BSB: Keep watch over yourselves and the entire flock of which the Holy Spirit has made you overseers. Be shepherds of the church of God, which He purchased with His own blood.
29 ULB মই যোৱাৰ পাছত, দুৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দ্দয় আচৰণ কৰিব; BSB BSB: I know that after my departure, savage wolves will come in among you and will not spare the flock.
30 ULB আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্যবিলাকক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ। BSB BSB: Even from your own number, men will rise up and distort the truth to draw away disciples after them.
31 ULB এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকু-লোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক। BSB BSB: Therefore be alert and remember that for three years I never stopped warning each of you night and day with tears.
32 ULB এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক সমৰ্পন কৰি দিলো। BSB BSB: And now I commit you to God and to the word of His grace, which can build you up and give you an inheritance among all who are sanctified.
33 ULB মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই। BSB BSB: I have not coveted anyone’s silver or gold or clothing.
34 ULB মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰিলো, এই বিষয়ে আপোনালোকে নিজে জানে। BSB BSB: You yourselves know that these hands of mine have ministered to my own needs and those of my companions.
35 ULB সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দুৰ্ব্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- "গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।" BSB BSB: In everything, I showed you that by this kind of hard work we must help the weak, remembering the words of the Lord Jesus Himself: ‘It is more blessed to give than to receive.’”
36 ULB এইবোৰ কথা কোৱাৰ পাছত, তেওঁ আঁঠু লৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে৷ BSB BSB: When Paul had said this, he knelt down with all of them and prayed.
37 ULB পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷ BSB BSB: They all wept openly as they embraced Paul and kissed him.
38 ULB "মোৰ মুখ আৰু দেখিবলৈ নাপাব" বিশেষকৈ এই কথাৰ কাৰণে তেওঁলোকে গভীৰ ভাৱে শোক কৰিলে; পাছত তেওঁক জাহাজলৈকে আগবঢ়াই থৈ আহিল। BSB BSB: They were especially grieved by his statement that they would never see his face again. Then they accompanied him to the ship.
Select verses for actions: Enter goes to them and Escape comes back.