1 ULB কোনো পুৰুষে কোনো যুৱতীক বিয়া কৰাৰ পাছত, যদি তাইত কোনো দোষ পোৱাৰ কাৰণে, তাই তেওঁৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দিব আৰু তাইক নিজ ঘৰৰ পৰা বিদায় দিব পাৰিব। BSB BSB: If a man marries a woman, but she becomes displeasing to him because he finds some indecency in her, he may write her a certificate of divorce, hand it to her, and send her away from his house.
2 ULB সেই মহিলাই তেওঁৰ ঘৰৰ পৰা ওলাই গৈ, আন পুৰুষৰে সৈতে বিয়া হ’ব পাৰিব। BSB BSB: If, after leaving his house, she goes and becomes another man’s wife,
3 ULB কিন্তু পাছত দ্বিতীয় স্বামীয়েও যদি তাইক পছন্দ নকৰে আৰু এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দি, নিজৰ ঘৰৰ পৰা তাইক বিদায় দিয়ে বা সেই দ্বিতীয় স্বামীৰ যদি মৃত্যু হয়, BSB BSB: and the second man hates her, writes her a certificate of divorce, hands it to her, and sends her away from his house, or if he dies,
4 ULB তেন্তে তাইৰ প্রথম স্বামী, যি জনে তাইক বিদায় দিছিল তেওঁ তাইক পুণৰ ভার্যা কৰি ল’ব নোৱাৰিব। কাৰণ তাই অশুচি হ’ল। এই ধৰণৰ বিয়া যিহোৱাৰ দৃষ্টিত ঘিণলগীয়া। আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিব, আপোনালোকে এইভাৱে সেই দেশক পাপত নেপেলাব। BSB BSB: then the husband who divorced her first may not remarry her after she has been defiled, for that is an abomination to the LORD. You must not bring sin upon the land that the LORD your God is giving you as an inheritance.
5 ULB অলপতে বিয়া কৰা পুৰুষে সৈন্য সমুহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব। BSB BSB: If a man is newly married, he must not be sent to war or be pressed into any duty. For one year he is free to stay at home and bring joy to the wife he has married.
6 ULB ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়। BSB BSB: Do not take a pair of millstones or even an upper millstone as security for a debt, because that would be taking one’s livelihood as security.
7 ULB কোনো মানুহে যদি ইস্ৰায়েলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব। BSB BSB: If a man is caught kidnapping one of his Israelite brothers, whether he treats him as a slave or sells him, the kidnapper must die. So you must purge the evil from among you.
8 ULB চর্মৰোগে দেখা দিলে আপোনালোক সতর্ক হ’ব লাগিব আৰু লেবীয়া পুৰোহিতসকলে যি নির্দশ দিব, সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব; মই তেওঁলোকক যি যি আজ্ঞা দিছিলো, তাক পালন কৰি আপোনালোকে সেই মতে কাৰ্য্য কৰিব। BSB BSB: In cases of infectious skin diseases, be careful to diligently follow everything the Levitical priests instruct you. Be careful to do as I have commanded them.
9 ULB মিচৰ দেশৰ পৰা আপোনালোক ওলাই অহাৰ সময়ত বাটত আপোনালোকৰ ঈশ্বৰ যিহোৱাই মিৰিয়মলৈ কি ব্যৱস্থা কৰিছিল তাক সোঁৱৰণ কৰিব। BSB BSB: Remember what the LORD your God did to Miriam on the journey after you came out of Egypt.
10 ULB ওচৰ-চুবুৰীয়াক আপোনালোকে কিবা ধাৰ দিলে, বন্ধক হিচাবে কিবা বস্তু আনিবৰ কাৰণে আপোনালোক তেওঁৰ ঘৰৰ ভিতৰত নোসোমাবা। BSB BSB: When you lend anything to your neighbor, do not enter his house to collect security.
11 ULB বাহিৰত থিয় হৈ থাকিব আৰু যি জনক ধাৰ দিয়ে, তেওঁকেই বন্ধকী বস্তু উলিয়াই আপোনালোকৰ ওচৰলৈ আনিব দিয়ক। BSB BSB: You are to stand outside while the man to whom you are lending brings the security out to you.
13 ULB সূৰ্য্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিব যাতে তেওঁ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে আপোনালোকক আশীৰ্ব্বাদ দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কার্যই ধাৰ্ম্মিকতা হ’ব। BSB BSB: be sure to return it to him by sunset, so that he may sleep in his own cloak and bless you, and this will be credited to you as righteousness before the LORD your God.
14 ULB আপোনালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিব- তেওঁ আপোনালোকৰ কোনো ইস্রায়েলীয়া ভাইয়ে হওক, বা আপোনালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক। BSB BSB: Do not oppress a hired hand who is poor and needy, whether he is a brother or a foreigner residing in one of your towns.
15 ULB প্রতিদিনে আপোনালোকে তেওঁৰ মজুৰি দিব। সূৰ্য্য মাৰ যোৱাৰ আগেয়ে তাক আপোনালোকে পৰিশোধ কৰিব। কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতে তেওঁ ভাৰসা কৰে। আপোনালোকে এই কার্য কৰিব যাতে তেওঁ আপোনাৰ অহিতে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আপোনালোকৰ পাপ হ’ব। BSB BSB: You are to pay his wages each day before sunset, because he is poor and depends on them. Otherwise he may cry out to the LORD against you, and you will be guilty of sin.
16 ULB সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব। BSB BSB: Fathers shall not be put to death for their children, nor children for their fathers; each is to die for his own sin.
17 ULB বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিব আৰু কোনো বিধৱাৰ কাপোৰ বন্ধক স্বৰূপে নল’ব। BSB BSB: Do not deny justice to the foreigner or the fatherless, and do not take a widow’s cloak as security.
18 ULB মনত ৰাখিব, মিচৰ দেশত আপোনালোক দাস আছিল আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰা আপোনালোকক মুক্ত কৰি আনিলে। এইবাবেই মই আপোনলোকক এই সকলো কাৰ্য্য কৰিবলৈ আজ্ঞা দিছোঁ। BSB BSB: Remember that you were slaves in Egypt, and the LORD your God redeemed you from that place. Therefore I am commanding you to do this.
19 ULB আপোনালোকৰ খেতিৰ শস্য দোৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যায়, তেন্তে তাক আনিবলৈ উলটি নাযাব; সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে হ’ব। তাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কাৰ্য্যতে আপোনালোকক আশীৰ্ব্বাদ কৰিব। BSB BSB: If you are harvesting in your field and forget a sheaf there, do not go back to get it. It is to be left for the foreigner, the fatherless, and the widow, so that the LORD your God may bless you in all the work of your hands.
20 ULB জলপাই পাৰাৰ সময়ত আপোনালোকে একেবোৰ ডালৰ পৰা দুবাৰ ফল পাৰিবলৈ নাযাব। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে ৰাখিব। BSB BSB: When you beat the olives from your trees, you must not go over the branches again. What remains will be for the foreigner, the fatherless, and the widow.
21 ULB আপোনালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত, একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিব। যি থাকি যাব, সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে ৰাখিব। BSB BSB: When you gather the grapes of your vineyard, you must not go over the vines again. What remains will be for the foreigner, the fatherless, and the widow.
22 ULB পাহৰি নাযাব যে আপোনালোকো মিচৰ দেশত দাস আছিল। সেইবাবেই মই আপোনালোকক এই সকলো কৰিবলৈ আজ্ঞা দিছোঁ। BSB BSB: Remember that you were slaves in the land of Egypt. Therefore I am commanding you to do this.
Select verses for actions: Enter goes to them and Escape comes back.