1 ULB যেতিয়া আগ্রিপ্পই পৌলক নিজৰ পক্ষত কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে। BSB BSB: Agrippa said to Paul, “You have permission to speak for yourself.” Then Paul stretched out his hand and began his defense:
2 ULB তেওঁ কলে, "হে ৰজা আগ্ৰিপ্প, ইহুদী সকলে মোৰ বিষয়ে যি অভিযোগ দিছে; সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমর্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো৷ BSB BSB: “King Agrippa, I consider myself fortunate to stand before you today to defend myself against all the accusations of the Jews,
3 ULB ইহুদী সকলৰ মাজত বিশেষকৈ যিবোৰ নীতি-নিয়ম আৰু বাদ-বিচাৰ আছে, সেই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে; সেইবাবেই বিনয় কৰোঁ আপুনি যেন ধৈর্য্য ধৰি মোৰ কথাবোৰ শুনে৷ BSB BSB: especially since you are acquainted with all the Jewish customs and controversies. I beg you, therefore, to listen to me patiently.
4 ULB মোৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোক সকলে আৰু যিৰূচালেমত থকা সকলো ইহুদী লোকে জানে৷ BSB BSB: Surely all the Jews know how I have lived from my earliest childhood among my own people, and also in Jerusalem.
5 ULB ইয়াৰ উপৰিও তেখেত সকলে ইয়াকো জানে যে, মই ফৰীচী হৈয়ো কি দৰে আমাৰ ধর্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰীচী এজনৰ দৰেই জীৱন-যাপন কৰিছিলোঁ৷ এই বিষয়ে তেখেত সকলে সাক্ষীও দিব পাৰে৷" BSB BSB: They have known me for a long time and can testify, if they are willing, that I lived as a Pharisee, adhering to the strictest sect of our religion.
6 ULB "ঈশ্ৱৰে আমাৰ পূর্ব পুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছো ৷ BSB BSB: And now I stand on trial because of my hope in the promise that God made to our fathers,
7 ULB সেই অঙ্গীকাৰৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷ BSB BSB: the promise our twelve tribes are hoping to see fulfilled as they earnestly serve God day and night. It is because of this hope, O king, that I am accused by the Jews.
8 ULB ঈশ্ৱৰে যদি মৃতলোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্ৱাস্য বোধ কৰিছে? BSB BSB: Why would any of you consider it incredible that God raises the dead?
9 ULB ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ, BSB BSB: So then, I too was convinced that I ought to do all I could to oppose the name of Jesus of Nazareth.
10 ULB আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ অর্থাৎ প্ৰধান পুৰোহিতৰ পৰা ক্ষমতা পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷ BSB BSB: And that is what I did in Jerusalem. With authority from the chief priests I put many of the saints in prison, and when they were condemned to death, I cast my vote against them.
11 ULB এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমুহলৈকো যাত্ৰা কৰিছিলোঁ৷ BSB BSB: I frequently had them punished in the synagogues, and I tried to make them blaspheme. In my raging fury against them, I even went to foreign cities to persecute them.
12 ULB এইদৰে প্ৰধান পুৰোহিতৰ সকলৰ পৰা ক্ষমতা আৰু আজ্ঞা-পত্ৰ পোৱাৰ পাছত, দম্মেচক নগৰলৈ যাত্ৰা কৰোঁতে, BSB BSB: In this pursuit I was on my way to Damascus with the authority and commission of the chief priests.
13 ULB হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূর্যৰ ৰশ্মিতকৈয়ো দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোক সকলৰ চাৰিওফালে প্ৰকাশিত হ'ল৷ BSB BSB: About noon, O king, as I was on the road, I saw a light from heaven, brighter than the sun, shining around me and my companions.
14 ULB তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলো আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, "হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা? জোঙত লাথি মৰা তোমালৈ টান"; BSB BSB: We all fell to the ground, and I heard a voice say to me in Hebrew, ‘Saul, Saul, why do you persecute Me? It is hard for you to kick against the goads.’
