1 ULB তুমি ধূপ জ্বলাবৰ বাবে চিটীম কাঠেৰে এটা বেদী সাজিবা। BSB BSB: “You are also to make an altar of acacia wood for the burning of incense.
2 ULB সেয়ে এহাত দীঘল, এহাত বহল হ’ব; আৰু সেই বেদীৰ চাৰিওদিশ সমান হ’ব। ওখই দুহাত; তাৰ শিংবোৰ একে ডোখৰ কাঠেৰে হ’ব লাগিব। BSB BSB: It is to be square, a cubit long, a cubit wide, and two cubits high. Its horns must be of one piece.
3 ULB তুমি বেদীটোৰ ওপৰত, চাৰিও ফালে আৰু শিংবোৰত শুদ্ধ সোণৰ পতা মাৰি আৱৰণ কৰিবা। তাৰ চাৰিওফালৰ কিনাৰত সোণ লগাবা। BSB BSB: Overlay with pure gold the top and all the sides and horns, and make a molding of gold around it.
4 ULB তুমি সোণৰ দুটা আঙঠি গঢ়াই, কিনাৰৰ তলত দুই কাষৰ দুই চুকৰ ওপৰত লগাবা। বেদীটো বৈ নিবলৈ আঙঠি দুটা কানমাৰি সুমুউৱাৰ ঠাই হ’ব। BSB BSB: And make two gold rings below the molding on opposite sides to hold the poles used to carry it.
5 ULB সেই কানমাৰি চিটীম কাঠেৰে সাজিবা, আৰু তাত সোণৰ পতা মাৰিবা। BSB BSB: Make the poles of acacia wood and overlay them with gold.
6 ULB তুমি ধূপবেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ পৰ্দাৰ আগফালে ৰাখিব লাগিব। সেই পৰ্দা সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণৰ ওচৰত থাকিব। সেই ঠাইতে মই তোমালোকৰ সৈতে সাক্ষাৎ কৰিম। BSB BSB: Place the altar in front of the veil that is before the ark of the Testimony—before the mercy seat that is over the Testimony—where I will meet with you.
7 ULB হাৰোণে প্রতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব। BSB BSB: And Aaron is to burn fragrant incense on it every morning when he tends the lamps.
8 ULB গধূলীও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যিহোৱাৰ সন্মুখত নিত্য ধূপদাহ হ’ব। BSB BSB: When Aaron sets up the lamps at twilight, he must burn the incense perpetually before the LORD for the generations to come.
9 ULB তোমালোকে তাৰ ওপৰত সাধাৰণ ধূপ, বা হোম বলি, বা ভক্ষ্য নৈবেদ্য উৎসৰ্গ নকৰিবা, আৰু তাৰ ওপৰত পেয় নৈবেদ্যও নাঢালিবা। BSB BSB: On this altar you must not offer unauthorized incense or a burnt offering or grain offering; nor are you to pour a drink offering on it.
10 ULB বছৰত এবাৰ হাৰোণে তাৰ শিংবোৰ পবিত্রকৃত কৰিব। তোমালোকৰ পুৰুষানুক্ৰমে প্ৰায়শ্চিত্তাৰ্থক পাপ-বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্রকৃত কৰিব। এই বেদী যিহোৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ’ব। BSB BSB: Once a year Aaron shall make atonement on the horns of the altar. Throughout your generations he shall make atonement on it annually with the blood of the sin offering of atonement. The altar is most holy to the LORD.”
11 ULB যিহোৱাই মোচিক কলে, BSB BSB: Then the LORD said to Moses,
12 ULB “তুমি যেতিয়া ইস্ৰায়েলৰ জনসংখ্যা গণনা কৰিবা, তেতিয়া তেওঁলোকৰ প্ৰতিজনে যিহোৱাৰ উদ্দেশ্যে নিজৰ নিজৰ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব লাগিব। তুমি তোমাৰ পাছত তেওঁলোকৰ গণনা কৰিব লাগিব। তুমি তেওঁলোকক গণনা কৰিবা, তাতে তেওঁলোকৰ মাজত মহামাৰী নহ’ব। BSB BSB: “When you take a census of the Israelites to number them, each man must pay the LORD a ransom for his life when he is counted. Then no plague will come upon them when they are numbered.
