1 ULB যেনেকৈ মৰা মাখিৰ দ্বাৰাই সুগন্ধি দ্ৰব্য-ব্যৱসায়ীৰ সুগন্ধি তেল দুৰ্গন্ধ হয়, তেনেকৈ অলপ অজ্ঞানতাই প্ৰজ্ঞা আৰু সন্মানতকৈ জোখত চৰে। BSB BSB: As dead flies bring a stench to the perfumer’s oil, so a little folly outweighs wisdom and honor.
2 ULB জ্ঞানৱানৰ হৃদয় তাৰ সোঁহাতে; কিন্তু অজ্ঞানৰ হৃদয় তাৰ বাওঁ হাতে থাকে। BSB BSB: A wise man’s heart inclines to the right, but the heart of a fool to the left.
3 ULB এনে কি, অজ্ঞানে বাটত ফুৰোঁতেও বুদ্ধিহীন হৈ সকলোৰে আগত নিজৰ অজ্ঞানতা প্ৰকাশ কৰে। BSB BSB: Even as the fool walks along the road, his sense is lacking, and he shows everyone that he is a fool.
4 ULB যদি তোমালৈ শাসনকৰ্ত্তাৰ ক্ৰোধ হয়, তথাপি তোমাৰ ঠাই ত্যাগ নকৰিবা; কিয়নো ধৈৰ্য্যই বৰ বৰ পাপ থমায়। BSB BSB: If the ruler’s temper flares against you, do not abandon your post, for calmness lays great offenses to rest.
5 ULB মই সুৰ্য্যৰ তলত অধিপতিৰ পৰা উৎপন্ন হোৱা ভ্ৰান্তি যেন এক বিষম বিষয় দেখিলোঁ, BSB BSB: There is an evil I have seen under the sun—an error that proceeds from the ruler:
6 ULB যে, অজ্ঞানক অতি ওখ পদত স্থাপন কৰা হয়, আৰু ধনৱন্তবিলাকৰ নীহ ঠাইত বহে। BSB BSB: Folly is appointed to great heights, but the rich sit in lowly positions.
7 ULB মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিলোঁ। BSB BSB: I have seen slaves on horseback, while princes go on foot like slaves.
8 ULB যি মানুহে খাল খানে সি তাত পৰিব; আৰু যি মানুহে শিলৰ গড় ভাঙে তাক সাপে দংশিব। BSB BSB: He who digs a pit may fall into it, and he who breaches a wall may be bitten by a snake.
9 ULB যি মানুহে শিলবোৰ আতৰাই, সি সেইবোৰতেই দুখ পাব; আৰু যি মানুহে কাঠ ফালে, তাত তালৈ আপদ ঘটিবৰ ভয় থাকে। BSB BSB: The one who quarries stones may be injured by them, and he who splits logs endangers himself.
10 ULB লোহ ভোটা হ’লে, আৰু তাক নধৰালে, তাক চলাবলৈ অধিক বল লাগে; কিন্তু কাৰ্য্য সাম্ফল কৰিবলৈ জ্ঞান উপকাৰী। BSB BSB: If the axe is dull and the blade unsharpened, more strength must be exerted, but skill produces success.
11 ULB মন্ত্ৰৰ গুণ নৌ ধৰোতেই যদি সাপে দংশে তেন্তে মন্ত্ৰ গাওঁতাত কোনো লাভ নাই। BSB BSB: If the snake bites before it is charmed, there is no profit for the charmer.
12 ULB জ্ঞানৱান লোকৰ মুখৰ বাক্য সন্তোষজনক; কিন্তু অজ্ঞান ওঁঠে নিজকে গ্ৰাস কৰে। BSB BSB: The words of a wise man’s mouth are gracious, but the lips of a fool consume him.
13 ULB তাৰ মুখৰ কথাৰ আৰম্ভণতেই অজ্ঞানতা, আৰু তাৰ কথাৰ শেষ-ফল অনিষ্টকাৰী বলিয়ালি। BSB BSB: The beginning of his talk is folly, and the end of his speech is evil madness.
14 ULB অজ্ঞান লোকে অনেক কথা কয়; কিন্তু আগলৈ কি হব, তাক মানুহে নাজানে; আৰু তাৰ পাছৰ কালত কি ঘটিব, ইয়াকে তাক কোনে জনাব পাৰে? BSB BSB: Yet the fool multiplies words. No one knows what is coming, and who can tell him what will come after him?
15 ULB অজ্ঞান লোকৰ পৰিশ্ৰমেই সিহঁতৰ প্ৰতিজনকে ক্লান্ত কৰে, কিয়নো নগৰলৈ যোৱা বাটকো তেওঁ চিনি নাপায়। BSB BSB: The toil of a fool wearies him, for he does not know the way to the city.
16 ULB হে দেশ, যেতিয়া তোমাৰ ৰজা ল’ৰা মানুহ হয়, আৰু তোমাৰ অধ্যক্ষবিলাকে ৰাতিপুৱাতে ভোজ খায়, তেতিয়া তোমাৰ সন্তাপ হব। BSB BSB: Woe to you, O land whose king is a youth, and whose princes feast in the morning.
17 ULB হে দেশ, যেতিয়া ভদ্ৰ বংশীয় পুত্ৰ তোমাৰ ৰজা হয়, আৰু তোমাৰ অধ্যক্ষবিলাকে মতলীয়া হবৰ নিমিত্তে নহয়, কিন্তু বল বৃদ্ধিৰ নিমিত্তে উচিত সময়ত ভোজন পান কৰে, তেতিয়া তুমি ধন্য। BSB BSB: Blessed are you, O land whose king is a son of nobles, and whose princes feast at the proper time—for strength and not for drunkenness.
18 ULB এলাহৰ দ্বাৰাই ছাল সোৰোপা পৰে, আৰু সোৰোপালিত ঘৰ উৰুখে। BSB BSB: Through laziness the roof caves in, and in the hands of the idle, the house leaks.
19 ULB আমোদৰ কাৰণে ভোজ পতা হয়, আৰু দ্ৰাক্ষাৰসে জীৱনক হৰ্ষিত কৰে, আৰু ধন সৰ্ব্বসাধক। BSB BSB: A feast is prepared for laughter, and wine makes life merry, but money is the answer for everything.
20 ULB ৰজাক শাও নিদিবা, মনে মনেও নিদিবা; আৰু তোমাৰ শোৱা কোঠালিটো ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি চৰায়ে সেই শব্দ লৈ যাব, ডেউকা লগা জীৱই সেই কথা জনাব। BSB BSB: Do not curse the king even in your thoughts, or curse the rich even in your bedroom, for a bird of the air may carry your words, and a winged creature may report your speech.
Select verses for actions: Enter goes to them and Escape comes back.