1 ULB মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলক লগত লৈ লোকসকলক এই আজ্ঞা দিলে, “যি সকলো আজ্ঞা মই আজি আপোনালোকক দিছো, তাক আপোনালোকে পালন কৰিব। BSB BSB: Then Moses and the elders of Israel commanded the people: “Keep all the commandments I am giving you today.
2 ULB আপোনালোকে যি দিনা যর্দন নদী পাৰ হৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশলৈ যাব, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল’ব আৰু চূণেৰে সেইবোৰ লিপি দিব। BSB BSB: And on the day you cross the Jordan into the land that the LORD your God is giving you, set up large stones and coat them with plaster.
3 ULB সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিব। আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ আপোনালোকক দিব, আপোনালোক তাত যোৱাৰ পাছত, BSB BSB: Write on them all the words of this law when you have crossed over to enter the land that the LORD your God is giving you, a land flowing with milk and honey, just as the LORD, the God of your fathers, has promised you.
4 ULB অর্থাৎ যর্দন নদী পাৰ হৈ যোৱাৰ পাছত মই আজি আপোনালোকক যি আজ্ঞা কৰিছো, আপোনালোকে সেই সকলো শিল এবল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চুণেৰে লিপি দিব। BSB BSB: And when you have crossed the Jordan, you are to set up these stones on Mount Ebal, as I am commanding you today, and you are to coat them with plaster.
5 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আপোনালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নির্ম্মাণ কৰিব। সেই শিলবোৰৰ ওপৰত আপোনালোকে কোনো লোহাৰ সজুলি ব্যৱহাৰ নকৰিব। BSB BSB: Moreover, you are to build there an altar to the LORD your God, an altar of stones. You must not use any iron tool on them.
6 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ এই যজ্ঞবেদীটো আপোনালোকে নকটা-শিলেৰে নিৰ্ম্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিব। BSB BSB: You shall build the altar of the LORD your God with uncut stones and offer upon it burnt offerings to the LORD your God.
7 ULB আপোনালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিব। BSB BSB: There you are to sacrifice your peace offerings, eating them and rejoicing in the presence of the LORD your God.
8 ULB সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিব।” BSB BSB: And you shall write distinctly upon these stones all the words of this law.”
9 ULB পাছত মোচি আৰু লেবীয়া পুৰোহিতসকলে সকলো ইস্ৰায়েলীয়াক ক’লে, “হে ইস্ৰায়েলীয়াসকল, আপোনালোকে মনে মনে থাকি শুনক; আজি আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’ল। BSB BSB: Then Moses and the Levitical priests spoke to all Israel: “Be silent, O Israel, and listen! This day you have become the people of the LORD your God.
10 ULB আপোনালোকে সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিব। আজি মই আপোনালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ আপোনালোকে পালন কৰি চলিব। BSB BSB: You shall therefore obey the voice of the LORD your God and follow His commandments and statutes I am giving you today.”
11 ULB সেই দিনা মোচিয়ে লোকসকলক এই আজ্ঞা কৰিলে, BSB BSB: On that day Moses commanded the people:
12 ULB “আপোনালোকে যর্দন নদী পাৰ হোৱাৰ পাছত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই জনগোষ্ঠীৰ লোকসকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব; BSB BSB: “When you have crossed the Jordan, these tribes shall stand on Mount Gerizim to bless the people: Simeon, Levi, Judah, Issachar, Joseph, and Benjamin.
13 ULB ৰূবেণ, গাদ, আচেৰ, জবুলুন, দান আৰু নপ্তালী, জনগোষ্ঠীৰ লোকসকলে শাও দিবলৈ এবল পৰ্ব্বতত থিয় হ’ব। BSB BSB: And these tribes shall stand on Mount Ebal to deliver the curse: Reuben, Gad, Asher, Zebulun, Dan, and Naphtali. 14 ULB লেবীয়াসকলে তেতিয়া ইস্ৰায়েলীয়া সকলো লোকক বৰ মাতেৰে ক’ব: BSB BSB: Then the Levites shall proclaim in a loud voice to every Israelite:
16 ULB যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’ BSB BSB: ‘Cursed is he who dishonors his father or mother.’ And let all the people say, ‘Amen!’
17 ULB যিকোনোৱে ওচৰ-চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে সেয়ে হওক বুলি ক’ব। BSB BSB: ‘Cursed is he who moves his neighbor’s boundary stone.’ And let all the people say, ‘Amen!’
18 ULB যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who lets a blind man wander in the road.’ And let all the people say, ‘Amen!’
19 ULB যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who withholds justice from the foreigner, the fatherless, or the widow.’ And let all the people say, ‘Amen!’
20 ULB যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who sleeps with his father’s wife, for he has violated his father’s marriage bed.’ And let all the people say, ‘Amen!’
21 ULB যি কোনোৱে পশুৰ সৈতে সহবাস কৰে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who lies with any animal.’ And let all the people say, ‘Amen!’
22 ULB যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who sleeps with his sister, the daughter of his father or the daughter of his mother.’ And let all the people say, ‘Amen!’
23 ULB যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who sleeps with his mother-in-law.’ And let all the people say, ‘Amen!’
24 ULB যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who strikes down his neighbor in secret.’ And let all the people say, ‘Amen!’
25 ULB যি কোনোৱে নিৰ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who accepts a bribe to kill an innocent person.’ And let all the people say, ‘Amen!’
26 ULB যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ BSB BSB: ‘Cursed is he who does not put the words of this law into practice.’ And let all the people say, ‘Amen!’
Select verses for actions: Enter goes to them and Escape comes back.