1 ULB হে ইস্ৰায়েলৰ লোকসমূহ, তোমালোকৰ বিৰুদ্ধে অর্থাৎ যিসকলক মিচৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই জনগোষ্ঠীৰেই বিৰুদ্ধে যিহোৱাই কোৱা এই বাক্য শুনা; BSB BSB: Hear this word that the LORD has spoken against you, O children of Israel, against the whole family that I brought up out of the land of Egypt:
2 ULB “পৃথিৱীৰ সকলো জনগোষ্ঠীৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললো। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ কাৰণে মই তোমালোকক দণ্ড দিম।। BSB BSB: “Only you have I known from all the families of the earth; therefore I will punish you for all your iniquities.”
3 ULB এক-পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে? BSB BSB: Can two walk together without agreeing where to go?
4 ULB চিকাৰ নোপোৱাকৈ অৰণ্যত সিংহই জানো গৰ্জ্জন কৰে? একো নধৰাকৈ যুবা সিংহই জানো তাৰ গাঁতৰ ভিতৰত গুজৰি থাকে? BSB BSB: Does a lion roar in the forest when he has no prey? Does a young lion growl in his den if he has caught nothing?
5 ULB ফান্দত টোপ নাথাকিলে জানো চৰাই ফান্দৰ ওচৰলৈ আহে? একো নধৰাকৈ জানো ফান্দ উফৰি উঠে? BSB BSB: Does a bird land in a snare where no bait has been set? Does a trap spring from the ground when it has nothing to catch?
6 ULB নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে? BSB BSB: If a ram’s horn sounds in a city, do the people not tremble? If calamity comes to a city, has not the LORD caused it?
7 ULB অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাৱবাদীসকলৰ ওচৰত তেওঁৰ নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে। BSB BSB: Surely the Lord GOD does nothing without revealing His plan to His servants the prophets.
8 ULB সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাৱবাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব? BSB BSB: The lion has roared—who will not fear? The Lord GOD has spoken—who will not prophesy?
9 ULB তোমালোকে অচদোদ আৰু মিচৰৰ সকলো দুর্গৰ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, ‘তোমালোকে চমৰিয়াৰ পৰ্ব্বতবোৰৰ ওপৰত গোট খোৱা; চোৱা, তাৰ মাজত কিমান বিশৃঙ্খল হৈছে! লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে!’” BSB BSB: Proclaim to the citadels of Ashdod and to the citadels of Egypt: “Assemble on the mountains of Samaria; see the great unrest in the city and the acts of oppression in her midst.”
10 ULB কিয়নো, প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে। BSB BSB: “For they know not how to do right,” declares the LORD. “They store up violence and destruction in their citadels.”
11 ULB এই হেতুকে কোনো এজন শত্ৰুৱে দেশ ঘেৰাও কৰিব; তেওঁ তেওঁলোকৰ শক্তিশালী প্রতিৰক্ষাৰ উপায়বোৰ ধ্বংস কৰিব আৰু দুর্গবোৰ লুট কৰিব।” BSB BSB: Therefore this is what the Lord GOD says: “An enemy will surround the land; he will pull down your strongholds and plunder your citadels.”
12 ULB যিহোৱাই এই কথা কৈছে, “ভেড়াৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল ভেড়াৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব।” BSB BSB: This is what the LORD says: “As the shepherd snatches from the mouth of the lion two legs or a piece of an ear, so the Israelites dwelling in Samaria will be rescued having just the corner of a bed or the cushion of a couch.
13 ULB বাহিনীগণৰ ঈশ্বৰ যিহোৱাই কৈছে, “তোমালোকে শুনা আৰু যাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া। BSB BSB: Hear and testify against the house of Jacob, declares the Lord GOD, the God of Hosts.
14 ULB কিয়নো, মই যিদিনা পাপৰ কাৰণে ইস্ৰায়েলক দণ্ড দিম, সেইদিনা মই বৈৎ-এলৰ যজ্ঞবেদীবোৰ ভাঙি পেলাম; বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব। BSB BSB: On the day I punish Israel for their transgressions, I will visit destruction on the altars of Bethel; the horns of the altar will be cut off, and they will fall to the ground.