1 ULB মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাওৰ বিষয়ে যি যি কথা কলো, সেইবোৰ আপোনালোকৰ ওপৰলৈ আহিব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো জাতিবোৰৰ মাজত আপোনালোকক উলিয়াই পঠিয়াব, সেই জাতিবোৰৰ মাজত থাকোতে এইবোৰ কথা আপোনালোকে সোঁৱৰণ কৰিব। BSB BSB: “When all these things come upon you—the blessings and curses I have set before you—and you call them to mind in all the nations to which the LORD your God has banished you,
2 ULB সেই সময়ত আপোনালোক আৰু আপোনালোকৰ সন্তানসকলে যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱালৈ ঘূৰি আহে আৰু আজি মই আপোনালোকক যিসকলো আজ্ঞা দিছো সেই সকলো পালন কৰে, BSB BSB: and when you and your children return to the LORD your God and obey His voice with all your heart and all your soul according to everything I am giving you today,
3 ULB তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ বন্দী-অৱস্থা সলনি কৰিব, আৰু আপোনালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ আপোনালোকক সিচঁৰিত কৰিব, সেইসকল জাতিৰ মাজৰ পৰা পুনৰায় আপোনালোকক আনি গোটাব। BSB BSB: then He will restore you from captivity and have compassion on you and gather you from all the nations to which the LORD your God has scattered you.
4 ULB এনেকি দেশান্তৰিত হোৱা আপোনালোকৰ কোনো আকাশৰ তলত দূৰৈৰ শেষ সীমনাতো যদি থাকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰাও আপোনালোকক গোটাই আনিব; তাৰ পৰাও তেওঁ আপোনালোকক লৈ আনিব। BSB BSB: Even if you have been banished to the farthest horizon, He will gather you and return you from there.
5 ULB আপোনালোকৰ পূর্ব-পুৰুষসকলৰ দেশলৈকে তেওঁ আপোনালোকক ঘূৰাই আনিব আৰু আপোনালোকে তাক পুণৰ অধিকাৰ কৰিব। তেওঁ আপোনালোকৰ মঙ্গল কৰিব আৰু পূর্বপুৰুষসকলতকৈও আপোনালোকৰ জনসংখ্যা বৃদ্ধি কৰিব। BSB BSB: And the LORD your God will bring you into the land your fathers possessed, and you will take possession of it. He will cause you to prosper and multiply more than your fathers.
6 ULB আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব। BSB BSB: The LORD your God will circumcise your hearts and the hearts of your descendants, and you will love Him with all your heart and with all your soul, so that you may live.
7 ULB যিসকলে আপোনালোকক ঘৃণা আৰু তাড়না কৰিব, এই সকলো শাও যিহোৱাই আপোনালোকৰ সেই শত্রুবোৰৰ ওপৰত আনিব BSB BSB: Then the LORD your God will put all these curses upon your enemies who hate you and persecute you.
8 ULB তেতিয়া আপোনালোকে পুণৰ উলটি আহি যিহোৱাৰ বাধ্য হৈ চলিব আৰু তেওঁৰ যি সকলো আজ্ঞা আজি মই আপোনালোকক দিছো, সেইবোৰ পালন কৰিব। BSB BSB: And you will again obey the voice of the LORD and follow all His commandments I am giving you today.
9 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। আপোনালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি আপোনালোকক ঐশ্বর্যশালী কৰিব। কিয়নো আপোনালোকৰ পূর্বপুৰুষসকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, আপোনালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুণৰ আপোনালোকক লৈ আনন্দ কৰিব। BSB BSB: So the LORD your God will make you abound in all the work of your hands and in the fruit of your womb, the offspring of your livestock, and the produce of your land. Indeed, the LORD will again delight in your prosperity, as He delighted in that of your fathers,
10 ULB অৱশ্যে তেওঁ এইদৰে কৰিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰে; সকলো মন আৰু সকলো প্রাণেৰে সৈতে আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰে। BSB BSB: if you obey the LORD your God by keeping His commandments and statutes that are written in this Book of the Law, and if you turn to Him with all your heart and with all your soul.