13 ULB প্রতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত বিশ গেৰা হয়; সেই আধা চেকল যিহোৱাৰ উদ্দেশ্যে দিবলগা উপহাৰ। BSB BSB: Everyone who crosses over to those counted must pay a half shekel, according to the sanctuary shekel, which weighs twenty gerahs. This half shekel is an offering to the LORD.
14 ULB বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোক প্রতিজনে গণনা কৰা সময়ত, যিহোৱালৈ উপহাৰ দিব লাগিব। BSB BSB: Everyone twenty years of age or older who crosses over must give this offering to the LORD.
15 ULB তোমালোকে প্ৰাণৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সেই উপহাৰ দিয়াৰ সময়ত, ধনী লোকসকলে আধা চেকলতকৈ অধিক নিদিব, আৰু দুখীয়া লোকসকলে তাতকৈ কম নিদিব। BSB BSB: In making the offering to the LORD to atone for your lives, the rich shall not give more than a half shekel, nor shall the poor give less.
16 ULB তুমি ইস্ৰায়েলী লোকসকলৰ পৰা সেই প্ৰায়শ্চিত্তৰ ধন ল’ব লাগিব, আৰু সেই ধন সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ অৰ্থে দিব লাগিব। তোমালোকৰ প্ৰাণৰ প্ৰায়শ্চিত্তৰ বাবে সেয়ে ইস্ৰায়েলী লোকসকলৰ সোঁৱৰণৰ অৰ্থে যিহোৱাৰ আগত থাকিব।” BSB BSB: Take the atonement money from the Israelites and use it for the service of the Tent of Meeting. It will serve as a memorial for the Israelites before the LORD to make atonement for your lives.”
17 ULB যিহোৱাই মোচিক কলে, BSB BSB: And the LORD said to Moses,
18 ULB “প্রক্ষালনৰ বাবে তুমি পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ গঢ়াবা, আৰু তাত পিতলৰ খুৰা লগাবা। তুমি সেই প্রক্ষালন পাত্র সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত থবা; আৰু তুমি ইয়াৰ ভিতৰত পানী ভৰাই ৰাখিবা। BSB BSB: “You are to make a bronze basin with a bronze stand for washing. Set it between the Tent of Meeting and the altar, and put water in it,
19 ULB হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তাত থকা পানী লৈ নিজৰ হাত ভৰি ধুব। BSB BSB: with which Aaron and his sons are to wash their hands and feet.
20 ULB তেওঁলোকে যেতিয়া সাক্ষাৎ কৰা তম্বুত সোমাব, বা যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ দগ্ধ কৰিবলৈ বেদীৰ ওচৰলৈ যাব, তেতিয়া তেওঁলোকৰ যেন মৃত্যু নহয়, সেই কাৰণে তেওঁলোকে নিজৰ হাত ভৰি ধুব। BSB BSB: Whenever they enter the Tent of Meeting or approach the altar to minister by presenting a food offering to the LORD, they must wash with water so that they will not die.
21 ULB তেওঁলোকৰ মৃত্যু নহবলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব।” BSB BSB: Thus they are to wash their hands and feet so that they will not die; this shall be a permanent statute for Aaron and his descendants for the generations to come.”
22 ULB যিহোৱাই মোচিক কলে, BSB BSB: Then the LORD said to Moses,
23 ULB “তুমি নিজৰ বাবে বিশেষ বিশেষ সুগন্ধি দ্ৰব্য, অৰ্থাৎ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে, পাঁচশ চেকল গন্ধৰস, আৰু দুশ পঞ্চাশ চেকল সুগন্ধি দালচিনি, দুশ পঞ্চাশ চেকল সুগন্ধি বচ, BSB BSB: “Take the finest spices: 500 shekels of liquid myrrh, half that amount (250 shekels) of fragrant cinnamon, 250 shekels of fragrant cane,
24 ULB পাঁচ শ চেকল তেজপাত, আৰু এক হিন জলফাই তেল ল’বা। BSB BSB: 500 shekels of cassia—all according to the sanctuary shekel—and a hin of olive oil.
