1 ULB পাছত অদৰ নামেৰে দ্বাদশ মাহৰ তেৰ দিনৰ দিনা, ৰজাৰ বিধান আৰু আজ্ঞা সিদ্ধ হ’বলৈ আছিল। সেই দিনা ইহুদী লোক সকলৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত জয় কৰিবলৈ আশা কৰি আছিল, কিন্তু ইয়াৰ বিপৰীতে ইহুদী লোকসকলক ঘৃণা কৰা লোক সকলৰ ওপৰত ইহুদীসকলে জয় লাভ কৰিলে। BSB BSB: On the thirteenth day of the twelfth month, the month of Adar, the king’s command and edict were to be executed. On this day the enemies of the Jews had hoped to overpower them, but their plan was overturned and the Jews overpowered those who hated them.
2 ULB যি সকলে তেওঁলোকৰ অমঙ্গলৰ চেষ্টা কৰিব, তেওঁলোকক যাতে ইহুদী লোকসকলে প্রতিৰোধ কৰিব পাৰে; সেই বাবে ইহুদী লোকসকল ৰজা অহচবেৰোচৰ প্রতিখন প্ৰদেশত নিজৰ নিজৰ নগৰত গোট খাইছিল। তেওঁলোকৰ প্রতি লোকসকলৰ ভয় জন্মিছিল, যাৰ বাবে লোকসকলে তেওঁলোকৰ বিৰুদ্ধে থিয় হ’ব নোৱাৰিলে। BSB BSB: In each of the provinces of King Xerxes, the Jews assembled in their cities to attack those who sought to harm them. No man could withstand them, because the fear of them had fallen upon all peoples.
3 ULB প্ৰদেশ বোৰৰ সকলো কৰ্মচাৰী, প্রদেশৰ দেশাধ্যক্ষ, দেশাধ্যক্ষ সকল, আৰু ৰাজ-কৰ্মচাৰী সকলে ইহুদী লোকসকলক সহায় কৰিছিল; কাৰণ মৰ্দখয়ৰ প্রতি তেওঁলোকৰ ভয় জন্মিছিল। BSB BSB: And all the officials of the provinces, the satraps, the governors, and the king’s administrators helped the Jews, because the fear of Mordecai had fallen upon them.
4 ULB মৰ্দখয় ৰাজ-গৃহৰ মাজত মহান হৈ পৰিছিল। তেওঁৰ যশস্যা সকলো প্ৰদেশলৈ প্রসাৰিত হৈছিল আৰু এইদৰে মৰ্দখয় ক্ৰমে অতিশয় মহান হৈ গৈছিল। BSB BSB: For Mordecai exercised great power in the palace, and his fame spread throughout the provinces as he became more and more powerful.
5 ULB ইহুদী লোকসকলে তেওঁলোকৰ শত্ৰুবোৰক তৰোৱালেৰে আঘাত কৰি, তেওঁলোকক বধ আৰু ধ্বংস কৰিলে। তেওঁলোকে তেওঁলোকক ঘৃণা কৰা সকললৈ যি দৰে কৰিবলৈ ইচ্ছা আছিল, সেই দৰে কৰিলে। BSB BSB: The Jews put all their enemies to the sword, killing and destroying them, and they did as they pleased to those who hated them.
6 ULB চুচন ৰাজকোঁঠত ইহুদী লোকসকলে পাঁচশ লোকক বধ আৰু ধ্বংস কৰিলে। BSB BSB: In the citadel of Susa, the Jews killed and destroyed five hundred men,
7 ULB তেওঁলোকে বধ কৰা লোকসকল এওঁলোক: পৰ্চনদাথা, দলফোন, অস্পথা, BSB BSB: including Parshandatha, Dalphon, Aspatha,
8 ULB পোৰাথা, অদলিয়া, অৰীদাথা, BSB BSB: Poratha, Adalia, Aridatha,
9 ULB পৰ্মস্তা, অবীচয়, অৰীদয়, আৰু বয়িজাথা। BSB BSB: Parmashta, Arisai, Aridai, and Vaizatha.
10 ULB ইহুদী সকলৰ শত্ৰু হম্মদাথাৰ পুত্র হামনৰ এই দহ জন পুত্রক তেওঁলোকে বধ কৰিলে; কিন্তু তেওঁলোকে তাৰ একো বস্তু লুট নকৰিলে। BSB BSB: They killed these ten sons of Haman son of Hammedatha, the enemy of the Jews, but they did not lay a hand on the plunder.
