2 ULB অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনিসকলৰ চৰণত থলে। BSB BSB: With his wife’s full knowledge, he kept back some of the proceeds for himself, but brought a portion and laid it at the apostles’ feet.
4 ULB সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেন্তে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”। BSB BSB: Did it not belong to you before it was sold? And after it was sold, was it not at your disposal? How could you conceive such a deed in your heart? You have not lied to men, but to God!”
5 ULB এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।। BSB BSB: On hearing these words, Ananias fell down and died. And great fear came over all who heard what had happened.
6 ULB পাছত যুবকসকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে। BSB BSB: Then the young men stepped forward, wrapped up his body, and carried him out and buried him.
7 ULB প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে। BSB BSB: About three hours later his wife also came in, unaware of what had happened.
8 ULB পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?" তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।” BSB BSB: “Tell me,” said Peter, “is this the price you and your husband got for the land?” “Yes,” she answered, “that is the price.”
9 ULB তেতিয়া পিতৰে চাফিৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যিসকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব"। BSB BSB: “How could you agree to test the Spirit of the Lord?” Peter replied. “Look, the feet of the men who buried your husband are at the door, and they will carry you out also.”
10 ULB তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুবকসকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে। BSB BSB: At that instant she fell down at his feet and died. Then the young men came in and, finding her dead, carried her out and buried her beside her husband.
12 ULB পাছত পাঁচনিসকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল। BSB BSB: The apostles performed many signs and wonders among the people, and with one accord the believers gathered together in Solomon’s Colonnade.
13 ULB যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপিও আন লোকসকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে। BSB BSB: Although the people regarded them highly, no one else dared to join them.
14 ULB কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে। BSB BSB: Yet more and more believers were brought to the Lord—large numbers of both men and women.
15 ULB ইয়াৰ উপৰিও লোকসকলে পিতৰ অহা-যোৱা কৰোতে তেওঁৰ ছাঁ যেন ৰোগীসকলৰ গাত পৰে, এই আশাৰে ৰোগীসকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি। BSB BSB: As a result, people brought the sick into the streets and laid them on cots and mats, so that at least Peter’s shadow might fall on some of them as he passed by.
16 ULB যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোকসকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল। BSB BSB: Crowds also gathered from the towns around Jerusalem, bringing the sick and those tormented by unclean spirits, and all of them were healed.
17 ULB কিন্তু মহা পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোকসকল ঈর্ষাত জ্বলি উঠিল BSB BSB: Then the high priest and all his associates, who belonged to the party of the Sadducees, were filled with jealousy. They went out
18 ULB তেওঁলোকে পাঁচনিসকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে। BSB BSB: and arrested the apostles and put them in the public jail.
19 ULB কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে, BSB BSB: But during the night an angel of the Lord opened the doors of the jail and brought them out, saying,
20 ULB “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোকসকলৰ আগত কোৱাগৈ”। BSB BSB: “Go, stand in the temple courts and tell the people the full message of this new life.”
21 ULB আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতি পুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে প্রধান পুৰোহিত আৰু তেওঁৰ সংগীসকলে আহি ইহুদী সকলৰ জেষ্ঠ লোকসকলৰ এক মহাসভা মাতিলে আৰু পাঁচনিসকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে। BSB BSB: At daybreak the apostles entered the temple courts as they had been told and began to teach the people. When the high priest and his associates arrived, they convened the Sanhedrin—the full assembly of the elders of Israel—and sent to the jail for the apostles.
22 ULB কিন্তু সেই লোকসকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে, BSB BSB: But on arriving at the jail, the officers did not find them there. So they returned with the report:
23 ULB “আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।" BSB BSB: “We found the jail securely locked, with the guards posted at the doors; but when we opened them, we found no one inside.”
24 ULB এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্রধান পুৰোহিতসকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল। BSB BSB: When the captain of the temple guard and the chief priests heard this account, they were perplexed as to what was happening.
25 ULB তেনেতে কোনোবা এজনে আহি জনালে যে, "আপোনালোকে যিসকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোকসকলক উপদেশ দি আছে।" BSB BSB: Then someone came in and announced, “Look, the men you put in jail are standing in the temple courts teaching the people!”
26 ULB তেতিয়া সেনাধিপতিজনে তেওঁৰ লোকসকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনিসকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনিসকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে। BSB BSB: At that point, the captain went with the officers and brought the apostles—but not by force, for fear the people would stone them.
27 ULB পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোতে, প্রধান পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে, BSB BSB: They brought them in and made them stand before the Sanhedrin, where the high priest interrogated them.
28 ULB "এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপিও তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।" BSB BSB: “We gave you strict orders not to teach in this name,” he said. “Yet you have filled Jerusalem with your teaching and are determined to make us responsible for this man’s blood.”
29 ULB তেতিয়া পিতৰ আৰু আন পাঁচনিসকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত। BSB BSB: But Peter and the other apostles replied, “We must obey God rather than men.
30 ULB যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে। BSB BSB: The God of our fathers raised up Jesus, whom you had killed by hanging Him on a tree.
31 ULB সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্রাণকর্তা হিচাবে নিজৰ সোঁ-হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে। BSB BSB: God exalted Him to His right hand as Prince and Savior, in order to grant repentance and forgiveness of sins to Israel.
32 ULB এই কথাৰ আমি সাক্ষী আছো আৰু যিসকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।" BSB BSB: We are witnesses of these things, and so is the Holy Spirit, whom God has given to those who obey Him.”
33 ULB এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনিসকলক বধ কৰিবলৈ বিচাৰিলে। BSB BSB: When the Council members heard this, they were enraged, and they resolved to put the apostles to death.
34 ULB কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক,তেওঁ থিয় হ'ল আৰু পাঁচনিসকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে। BSB BSB: But a Pharisee named Gamaliel, a teacher of the law who was honored by all the people, stood up in the Sanhedrin and ordered that the men be put outside for a short time.
35 ULB তাৰপাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোকসকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওঁক। BSB BSB: “Men of Israel,” he said, “consider carefully what you are about to do to these men.
36 ULB কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰিশ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল। BSB BSB: Some time ago Theudas rose up, claiming to be somebody, and about four hundred men joined him. He was killed, all his followers were dispersed, and it all came to nothing.
38 ULB এতিয়া মই আপোনালোকক কওঁ, এই লোকসকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেন্তে ই ব্যর্থ হব৷ BSB BSB: So in the present case I advise you: Leave these men alone. Let them go! For if their purpose or endeavor is of human origin, it will fail.
39 ULB কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে। BSB BSB: But if it is from God, you will not be able to stop them. You may even find yourselves fighting against God.”
40 ULB তাৰপাছত তেওঁলোকে পাঁচনিসকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ নির্দেশ দি যাবলৈ দিলে। BSB BSB: At this, they yielded to Gamaliel. They called the apostles in and had them flogged. Then they ordered them not to speak in the name of Jesus, and released them.
41 ULB পাঁচনিসকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল। BSB BSB: The apostles left the Sanhedrin, rejoicing that they had been counted worthy of suffering disgrace for the Name.
42 ULB ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল। BSB BSB: Every day, in the temple courts and from house to house, they did not stop teaching and proclaiming the good news that Jesus is the Christ.
Select verses for actions: Enter goes to them and Escape comes back.