2 ULB তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰ-মুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে। BSB BSB: And a man who was lame from birth was being carried to the temple gate called Beautiful, where he was put every day to beg from those entering the temple courts.
3 ULB তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবলৈ বিনয় কৰিলে। BSB BSB: When he saw Peter and John about to enter, he asked them for money.
4 ULB তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, “আমালৈ চোৱা”। BSB BSB: Peter looked directly at him, as did John. “Look at us!” said Peter.
5 ULB তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল। BSB BSB: So the man gave them his attention, expecting to receive something from them.
6 ULB তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”। BSB BSB: But Peter said, “Silver or gold I do not have, but what I have I give you: In the name of Jesus Christ of Nazareth, get up and walk!”
7 ULB তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে। BSB BSB: Taking him by the right hand, Peter helped him up, and at once the man’s feet and ankles were made strong.
8 ULB তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল। BSB BSB: He sprang to his feet and began to walk. Then he went with them into the temple courts, walking and leaping and praising God.
9 ULB তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে। BSB BSB: When all the people saw him walking and praising God,
10 ULB পাছত তেওঁলোকে তেওঁক ধৰ্মধামৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে। BSB BSB: they recognized him as the man who used to sit begging at the Beautiful Gate of the temple, and they were filled with wonder and amazement at what had happened to him.
11 ULB সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল। BSB BSB: While the man clung to Peter and John, all the people were astonished and ran to them in the walkway called Solomon’s Colonnade.
12 ULB ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে? BSB BSB: And when Peter saw this, he addressed the people: “Men of Israel, why are you surprised by this? Why do you stare at us as if by our own power or godliness we had made this man walk?
13 ULB যি জন যীচুক আপোনালোকে শত্ৰুৰ হাতত সোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্ব-পুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে। BSB BSB: The God of Abraham, Isaac, and Jacob, the God of our fathers, has glorified His servant Jesus. You handed Him over and rejected Him before Pilate, even though he had decided to release Him.
14 ULB কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰ-বধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে নিবেদন কৰিলে BSB BSB: You rejected the Holy and Righteous One and asked that a murderer be released to you.
15 ULB আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছো BSB BSB: You killed the Author of life, but God raised Him from the dead, and we are witnesses of this fact.
16 ULB আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে। BSB BSB: By faith in the name of Jesus, this man whom you see and know has been made strong. It is Jesus’ name and the faith that comes through Him that has given him this complete healing in your presence.
17 ULB হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে। BSB BSB: And now, brothers, I know that you acted in ignorance, as did your leaders.
18 ULB কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে। BSB BSB: But in this way God has fulfilled what He foretold through all the prophets, saying that His Christ would suffer.
19 ULB এই কাৰণে মনপালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে; BSB BSB: Repent, then, and turn back, so that your sins may be wiped away,
20 ULB আৰু আপোনালোকৰ কাৰণে নিৰূপিত খ্রীষ্টক অৰ্থাৎ যীচুক যেন তেওঁ পঠাই দিয়ে। BSB BSB: that times of refreshing may come from the presence of the Lord, and that He may send Jesus, the Christ, who has been appointed for you.
23 ULB কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”। BSB BSB: Everyone who does not listen to Him will be completely cut off from among his people.’
24 ULB ইয়াৰ উপৰিও চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল। BSB BSB: Indeed, all the prophets from Samuel on, as many as have spoken, have proclaimed these days.
25 ULB আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্ব-পুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই প্রতিজ্ঞাৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্ব্বাদ পাব।" BSB BSB: And you are sons of the prophets and of the covenant God made with your fathers when He said to Abraham, ‘Through your offspring all the families of the earth will be blessed.’
26 ULB 7আপোনালোকৰ প্রতিজনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্ব্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে। BSB BSB: When God raised up His Servant, He sent Him first to you to bless you by turning each of you from your wicked ways.”
Select verses for actions: Enter goes to them and Escape comes back.