1 ULB আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক অধিকাৰৰ অৰ্থে দিছে, সেই দেশত গোটেই জীৱনকাল আপোনালোকে এই সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ মানি চলিব। BSB BSB: These are the statutes and ordinances you must be careful to follow all the days you live in the land that the LORD, the God of your fathers, has given you to possess.
2 ULB আপোনালোকে যি জাতিবোৰক উচ্ছেদ কৰিব, তেওঁলোকে ওখ পর্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ-দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ আপোনালোকে সম্পূর্ণকৈ ধ্বংস কৰিব। BSB BSB: Destroy completely all the places where the nations you are dispossessing have served their gods—atop the high mountains, on the hills, and under every green tree.
3 ULB তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ আচেৰা মূৰ্ত্তিবোৰ জুইত পুৰি পেলাব, তেওঁলোকৰ দেৱতাৰ সকলো কটা-প্ৰতিমাবোৰ কাটি পেলাব আৰু এই দৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। BSB BSB: Tear down their altars, smash their sacred pillars, burn up their Asherah poles, cut down the idols of their gods, and wipe out their names from every place.
4 ULB আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উপসনা সেই লোকসকলে কৰাৰ দৰে নকৰিব। BSB BSB: You shall not worship the LORD your God in this way.
5 ULB কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব। BSB BSB: Instead, you must seek the place the LORD your God will choose from among all your tribes to establish as a dwelling for His Name, and there you must go.
6 ULB আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব। BSB BSB: To that place you are to bring your burnt offerings and sacrifices, your tithes and heave offerings, your vow offerings and freewill offerings, as well as the firstborn of your herds and flocks.
7 ULB সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্য্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব। BSB BSB: There, in the presence of the LORD your God, you and your households shall eat and rejoice in all you do, because the LORD your God has blessed you.
8 ULB আমি এতিয়া ইয়াত যি যি কাৰ্য্য কৰিছোঁ, সেইবোৰৰ দৰে আপোনালোকে সেই ঠাইত নকৰিব; প্ৰতিজনে নিজৰ চকুত যি ভাল দেখে তাকে নকৰিব। BSB BSB: You are not to do as we are doing here today, where everyone does what seems right in his own eyes.
9 ULB কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিশ্ৰামৰ কাৰণে যি আধিপত্য আপোনালোকক দিবলৈ গৈছে, আপোনালোকে এতিয়াও সেই ঠাইত প্রৱেশ কৰা নাই। BSB BSB: For you have not yet come to the resting place and the inheritance that the LORD your God is giving you.
10 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্য হিচাবে যি দেশ আপোনালোকক দিছে, আপোনালোকে যৰ্দন নদী পাৰ হৈ যেতিয়া সেই দেশত বাস কৰিব, তেতিয়া তেওঁ অপোনালোকৰ চাৰিওফালে থকা শত্রুবোৰৰ কাষৰ পৰা আপোনালোকক বিশ্রাম দিব আৰু আপোনালোকে নিৰাপদে সেই ঠাইত বাস কৰিব পাৰিব। BSB BSB: When you cross the Jordan and live in the land that the LORD your God is giving you as an inheritance, and He gives you rest from all the enemies around you and you dwell securely,
11 ULB তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য। BSB BSB: then the LORD your God will choose a dwelling for His Name. And there you are to bring everything I command you: your burnt offerings and sacrifices, your tithes and special gifts, and all the choice offerings you vow to the LORD.
12 ULB সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব। BSB BSB: And you shall rejoice before the LORD your God—you, your sons and daughters, your menservants and maidservants, and the Levite within your gates, since he has no portion or inheritance among you.
13 ULB নিজৰ বিষয়ে সাৱধান হ'ব। যি কোনো স্থানতে আপোনালোকে হোম-বলি উৎসৰ্গ নকৰিব; BSB BSB: Be careful not to offer your burnt offerings in just any place you see;
14 ULB কিন্তু আপোনালোকৰ জনগোষ্ঠীৰ মাজত যিহোৱাই যি ঠাই মনোনীত কৰিব, কেৱল সেই ঠাইতেহে হোম-বলি উৎসৰ্গ কৰিব আৰু সেই ঠাইতেহে মই আদেশ কৰা সকলো আজ্ঞা পালন কৰিব। BSB BSB: you must offer them only in the place the LORD will choose in one of your tribal territories, and there you shall do all that I command you.
15 ULB তেতিয়াহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰি যি সকলো পশু দিব, সেইবোৰ আপোনালোকে আপোনালোকৰ দুৱাৰৰ ভিতৰত নগৰত মাৰি মাংস ভোজন কৰিব পাৰিব; যেনেকৈ আপোনালোকৰ শুচি আৰু অশুচি সকলো লোকেই কৃষ্ণসাৰ আৰু হৰিণাৰ মাংস খায়। BSB BSB: But whenever you want, you may slaughter and eat meat within any of your gates, according to the blessing the LORD your God has given you. Both the ceremonially clean and unclean may eat it as they would a gazelle or deer,
16 ULB কিন্তু আপোনালোকে তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব। BSB BSB: but you must not eat the blood; pour it on the ground like water.