15 ULB তেতিয়া মই সুধিলোঁ, "হে প্ৰভু, আপুনি কোন"? তেতিয়া প্ৰভুৱে কলে, "যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷ BSB BSB: ‘Who are You, Lord?’ I asked. ‘I am Jesus, whom you are persecuting,’ the Lord replied.
16 ULB এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পিছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হবলৈ তোমাক মনোনীত কৰিবৰ বাবে মই দর্শন দিলোঁ; BSB BSB: ‘But get up and stand on your feet. For I have appeared to you to appoint you as a servant and as a witness of what you have seen from Me and what I will show you.
17 ULB আৰু তেওঁলোকে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়, BSB BSB: I will rescue you from your own people and from the Gentiles. I am sending you to them
18 ULB এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হবলৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ অধিনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক পঠাওঁ৷" BSB BSB: to open their eyes, so that they may turn from darkness to light and from the power of Satan to God, that they may receive forgiveness of sins and an inheritance among those sanctified by faith in Me.’
19 ULB পৌলে এনেদৰে পুনৰ কবলৈ ধৰিলে- "হে ৰজা আগ্ৰিপ্প, মই সেই স্ৱর্গীয় দর্শনক অমান্য নকৰি BSB BSB: So then, King Agrippa, I was not disobedient to the heavenly vision.
20 ULB দম্মেচক আৰু যিৰূচালেমত থকা লোক সকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনা-ইহুদী সকলৰ আগতো মই প্ৰচাৰ কৰিলো, যাতে তেখেত সকলে মন-পালটাই ঈশ্ৱৰলৈ ঘূৰে আৰু মন-পালটনৰ যোগ্য আচৰণ ঈশ্ৱৰৰ সাক্ষাতে কৰে৷ BSB BSB: First to those in Damascus and Jerusalem, then to everyone in the region of Judea, and then to the Gentiles, I declared that they should repent and turn to God, performing deeds worthy of their repentance.
21 ULB সেই কাৰণে ইহুদী সকলে ধর্ম্মধামত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল ৷ BSB BSB: For this reason the Jews seized me in the temple courts and tried to kill me.
22 ULB এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছো; BSB BSB: But I have had God’s help to this day, and I stand here to testify to small and great alike. I am saying nothing beyond what the prophets and Moses said would happen:
23 ULB আৰু খ্ৰীষ্টৰ দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃতলোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়ে মই সৰু বৰ সকলোৰে আগত সাক্ষ্য দিওঁতে, ভাৱবাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে অন্য একো কথা কোৱা নাই৷" BSB BSB: that the Christ would suffer, and as the first to rise from the dead, would proclaim light to our people and to the Gentiles.”
26 ULB কিয়নো মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷ BSB BSB: For the king knows about these matters, and I can speak freely to him. I am confident that none of this has escaped his notice, because it was not done in a corner.
27 ULB হে ৰজা আগ্ৰীপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্ৱাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে" ৷ BSB BSB: King Agrippa, do you believe the prophets? I know you do.”
28 ULB তেতিয়া আগ্ৰীপ্পই পৌলক কলে, "তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷" BSB BSB: Then Agrippa said to Paul, “Can you persuade me in such a short time to become a Christian?”
29 ULB কিন্তু পৌলে কলে "অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলো ভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷" BSB BSB: “Short time or long,” Paul replied, “I wish to God that not only you but all who hear me this day may become what I am, except for these chains.”
30 ULB তেতিয়া ৰজা, দেশাধিপতি, বর্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি, BSB BSB: Then the king and the governor rose, along with Bernice and those seated with them.
31 ULB আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি কলে, "এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷" BSB BSB: On their way out, they said to one another, “This man has done nothing worthy of death or imprisonment.”
32 ULB তেতিয়া আগ্ৰীপ্পই ফীষ্টক কলে, "এই মানুহ জনে চিজাৰৰ ওচৰত আপীল নকৰা হ'লে মুকলি হব পাৰিলেহেতেন৷" BSB BSB: And Agrippa said to Festus, “This man could have been released if he had not appealed to Caesar.”
Select verses for actions: Enter goes to them and Escape comes back.