11 ULB সেই দিনা যি সকলক চুচন ৰাজকোঁঠত বধ কৰা হ’ল, তেওঁলোকৰ সংখ্যা ৰজাক জনোৱা হ’ল। BSB BSB: On that day the number of those killed in the citadel of Susa was reported to the king,
12 ULB ৰজাই ৰাণী ইষ্টেৰক ক’লে, “ইহুদী লোকসকলে চুচন নগৰত হামনৰ দহ জন পুত্রৰ সৈতে পাঁচশ লোকক বধ কৰিলে। তেনেহলে ৰজাৰ প্ৰদেশৰ আন ঠাইবোৰত তেওঁলোক কিমান কৰিলে? এতিয়া তোমাৰ কি নিবেদন আছে? তোমাৰ বাবে গ্ৰহণ কৰা হ’ব। তোমাৰ কি প্রাৰ্থনা আছে? তোমাৰ বাবে তাকো গ্রহণ কৰা হ’ব।” BSB BSB: who said to Queen Esther, “In the citadel of Susa the Jews have killed and destroyed five hundred men, including Haman’s ten sons. What have they done in the rest of the royal provinces? Now what is your petition? It will be given to you. And what further do you request? It will be fulfilled.”
13 ULB ইষ্টেৰে ক’লে, “যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহ’লে আজিৰ দৰে কাইলৈয়ো কৰিবলৈ চুচনত থকা ইহুদী সকলক অনুমতি দিয়া হওক; আৰু হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰ ফাঁচি কাঠত ওলমাই থোৱা হওক।” BSB BSB: Esther replied, “If it pleases the king, may the Jews in Susa also have tomorrow to carry out today’s edict, and may the bodies of Haman’s ten sons be hanged on the gallows.”
14 ULB সেয়ে ৰজাই সেই দৰে কৰিবলৈ আজ্ঞা দিলে। সেই আজ্ঞা চুচনত জাৰি কৰা হ’ল; তাতে হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰক ফাঁচি কাঠত ফাঁচি দি ওলমাই থোৱা হ’ল। BSB BSB: So the king commanded that this be done. An edict was issued in Susa, and they hanged the ten sons of Haman.
15 ULB চুচনত থকা ইহুদী লোকসকলে অদৰ মাহৰ চৌদ্ধ দিনৰ দিনা গোট খালে, আৰু একত্রিত হৈ আহিল। চুচনত তেওঁলোকে তিনিশ লোকতকৈয়ো অধিক লোক বধ কৰিলে, কিন্তু তাৰ পৰা একো বস্তু লুট নকৰিলে। BSB BSB: On the fourteenth day of the month of Adar, the Jews in Susa came together again and put to death three hundred men there, but they did not lay a hand on the plunder.
16 ULB ৰজাৰ প্ৰদেশ বোৰত থকা অৱশিষ্ট ইহুদী লোকসকল গোট খাই একেলগ হৈ তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে থিয় হ’ল। তেওঁলোকে শত্ৰুবোৰৰ পৰা সকাহ পালে; আৰু তেওঁলোকে তেওঁলোকক ঘৃণা কৰা লোক সকলৰ পয়সত্তৰ হাজাৰ লোকক বধ কৰিলে। কিন্তু তেওঁলোকে বধ কৰা লোক সকলৰ পৰা একো বস্তু লুট নকৰিলে। BSB BSB: The rest of the Jews in the royal provinces also assembled to defend themselves and rid themselves of their enemies. They killed 75,000 who hated them, but they did not lay a hand on the plunder.