17 ULB আপোনালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশমভাগ নাইবা গৰু-ছাগলী, মেৰ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য আপোনালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিব; BSB BSB: Within your gates you must not eat the tithe of your grain or new wine or oil, the firstborn of your herds or flocks, any of the offerings that you have vowed to give, or your freewill offerings or special gifts.
18 ULB কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্য্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব। BSB BSB: Instead, you must eat them in the presence of the LORD your God at the place the LORD your God will choose—you, your sons and daughters, your menservants and maidservants, and the Levite within your gates. Rejoice before the LORD your God in all you do,
19 ULB শুনক, আপোনালোকে যিমান দিন আপোনালোকৰ দেশত বাস কৰিব, সিমান দিনলৈকে লেবীয়াসকলক ত্যাগ নকৰিব। BSB BSB: and be careful not to neglect the Levites as long as you live in your land.
20 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই কৰা নিজ প্ৰতিজ্ঞাৰ দৰে সীমা বিস্তাৰ কৰাৰ পাছত যেতিয়া আপোনালোকে মাংস খাবলৈ ইচ্ছা কৰি ক’ব, “মাংস খাম,” তেতিয়া আপোনালোকে ইচ্ছা মনেৰে মাংস খাব পাৰিব। BSB BSB: When the LORD your God expands your territory as He has promised, and you crave meat and say, “I want to eat meat,” you may eat it whenever you want.
21 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল’ব, সেয়ে যদি আপোনালোকৰ ওচৰৰ পৰা বহুত দূৰৈত হয়, তেন্তে মই দিয়া আজ্ঞা অনুসাৰে আপোনালোকে যিহোৱাই আপোনালোকক দিয়া গৰু-ছাগলী, মেৰ আদি জাকৰ পৰা পশু লৈ মাৰিব পাৰিব আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিব। BSB BSB: If the place where the LORD your God chooses to put His Name is too far from you, then you may slaughter any of the herd or flock He has given you, as I have commanded you, and you may eat it within your gates whenever you want.
22 ULB কৃষ্ণ-সাৰ আৰু হৰিণাৰ মাংস খোৱাৰ দৰেই আপোনালোকে তাক খাব; শুচি বা অশুচি সকলো লোকেই তাক ভোজন কৰিব পাৰিব। BSB BSB: Indeed, you may eat it as you would eat a gazelle or deer; both the ceremonially unclean and the clean may eat it.
23 ULB কিন্তু সাৱধান! তেজ নাখাব; কিয়নো তেজেই হৈছে জীৱনৰ প্ৰাণ; এই হেতুকে মঙহেৰে সৈতে প্ৰাণ নাখাব। BSB BSB: Only be sure not to eat the blood, because the blood is the life, and you must not eat the life with the meat.
24 ULB আপোনালোকে তাক নাখাই পানীৰ দৰে মাটিত ঢালি দিব। BSB BSB: You must not eat the blood; pour it on the ground like water.
25 ULB আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তানসকলৰ মঙ্গল হ’বৰ কাৰণে আপোনালোকে তেজ পান নকৰিব; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ’ব। BSB BSB: Do not eat it, so that it may go well with you and your children after you, because you will be doing what is right in the eyes of the LORD.
26 ULB যিহোৱাই মনোনীত কৰা ঠাইত কেৱল আপোনালোকৰ পবিত্ৰ দ্ৰব্য আৰু সংকল্প কৰা নৈব্যদ্য নিব লাগিব। BSB BSB: But you are to take your holy things and your vow offerings and go to the place the LORD will choose.
27 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত আপোনালোকে আপোনালোকৰ হোমবলি অর্থাৎ মঙহ আৰু তেজ উৎসৰ্গ কৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত বলিৰ তেজ ঢালি দিব লাগিব; কিন্তু তাৰ মাংস আপোনালোকে খাব পাৰিব। BSB BSB: Present the meat and blood of your burnt offerings on the altar of the LORD your God. The blood of your other sacrifices must be poured out beside the altar of the LORD your God, but you may eat the meat.
28 ULB আপোনালোকৰ আৰু আপোনালোকৰ পাছত আপোনালোকৰ ভাবী সন্তানসকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা আপোনালোকে যত্নেৰে পালন কৰিব; কাৰণ তেনে কৰিলে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাক কৰা হ’ব। BSB BSB: Be careful to obey all these things I command you, so that it may always go well with you and your children after you, because you will be doing what is good and right in the eyes of the LORD your God.
29 ULB যি জাতিসকলৰ আধিপত্য ল’বলৈ আপোনালোক গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগৰ পৰা তেওঁলোকক একেবাৰে ধ্বংস কৰি দিব। যেতিয়া আধিপত্য ভোগ কৰি তেওঁলোকৰ দেশত বাস কৰিব, BSB BSB: When the LORD your God cuts off before you the nations you are entering to dispossess, and you drive them out and live in their land,
30 ULB তেতিয়া সাৱধান হ’ব যাতে আপোনালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ আপোনালোকে এইবুলি সুধি ফান্দত নপৰিব “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? শেষত ক’ব ‘ময়ো তেনেকৈ কৰিম’।” BSB BSB: be careful not to be ensnared by their ways after they have been destroyed before you. Do not inquire about their gods, asking, “How do these nations serve their gods? I will do likewise.”
32 ULB মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব। BSB BSB: See that you do everything I command you; do not add to it or subtract from it.
Select verses for actions: Enter goes to them and Escape comes back.