1 ULB তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা। BSB BSB: “You shall not spread a false report. Do not join the wicked by being a malicious witness.
2 ULB তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা। BSB BSB: You shall not follow the crowd in wrongdoing. When you testify in a lawsuit, do not pervert justice by siding with the crowd.
3 ULB তোমালোকে কোনো দৰিদ্র লোকৰ বিচাৰত তেওঁৰ পক্ষ নল’বা। BSB BSB: And do not show favoritism to a poor man in his lawsuit.
4 ULB তোমালোকৰ শত্ৰুৰ গৰু বা গাধ বাট হেৰুওৱা দেখিলে, তোমালোকে অৱশ্যে তাক তেওঁৰ ওচৰলৈ উভতাই লৈ যাবা। BSB BSB: If you encounter your enemy’s stray ox or donkey, you must return it to him.
5 ULB তোমালোকে যদি তোমালোকক ঘৃণা কৰা কোনো লোকৰ মালবাহী গাধক বস্তুৰ ভৰত মাটিত পৰা দেখা, তেনেহ’লে সেই লোকজনক তোমালোকে এৰি থৈ নাযাবা। তেওঁৰ গাধ, লগতে তেওঁকো নিশ্চয় সহায় কৰিবা। BSB BSB: If you see the donkey of one who hates you fallen under its load, do not leave it there; you must help him with it.
6 ULB তোমালোকে কোনো দৰিদ্ৰ লোকৰ বিচাৰত তেওঁৰ প্রতি অন্যায় বিচাৰ নকৰিবা। BSB BSB: You shall not deny justice to the poor in their lawsuits.
7 ULB মিছা অভিযোগ দিওঁতে আনলোকৰ সৈতে সহযোগ নকৰিবা, নিৰ্দ্দোষী বা ধাৰ্ম্মিক লোকক হত্যা নকৰিবা; কাৰণ মই দুষ্টলোকক নিৰ্দ্দোষী নকৰিম। BSB BSB: Stay far away from a false accusation. Do not kill the innocent or the just, for I will not acquit the guilty.
8 ULB তোমালোকে ভেঁটী নলবা; কাৰণ ভেঁটীয়ে, ভেঁটীলোৱা সকলক অন্ধ কৰে, আৰু ধাৰ্ম্মিক সকলৰ কথা বিপথগামী কৰে। BSB BSB: Do not accept a bribe, for a bribe blinds those who see and twists the words of the righteous.
9 ULB তোমালোকে বিদেশী লোকক উপদ্ৰৱ নকৰিবা; কাৰণ তোমোলোকো মিচৰ দেশত বিদেশী হৈ আছিলা, সেয়ে বিদেশী লোকৰ মনৰ কথা তোমালোকে জানিব লাগে। BSB BSB: Do not oppress a foreign resident, since you yourselves know how it feels to be foreigners; for you were foreigners in the land of Egypt.
10 ULB তোমালোকে তোমালোকৰ মাটিত ছয় বছৰৰ বাবে গুটি সিঁচিবা, আৰু তাত উৎপন্ন হোৱা শস্য চপাবা। BSB BSB: For six years you are to sow your land and gather its produce,
11 ULB কিন্তু সপ্তম বছৰত, সেই মাটি ছন পৰি থাকিবলৈ দিবা; সেয়ে তোমালোকৰ মাজৰ দৰিদ্ৰ লোকসকলে খাবলৈ পাব। তেওঁলোকে যি এৰিব, তাক বনৰীয়া পশুবোৰে খাব। এইদৰেই তোমালোকৰ দ্ৰাক্ষাবাৰী আৰু জলফাই গছৰ বাৰীৰ ক্ষেত্রতো কৰিবা। BSB BSB: but in the seventh year you must let it rest and lie fallow, so that the poor among your people may eat from the field and the wild animals may consume what they leave. Do the same with your vineyard and olive grove.
12 ULB তোমালোকে ছয় দিন নিজৰ কাম কৰিবা, কিন্তু সপ্তম দিনা বিশ্রাম কৰিবা। এইদৰে কৰিবা; যাতে তোমলোকৰ গৰু, গাধ, তোমালোকৰ দাসীৰ পুত্র আৰু যিকোনো বিদেশী লোকে বিশ্রাম ল’ব পাৰিব আৰু সতেজতা লাভ কৰিব। BSB BSB: For six days you are to do your work, but on the seventh day you must cease, so that your ox and your donkey may rest and the son of your maidservant may be refreshed, as well as the foreign resident.
