1 ULB যিহোৱাই মোচিক ক’লে, “মই ফৰৌণ আৰু মিচৰ দেশৰ ওপৰত আন এক মহামাৰী আনিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব। আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব। BSB BSB: Then the LORD said to Moses, “I will bring upon Pharaoh and Egypt one more plague. After that, he will allow you to leave this place. And when he lets you go, he will drive you out completely.
2 ULB সেয়েহে, প্ৰতিজন পুৰুষ আৰু মহিলাক নিজৰ নিজৰ ওচৰ-চুবুৰীয়াৰ পৰা তেওঁলোকৰ ৰূপ আৰু সোণৰ অলঙ্কাৰবোৰ খুজি ল’বলৈ নিৰ্দেশ দিয়া।” BSB BSB: Now announce to the people that men and women alike should ask their neighbors for articles of silver and gold.”
3 ULB যিহোৱাই মিচৰীয়া লোকসকলক ইস্রায়েলী লোকসকললৈ অনুগ্ৰহ কৰিবলৈ আগ্রহী কৰালে। অৱশ্যে মিচৰ দেশত মোচি, ফৰৌণৰ দাস আৰু লোকসকলৰ দৃষ্টিত অতি আকৰ্ষণীয় পুৰুষ আছিল। BSB BSB: And the LORD gave the people favor in the sight of the Egyptians. Moreover, Moses himself was highly regarded in Egypt by Pharaoh’s officials and by the people.
4 ULB মোচিয়ে ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই মাজ নিশামানত মিচৰ দেশৰ মাজেৰে যাম। BSB BSB: So Moses declared, “This is what the LORD says: ‘About midnight I will go throughout Egypt,
5 ULB তেতিয়া মিচৰ দেশৰ সকলো প্রথম পুত্রৰ মৃত্যু হ’ব। সিংহাসনত বহা ৰজা ফৰৌণৰ প্রথম পুত্ৰৰ পৰা জাঁত ঘৰুৱা দাসীৰ প্রথম পুত্রলৈকে, আৰু মিচৰ দেশত থকা সকলো প্ৰথমে জন্মা পশুবোৰৰো মৃত্যু হ’ব। BSB BSB: and every firstborn son in the land of Egypt will die, from the firstborn of Pharaoh who sits on his throne, to the firstborn of the servant girl behind the hand mill, as well as the firstborn of all the cattle.
6 ULB তেতিয়া সমগ্র মিচৰ দেশত এনে ক্ৰন্দন হ’ব যে, তেনে ক্রন্দন কেতিয়াও হোৱা নাছিল, আৰু পুনৰ কেতিয়াও নহ’ব। BSB BSB: Then a great cry will go out over all the land of Egypt. Such an outcry has never been heard before and will never be heard again.
7 ULB কিন্তু যিহোৱাই যে মিচৰীয়া লোকসকল আৰু ইস্ৰায়েলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেই বাবে ইস্ৰায়েলী লোকসকল হওক বা তেওঁলোকৰ পশুৱেই হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব।’ BSB BSB: But among all the Israelites, not even a dog will snarl at man or beast.’ Then you will know that the LORD makes a distinction between Egypt and Israel.
8 ULB ফৌৰণ,আপোনাৰ সকলো দাস মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল। BSB BSB: And all these officials of yours will come and bow before me, saying, ‘Go, you and all the people who follow you!’ After that, I will depart.” And hot with anger, Moses left Pharaoh’s presence.
9 ULB যিহোৱাই মোচিক কৈছিল, “মোৰ অদ্ভুত লক্ষণ যেন মিচৰ দেশত অধিককৈ দেখুউৱাব পাৰো, সেই বাবে ফৰৌণে তোমাৰ কথা নুশুনিব।” BSB BSB: The LORD said to Moses, “Pharaoh will not listen to you, so that My wonders may be multiplied in the land of Egypt.”
10 ULB মোচি আৰু হাৰোণে ফৰৌণৰ সাক্ষাতে সেই সকলো অদ্ভুত লক্ষণ দেখুৱাইছিল। কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিছিল, সেই বাবে তেওঁ নিজৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে। BSB BSB: Moses and Aaron did all these wonders before Pharaoh, but the LORD hardened Pharaoh’s heart so that he would not let the Israelites go out of his land.