1 ULB যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে। BSB BSB: When you go out to war against your enemies and see horses, chariots, and an army larger than yours, do not be afraid of them; for the LORD your God, who brought you out of the land of Egypt, is with you.
2 ULB যেতিয়া আপোনালোকে যুদ্ধলৈ যাবলৈ সাজু হ’ব, পুৰোহিতে আগবাঢ়ি আহি সৈন্যদলক উদ্দেশ্যি ক’ব, BSB BSB: When you are about to go into battle, the priest is to come forward and address the army,
3 ULB “হে ইস্ৰায়েলীয়াসকল, শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রুপক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা। BSB BSB: saying to them, “Hear, O Israel, today you are going into battle with your enemies. Do not be fainthearted or afraid; do not be alarmed or terrified because of them.
4 ULB কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।” BSB BSB: For the LORD your God goes with you to fight for you against your enemies, to give you the victory.”
5 ULB তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, মৰিলে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব। BSB BSB: Furthermore, the officers are to address the army, saying, “Has any man built a new house and not dedicated it? Let him return home, or he may die in battle and another man dedicate it.
6 ULB দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেৱোঁ নিজ ঘৰলৈ উলটি যাওঁক। নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে তাৰ ফল ভোগ কৰিব। BSB BSB: Has any man planted a vineyard and not begun to enjoy its fruit? Let him return home, or he may die in battle and another man enjoy its fruit.
7 ULB বিয়াৰ সম্বন্ধ হোৱাৰ পাছত বিয়া নকৰাকৈ থকা কোনো লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে সেই ছোৱালীক বিয়া কৰিব।” BSB BSB: Has any man become pledged to a woman and not married her? Let him return home, or he may die in battle and another man marry her.”
8 ULB সেই বিষয়াসকলে পুণৰ ক’ব যে, “তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওঁক; নহ’লে আন ইস্রয়েলীয়া ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি পৰিব।” BSB BSB: Then the officers shall speak further to the army, saying, “Is any man afraid or fainthearted? Let him return home, so that the hearts of his brothers will not melt like his own.”
9 ULB সৈন্যসকলৰ ওচৰত কথা কোৱা শেষ কৰি বিষয়াসকলে সৈন্যদলৰ ওপৰত সেনাপতি নিযুক্ত কৰিব। BSB BSB: When the officers have finished addressing the army, they are to appoint commanders to lead it.
10 ULB আপোনালোকে কোনো নগৰ আক্রমণ কৰিবলৈ যাওঁতে, প্ৰথমতে সেই ঠাইৰ লোকসকলৰ ওচৰত শান্তিৰ প্রস্তাৱ আগবঢ়াব। BSB BSB: When you approach a city to fight against it, you are to make an offer of peace.
11 ULB যদি তেওঁলোকে প্রস্তাৱ গ্রহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ আপোনালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাইৰ সকলো লোক আপোনালোকৰ অধীনত ক্রীতদাস হ’ব আৰু আপোনালোকৰ কাৰণে কার্য কৰিবলৈ বাধ্য হ’ব। BSB BSB: If they accept your offer of peace and open their gates, all the people there will become forced laborers to serve you.
12 ULB কিন্তু যদি শান্তিৰ প্রস্তাৱ প্রত্যাখান কৰে আৰু তাৰ পৰিবর্তে আপোনালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া আপোনালোকে সেই নগৰ অৱৰোধ কৰিব। BSB BSB: But if they refuse to make peace with you and wage war against you, lay siege to that city.
13 ULB আপোনলোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া আপোনালোকক জয়ী কৰিব আৰু সেই ঠাই আপোনালোকৰ হাতত তুলি দিব, তেতিয়া নগৰৰ সকলো পুৰুষকে আপোনালোকে বধ কৰিব। BSB BSB: When the LORD your God has delivered it into your hand, you must put every male to the sword.
14 ULB কিন্তু মহিলাসকলক, শিশুসকলক আৰু পশুপাল আদি কৰি সেই নগৰত থকা আন সকলো বস্তু আপোনালোকে লুটদ্রব্যৰ সামগ্রীৰূপে নিজৰ কাৰণে নিব পাৰিব। শত্রুবোৰৰ দেশৰ পৰা লুট কৰা যি সকলো বস্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিব, তাক আপোনালোকে ভোগ কৰিব পাৰিব। BSB BSB: But the women, children, livestock, and whatever else is in the city—all its spoil—you may take as plunder, and you shall use the spoil of your enemies that the LORD your God gives you.
15 ULB যিবোৰ নগৰ আপোনালোকৰ দেশৰ পৰা অনেক দূৰৈত আছে, যিবোৰ আপোনালোকৰ ওচৰৰ জাতিবোৰৰ নগৰ নহয়, সেইবোৰৰ প্রতি আপোনালোকে সেইদৰে কৰিব। BSB BSB: This is how you are to treat all the cities that are far away from you and do not belong to the nations nearby.
16 ULB কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে এই জাতিবোৰৰ যি সকলো নগৰ আপোনালোকক দিব, সেইবোৰ ঠাইৰ কোনো প্ৰাণীকে আপোনালোকে জীৱিত নাৰাখিব; BSB BSB: However, in the cities of the nations that the LORD your God is giving you as an inheritance, you must not leave alive anything that breathes.
17 ULB কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আপোনালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাব। BSB BSB: For you must devote them to complete destruction—the Hittites, Amorites, Canaanites, Perizzites, Hivites, and Jebusites—as the LORD your God has commanded you,
18 ULB এনে নহওঁক যে যি ঘৃণণীয় কার্য তেওঁলোকে নিজৰ দেৱতাসকলৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ আপোনালোককো শিকাব। তাতে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিব। BSB BSB: so that they cannot teach you to do all the detestable things they do for their gods, and so cause you to sin against the LORD your God.
19 ULB আপোনালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিব, তেতিয়া তাত থকা গছবোৰ কুঠাৰৰে কাটি নষ্ট নকৰিব। কিয়নো সেই গছবোৰৰ ফল আপোনালোকে খাব পাৰিব। সেয়ে আপোনালোকে গছবোৰ নাকাটিব। পথাৰৰ গছবোৰ জানো মানুহ যে, সেইবোৰক আপোনালোকে অৱৰোধ কৰিব? BSB BSB: When you lay siege to a city for an extended time while fighting against it to capture it, you must not destroy its trees by putting an axe to them, because you can eat their fruit. You must not cut them down. Are the trees of the field human, that you should besiege them?
20 ULB কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিব, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিব আৰু যি ঠাইৰ লোকসকলে আপোনালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক আপোনালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিব। BSB BSB: But you may destroy the trees that you know do not produce fruit. Use them to build siege works against the city that is waging war against you, until it falls.
Select verses for actions: Enter goes to them and Escape comes back.