13 ULB মই তোমালোকক যি সকলো কথা কলোঁ, সেই সকলো কথাত মনোযোগ দিবা। তোমালোকে আন দেৱতাবোৰৰ নাম উল্লেখ নকৰিবা, নাইবা তোমালোকৰ মুখৰ পৰা সেইবোৰৰ নাম শুনা নাযাওক। BSB BSB: Pay close attention to everything I have said to you. You must not invoke the names of other gods; they must not be heard on your lips.
14 ULB তোমলোকে প্রতি বছৰত তিনিবাৰ মোৰ অৰ্থে উৎসৱ পালন কৰিবলৈ নিৰ্দ্দিষ্ট স্থানলৈ আহিব লাগিব। BSB BSB: Three times a year you are to celebrate a feast to Me.
15 ULB তোমালোকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিবা। মই দিয়া আজ্ঞা অনুসাৰে, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। সেই সময়তে এই উদ্দেশ্যৰ কাৰণে নিৰ্দ্দিষ্ট কৰা আবীব মাহত মোৰ সন্মুখত উপস্থিত হ’বা। কাৰণ এই মাহতে তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা। কিন্তু তোমালোকে শুদা হাতে মোৰ ওচৰত উপস্থিত হ’ব নালাগে। BSB BSB: You are to keep the Feast of Unleavened Bread as I commanded you: At the appointed time in the month of Abib you are to eat unleavened bread for seven days, because that was the month you came out of Egypt. No one may appear before Me empty-handed.
17 ULB তোমালোকৰ পুৰুষসকলে প্রতি বছৰে তিনি বাৰ, যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব। BSB BSB: Three times a year all your males are to appear before the Lord GOD.
18 ULB তোমালোকে খমীৰ দিয়া পিঠাৰে সৈতে বলিৰ তেজ মোলৈ উৎসৰ্গ নকৰিবা। মোৰ উৎসৱৰ সময়ত বলিদান কৰা পশুৰ চৰ্বি গোটেই ৰাতিৰ পৰা ৰাতিপুৱালৈকে অৱশিষ্ট থাকিব নালাগে। BSB BSB: You must not offer the blood of My sacrifices with anything leavened, nor may the fat of My feast remain until morning.
19 ULB তোমালোকৰ মাটিৰ প্ৰথম ফলৰ উত্তম ভাগ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। ছাগলী পোৱালীৰ মাংস তাৰ মাকৰ গাখীৰৰ লগত নিসিজাবা। BSB BSB: Bring the best of the firstfruits of your soil to the house of the LORD your God. You must not cook a young goat in its mother’s milk.
20 ULB যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম। BSB BSB: Behold, I am sending an angel before you to protect you along the way and to bring you to the place I have prepared.
21 ULB তেওঁলৈ মনোযোগী হ’বা আৰু তেওঁক মানি চলিবা। তেওঁক উত্তেজিত নকৰিবা, কাৰণ তেওঁ তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। মোৰ নাম তেওঁত আছে। BSB BSB: Pay attention to him and listen to his voice; do not defy him, for he will not forgive rebellion, since My Name is in him.
22 ULB তোমালোকে যদি নিশ্চয়ে তেওঁৰ কথা শুনা, আৰু মই যি কলোঁ সেই সকলোকে কৰা, তেনেহ’লে মই তোমালোকৰ শত্ৰুবোৰৰ শত্ৰু আৰু প্রতিদ্বন্দীৰ প্রতিদ্বন্দী হম। BSB BSB: But if you will listen carefully to his voice and do everything I say, I will be an enemy to your enemies and a foe to your foes.
23 ULB মোৰ দূত তোমালোকৰ আগে আগে যাব, আৰু ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, কনানীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ দেশলৈ তোমালোকক লৈ যাব। মই তেওঁলোকক ধ্বংস কৰিম। BSB BSB: For My angel will go before you and bring you into the land of the Amorites, Hittites, Perizzites, Canaanites, Hivites, and Jebusites, and I will annihilate them.