11 ULB মই আজি আপোনালোকক যি আজ্ঞা দিছোঁ, তাক পালন কৰাটো আপোনালোকৰ কাৰণে কঠিন নহয় বা আপোনালোকৰ সাধ্যৰ বাহিৰতো নহয়। BSB BSB: For this commandment I give you today is not too difficult for you or beyond your reach.
12 ULB এই আজ্ঞা স্বর্গতো ৰখা হোৱা নাই যে, আপোনালোকে ক’ব, “কোনে স্বর্গলৈ গৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰো?” BSB BSB: It is not in heaven, that you should need to ask, ‘Who will ascend into heaven to get it for us and proclaim it, that we may obey it?’
13 ULB এই আজ্ঞা সমুদ্রৰ সিপাৰেও নাই যে আপোনালোকে ক’ব, “কোনে সমুদ্র পাৰ হৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰো?” BSB BSB: And it is not beyond the sea, that you should need to ask, ‘Who will cross the sea to get it for us and proclaim it, that we may obey it?’
14 ULB কিন্তু বাক্য আপোনালোকৰ নিচেই ওচৰতে আছে; আপোনালোকৰ মুখত আৰু হৃদয়তে আছে যাতে আপোনালোকে তাক পালন কৰিব পাৰে। BSB BSB: But the word is very near you; it is in your mouth and in your heart, so that you may obey it.
15 ULB শুনক, মই আজি আপোনালোকৰ আগত জীৱন আৰু মৃত্যু, মঙ্গল আৰু অমঙ্গল ৰাখিছোঁ। BSB BSB: See, I have set before you today life and prosperity, as well as death and disaster.
16 ULB আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব; যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব। BSB BSB: For I am commanding you today to love the LORD your God, to walk in His ways, and to keep His commandments, statutes, and ordinances, so that you may live and increase, and the LORD your God may bless you in the land that you are entering to possess.
17 ULB কিন্তু যদি আপোনালোকৰ অন্তৰ প্রভুৰ পৰা আতঁৰি যায় আৰু আপোনালোক তেওঁৰ অবাধ্য হয়; যদি আপোনালোকে আন দেৱ-দেৱীৰ প্রতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰে, BSB BSB: But if your heart turns away and you do not listen, but are drawn away to bow down to other gods and worship them,
18 ULB তেন্তে আজি মই আপোনালোকক জনাইছোঁ যে, আপোনালোক নিশ্চয়ে ধ্বংস হৈ যাব। যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে আধিপত্যৰ অৰ্থে গৈ আছে, সেই দেশত আপোনালোক দীৰ্ঘজীৱি নহ’ব। BSB BSB: I declare to you today that you will surely perish; you shall not prolong your days in the land that you are crossing the Jordan to possess.
19 ULB মই আপোনালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, আপোনালোক আৰু আপোনালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে আপোনালোকে জীৱনক মনোনীত কৰক। BSB BSB: I call heaven and earth as witnesses against you today that I have set before you life and death, blessing and cursing. Therefore choose life, so that you and your descendants may live,
20 ULB আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্রেম কৰক, তেওঁৰ বাক্যলৈ কাণ দিয়ক আৰু তেওঁতেই আসক্ত হৈ থাকক। কাৰণ প্রভুৱেই আপোনালোকৰ জীৱন আৰু তেঁৱেই আপোনালোকক দীর্ঘজীৱি কৰিব। আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে আপোনালোকে জীৱনক মনোনীত কৰক। BSB BSB: and that you may love the LORD your God, obey Him, and hold fast to Him. For He is your life, and He will prolong your life in the land that the LORD swore to give to your fathers, to Abraham, Isaac, and Jacob.”
Select verses for actions: Enter goes to them and Escape comes back.