25 ULB সেইবোৰেৰে তুমি অভিষেকৰ অৰ্থে পবিত্ৰ তেল, অৰ্থাৎ সুগন্ধি দ্ৰব্য ব্যৱসায়ীয়ে তৈয়াৰ কৰা অনুসাৰে সুগন্ধি তেল যুগুত কৰিবা। সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব। BSB BSB: Prepare from these a sacred anointing oil, a fragrant blend, the work of a perfumer; it will be a sacred anointing oil.
26 ULB তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষ্য ফলিৰ নিয়ম চন্দুক, BSB BSB: Use this oil to anoint the Tent of Meeting, the ark of the Testimony,
27 ULB মেজ আৰু তাৰ সকলো সঁজুলি, দীপাধাৰ আৰু তাৰ সঁজুলিবোৰ, ধূপ বেদী, BSB BSB: the table and all its utensils, the lampstand and its utensils, the altar of incense,
28 ULB হোমবেদী আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা সেই অভিষেক তেলেৰে অভিষেক কৰিবা। BSB BSB: the altar of burnt offering and all its utensils, and the basin with its stand.
29 ULB সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা; তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ’ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব, তেৱোঁ পবিত্ৰ হ’ব। BSB BSB: You are to consecrate them so that they will be most holy. Whatever touches them shall be holy.
30 ULB মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ, তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা। BSB BSB: Anoint Aaron and his sons and consecrate them to serve Me as priests.
31 ULB তুমি ইস্ৰায়েলী লোকসকলক কবা, “তোমালোকৰ পুৰুষানুক্ৰমে মোৰ বাবে সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব। BSB BSB: And you are to tell the Israelites, ‘This will be My sacred anointing oil for the generations to come.
32 ULB মানুহৰ গাত সেই তেল ব্যৱহাৰ কৰা নহ’ব। সেই তেলৰ সূত্র অনুসাৰে, সেই তেলৰ দৰে আন কোনো তেল প্রস্তুত কৰা নহ’ব; কাৰণ সেয়ে মোৰ বাবে পবিত্ৰ কৰি সংৰক্ষিত কৰা তেল। BSB BSB: It must not be used to anoint an ordinary man, and you must not make anything like it with the same formula. It is holy, and it must be holy to you.
33 ULB যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।” BSB BSB: Anyone who mixes perfume like it or puts it on an outsider shall be cut off from his people.’”
34 ULB যিহোৱাই মোচিক ক’লে, “তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা। BSB BSB: The LORD also said to Moses, “Take fragrant spices—gum resin, onycha, galbanum, and pure frankincense—in equal measures,
35 ULB সেইবোৰৰ দ্বাৰাই সুগন্ধি-দ্ৰব্য ব্যৱসায়ীৰ সূত্র অনুসাৰে লোণ মিহলোৱা এক নিৰ্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰা। BSB BSB: and make a fragrant blend of incense, the work of a perfumer, seasoned with salt, pure and holy.
36 ULB সেই ধূপ গুড়ি কৰি মিহি কৰিবা, যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, সেই সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ সন্মুখত তাক থবা। সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ’ব। BSB BSB: Grind some of it into fine powder and place it in front of the Testimony in the Tent of Meeting, where I will meet with you. It shall be most holy to you.
37 ULB তুমি যি সুগন্ধি ধূপ প্রস্তুত কৰিবা, সেই সূত্র অনুসাৰে তোমালোকৰ বাবে ধূপ প্রস্তুত নকৰিবা। সেয়ে তোমাৰ মানত যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব। BSB BSB: You are never to use this formula to make incense for yourselves; you shall regard it as holy to the LORD.
38 ULB যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব। BSB BSB: Anyone who makes something like it to enjoy its fragrance shall be cut off from his people.”
Select verses for actions: Enter goes to them and Escape comes back.