24 ULB তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ আগত প্ৰণিপাত নকৰিবা, সেৱা পূজাও নকৰিবা বা তেওঁলোকে কৰা কাৰ্যৰ দৰে কোনো কাৰ্য নকৰিবা। তাৰ পৰিৱৰ্তে সেইবোৰক সম্পূৰ্ণকৈ বিনষ্ট কৰিবা, আৰু তেওঁলোকৰ শিলৰ স্তম্ভবোৰ একেবাৰে ভাঙি গুড়ি কৰি পেলাবা। BSB BSB: You must not bow down to their gods or serve them or follow their practices. Instead, you are to demolish them and smash their sacred stones to pieces.
25 ULB তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম। BSB BSB: So you shall serve the LORD your God, and He will bless your bread and your water. And I will take away sickness from among you.
26 ULB তোমালোকৰ দেশত কোনো মহিলাৰ গৰ্ভপাত নহ’ব, আৰু কোনো বাঁজী হৈ নাথাকিব। মই তোমালোকক দীৰ্ঘাআয়ু দিম। BSB BSB: No woman in your land will miscarry or be barren; I will fulfill the number of your days.
27 ULB তোমালোক যি দেশলৈ যাবা সেই দেশৰ লোকসকলৰ মনত মই মোৰ ভয় জন্মাম। তোমালোকে যি লোকসকলক ল’গ পাবা, সেই লোকসকলক মই বধ কৰিম। মই তোমালোকৰ সকলো শত্ৰুবোৰক তোমালোকৰ ভয়ত তোমালোকৰ পৰা দূৰ কৰিম। BSB BSB: I will send My terror ahead of you and throw into confusion every nation you encounter. I will make all your enemies turn and run.
28 ULB মই তোমালোকৰ আগেয়ে কোদো পঠাম; সেয়ে সেইবোৰে হিব্বীয়া, কনানীয়া, আৰু হিত্তীয়া সকলক তোমালোকৰ আগৰ পৰা খেদি পঠিয়াব। BSB BSB: I will send the hornet before you to drive the Hivites and Canaanites and Hittites out of your way.
29 ULB দেশ যেন পৰিত্যক্ত নহয়, আৰু তোমালোকৰ বিৰুদ্ধে বনৰীয়া জন্তুবোৰ যেন বৃদ্ধি নাপায়, সেই বাবে মই একে বছৰতে তেওঁলোকক তোমালোকৰ আগৰ পৰা খেদি নপঠিয়াম। BSB BSB: I will not drive them out before you in a single year; otherwise the land would become desolate and wild animals would multiply against you.
30 ULB তাৰ পৰিৱৰ্তে তোমালোক বৃদ্ধি পাই দেশ অধিকাৰ নকৰা মানে, মই তেওঁলোকক তোমালোকৰ আগৰ পৰা অলপ অলপকৈ বাহিৰলৈ খেদি থাকিম। BSB BSB: Little by little I will drive them out ahead of you, until you become fruitful and possess the land.
31 ULB মই চুফ সাগৰৰ পৰা ফিলিষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা। BSB BSB: And I will establish your borders from the Red Sea to the Sea of the Philistines, and from the desert to the Euphrates. For I will deliver the inhabitants into your hand, and you will drive them out before you.
32 ULB তোমলোকে তেওঁলোকৰ সৈতে, বা তেওঁলোকৰ দেৱতাবোৰৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। BSB BSB: You shall make no covenant with them or with their gods.
33 ULB তেওঁলোকে তোমালোকৰ দেশত বাস কৰিব নোৱাৰিব; বাস কৰিলে, তেওঁলোকে তোমালোকক মোৰ বিৰুদ্ধে পাপ কৰাব। কিয়নো তুমি যদি তেওঁলোকৰ দেৱতাবোৰক পূজা কৰা, তেনেহ’লে নিশ্চয়ে তোমালোকলৈ সেয়ে ফান্দস্বৰূপ হ’ব। BSB BSB: They must not remain in your land, lest they cause you to sin against Me. For if you serve their gods, it will surely be a snare to you.”