17 ULB অদৰ মাহৰ তেৰ দিনৰ দিনা এই সকলো কাৰ্য কৰিলে, আৰু চৌদ্ধ দিনৰ দিনা তেওঁলোকে জিৰণী ল’লে। সেই দিনটো তেওঁলোকে ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে। BSB BSB: This was done on the thirteenth day of the month of Adar, and on the fourteenth day they rested, making it a day of feasting and joy.
18 ULB কিন্তু চুচনত থকা ইহুদী লোকসকলে সেই মাহৰ তেৰ আৰু চৌদ্ধ দিনৰ দিনা গোট খাই সমবেত হ’ল। পোন্ধৰ দিনৰ দিনাহে তেওঁলোকে জিৰণী ল’লে, আৰু সেই দিন ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে। BSB BSB: The Jews in Susa, however, had assembled on the thirteenth and the fourteenth days of the month. So they rested on the fifteenth day, making it a day of feasting and joy.
19 ULB এই কাৰণে গাঁৱত থকা ইহুদী লোকসকল যি সকলে গড় নোহোৱা নগৰত বাস কৰিছিল, তেওঁলোক অদৰ মাহৰ চতুৰ্দশ দিনটো আনন্দ, ভোজ, মঙ্গল আৰু ইজনে আন জনলৈ খাদ্যৰ উপহাৰ পঠোৱা দিন স্বৰূপে পালন কৰিলে। BSB BSB: This is why the rural Jews, who live in the villages, observe the fourteenth day of the month of Adar as a day of joy and feasting. It is a holiday for sending gifts to one another.
20 ULB মৰ্দখয়ে এই সকলো বৃত্তান্ত লিখিলে আৰু ৰজা অহচবেৰোচৰ সকলো প্ৰদেশত থকা ওচৰৰ হওক বা দূৰৰ আটাই যিহুদী লোকলৈ পত্ৰ পঠালে। BSB BSB: Mordecai recorded these events and sent letters to all the Jews in all the provinces of King Xerxes, both near and far,
21 ULB প্রতি বছৰে অদৰ মাহৰ চতুৰ্দশ দিন আৰু পঞ্চদশ দিন দুটা বাধ্যতামূলক ভাৱে ইহুদী লোকসকলে পালন কৰে। BSB BSB: to establish among them an annual celebration on the fourteenth and fifteenth days of the month of Adar
22 ULB এই দিনতে ইহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল। BSB BSB: as the days on which the Jews gained rest from their enemies and the month in which their sorrow turned to joy and their mourning into a holiday. He wrote that these were to be days of feasting and joy, of sending gifts to one another and to the poor.
23 ULB মৰ্দখয়ে ইহুদী লোকসকললৈ যি কৰিবলৈ লিখিছিল; আৰু যি দৰে তেওঁলোকে আৰম্ভ কৰিছিল, সেই দৰেই উৎসৱ উদযাপন কৰি থাকিল। BSB BSB: So the Jews agreed to continue the custom they had started, as Mordecai had written to them.
24 ULB সেই সময়ত সকলো ইহুদী লোকৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্র হামনে তেওঁলোকক বিনষ্ট কৰিবলৈ তেওঁলোকৰ অহিতে কু-কল্পনা কৰিছিল। ইহুদী সকলক সৰ্ব্বনাশ আৰু বিনষ্ট কৰিবলৈ পুৰ খেলাইছিল(চিঠি খেলাইছিল)। BSB BSB: For Haman son of Hammedatha, the Agagite, the enemy of all the Jews, had plotted against the Jews to destroy them and had cast the Pur (that is, the lot) to crush and destroy them.
25 ULB কিন্তু সেই কথা যেতিয়া ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই পত্রৰ দ্বাৰা আজ্ঞা দিলে যে, হামনে ইহুদী লোকসকলৰ বিৰুদ্ধে কৰা কু-কল্পনা তেওঁৰ ওপৰতে ফলিয়াবৰ বাবে তেওঁক আৰু তেওঁৰ দহ জন পুত্রক ফাঁচি কাঠত ফাঁচি দি আঁৰি থোৱা হওক। BSB BSB: But when it came before the king, he commanded by letter that the wicked scheme which Haman had devised against the Jews should come back upon his own head, and that he and his sons should be hanged on the gallows.
26 ULB এই কাৰণে তেওঁলোকে পুৰ নাম অনুসাৰে সেই দুটা দিনক পুৰীম বুলি কয়। এই পত্ৰত লিখা সকলো কথা, আৰু সেই বিষয়ে তেওঁলোকে যি দেখিছিল আৰু তেওঁলোকলৈ যি ঘটিছিল, সেই সকলোৰ কাৰণে, BSB BSB: Therefore these days are called Purim, from the word Pur. Because of all the instructions in this letter, and because of all they had seen and experienced,
27 ULB ইহুদী লোকসকলে নিজৰ, আৰু তেওঁলোকৰ বংশধৰ সকলৰ, আৰু যি সকল লোক তেওঁলোকৰ লগত যোগদান কৰিছিল, সেই সকলো লোকে, সেই দুটা দিনক এটা নতুন প্রথা আৰু কৰ্ত্তব্য বুলি গ্রহণ কৰিছিল। সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁলোকে প্রতি বছৰে সেই দুটা দিন নিৰ্দিষ্ট প্রণালীৰে পালন কৰিছিল। BSB BSB: the Jews bound themselves to establish the custom that they and their descendants and all who join them should not fail to celebrate these two days at the appointed time each and every year, according to their regulation.
28 ULB তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ ইহুদী লোকসকলে স্থিৰ কৰিলে। BSB BSB: These days should be remembered and celebrated by every generation, family, province, and city, so that these days of Purim should not fail to be observed among the Jews, nor should the memory of them fade from their descendants.
29 ULB তাৰ পাছত অবীহয়ীলৰ জীয়েক ৰাণী ইষ্টেৰ আৰু ইহুদী মৰ্দখয়ে সম্পূৰ্ণ ক্ষমতাৰ সৈতে পুৰীমৰ বিষয় নিশ্চিত কৰিবলৈ দ্বিতীয় পত্ৰ লিখিলে। BSB BSB: So Queen Esther daughter of Abihail, along with Mordecai the Jew, wrote with full authority to confirm this second letter concerning Purim.
30 ULB ৰজা অহচবেৰোচৰ ৰজ্যৰ এশ সাতাইশ খন প্রদেশত থকা ইহুদী লোকসকলক নিৰাপত্তা আৰু সত্যতাৰ কামনা কৰি পত্র পঠোৱা হ’ল। BSB BSB: And Mordecai sent letters with words of peace and truth to all the Jews in the 127 provinces of the kingdom of Xerxes,
31 ULB লঘোন আৰু ক্রন্দনৰ বিষয়ে ইহুদী মৰ্দখয় আৰু ৰাণী ইষ্টেৰে ইহুদী লোকসকলক আদেশ দিয়াৰ দৰে, নিৰূপিত সময়ত পুৰীমৰ সেই দুটা দিন নিশ্চিত কৰিবলৈয়ো এই পত্র লিখি পঠালে। BSB BSB: in order to confirm these days of Purim at their appointed time, just as Mordecai the Jew and Queen Esther had established them and had committed themselves and their descendants to the times of fasting and lamentation.
32 ULB ইষ্টেৰৰ আজ্ঞা অনুসাৰে পুৰীমৰ বিষয়ত নিয়ম স্থিৰ কৰা হ’ল; আৰু এই সকলোকে পুস্তকত লিখা হ’ল। BSB BSB: So Esther’s decree confirmed these regulations about Purim, which were written into the record.
Select verses for actions: Enter goes to them and Escape comes back.