1 ULB সেয়েহে পবিত্ৰ-স্থানৰ সকলো কাৰ্য ভালদৰে কৰিবলৈ, যিহোৱাই বচলেল আৰু অহলীয়াৰ সৈতে আন যি সকলো লোকক দক্ষতা আৰু বুজিব পৰা শক্তি দিলে, সেই সকলো জ্ঞানী লোকে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিব।” BSB BSB: “So Bezalel, Oholiab, and every skilled person are to carry out everything commanded by the LORD, who has given them skill and ability to know how to perform all the work of constructing the sanctuary.”
2 ULB তাৰ পাছত মোচিয়ে বচলেল আৰু অহলীয়াবৰ সৈতে যিহোৱাই যিসকল লোকক দক্ষতা দিছিল, আৰু ইচ্ছাকৃত ভাৱে তেওঁলোকৰ লগত কাম কৰিবলৈ আহিছিল, তেওঁলোকক মাতিলে। BSB BSB: Then Moses summoned Bezalel, Oholiab, and every skilled person whom the LORD had gifted—everyone whose heart stirred him to come and do the work.
3 ULB তেওঁলোকে, পবিত্ৰ-স্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে ইস্ৰায়েলী লোকসকলে আনি দিয়া সকলো উপহাৰ মোচিৰ পৰা গ্রহণ কৰিলে। লোকসকলে প্ৰতি ৰাতিপুৱা মোচিৰ আগত ইচ্ছাকৃত ভাৱে দান আনিছিল। BSB BSB: They received from Moses all the contributions that the Israelites had brought to carry out the service of constructing the sanctuary. Meanwhile, the people continued to bring freewill offerings morning after morning,
4 ULB সেয়ে পবিত্ৰ স্থানত কাম কৰি থকা সকলো দক্ষতাসম্পন্ন লোকসকল কামৰ পৰা আহিল। BSB BSB: so that all the skilled craftsmen who were doing all the work on the sanctuary left their work
5 ULB তেওঁলোকে মোচিক ক’লে, “যিহোৱাই যিবোৰ কাম কৰিবলৈ আজ্ঞা দিছিল, সেই কাৰ্যৰ বাবে প্রয়োজনীয় বস্তুতকৈ লোকসকলে অধিক বস্তু আনি আছে।” BSB BSB: and said to Moses, “The people are bringing more than enough for doing the work the LORD has commanded us to do.”
6 ULB সেয়ে মোচিয়ে নিৰ্দেশ দিলে যে, তম্বুত থকা লোকসকলে পবিত্ৰ-স্থানৰ কাৰ্যৰ বাবে আৰু উপহাৰ আনিব নালাগে। তেতিয়া লোকসকলে উপহাৰ অনা বন্ধ কৰিলে। BSB BSB: After Moses had given an order, they sent a proclamation throughout the camp: “No man or woman should make anything else as an offering for the sanctuary.” So the people were restrained from bringing more,
7 ULB কিয়নো সকলো কাৰ্য কৰিবৰ অর্থে তেওঁলোকৰ যথেষ্ট বস্তু আছিল, এনেকি প্রয়োজনতকৈ অধিক আছিল। BSB BSB: since what they already had was more than enough to perform all the work.
8 ULB সেয়ে তেওঁলোকৰ মাজত শিল্পকাৰ্য কৰা লোকসকলে আবাসৰ কাৰ্য আৰম্ভ কৰিলে। তেওঁলোকে পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে দহখন পৰ্দা তৈয়াৰ কৰিলে। তেওঁলোকে পৰ্দাৰ ওপৰত কৰূবৰ ছবি আঁকিলে। এই কাৰ্য অতি নিপূণ শিল্পকাৰ বচলেলৰ কাম আছিল। BSB BSB: All the skilled craftsmen among the workmen made the ten curtains for the tabernacle. They were made of finely spun linen, as well as blue, purple, and scarlet yarn, with cherubim skillfully worked into them.
9 ULB প্ৰত্যেকখন পৰ্দাই সমান জোখৰ আছিল, আঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল। BSB BSB: Each curtain was twenty-eight cubits long and four cubits wide; all the curtains were the same size.
10 ULB তাৰ পাছত বচলেলে পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন পাঁচখনো ইখনক সিখনৰ লগত জোৰা দিলে। BSB BSB: And he joined five of the curtains together, and the other five he joined as well.
11 ULB তেওঁ নীলা জৰীৰ পাক প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত লগালে, আৰু দ্বিতীয়তে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিতো নীলা জৰীৰ পাক দিলে। BSB BSB: He made loops of blue material on the edge of the end curtain in the first set, and also on the end curtain in the second set.
12 ULB সেই প্ৰথমখন পৰ্দাৰ পঞ্চাশটা আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে। সেই জৰীৰ পাক দুশাৰী মুখামুখকৈ লগালে। BSB BSB: He made fifty loops on one curtain and fifty loops on the end curtain of the second set, so that the loops lined up opposite one another.
13 ULB তেওঁ সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে পৰ্দা দুখন ইখনক সিখনৰ লগত বান্ধিলে; আৰু এইদৰে সেই আবাস একলগ কৰি এটা কৰা হ’ল। BSB BSB: He also made fifty gold clasps to join the curtains together, so that the tabernacle was a unit.
14 ULB সেই আবাসৰ ওপৰৰ তম্বুৰ বাবে ছাগলীৰ নোমেৰে কাপোৰ যুগুত কৰিলে। তেওঁ এঘাৰখন পৰ্দা যুগুত কৰিলে। BSB BSB: He then made curtains of goat hair for the tent over the tabernacle—eleven curtains in all.
15 ULB প্ৰতিখন পৰ্দা সমান জোখৰ আছিল, দীঘলে ত্ৰিশ হাত, আৰু বহলে চাৰি হাত। BSB BSB: Each of the eleven curtains was the same size—thirty cubits long and four cubits wide.
16 ULB তেওঁ পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন ছয়খন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে। BSB BSB: He joined five of the curtains into one set and the other six into another.
17 ULB প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু তেনেকুৱাই জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে। BSB BSB: He made fifty loops along the edge of the end curtain in the first set, and fifty loops along the edge of the corresponding curtain in the second set.
18 ULB বচলেলে প্রথম আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাবোৰ লগলগাই তম্বু একে লগ কৰিবৰ অৰ্থে পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়ালে। BSB BSB: He also made fifty bronze clasps to join the tent together as a unit.
19 ULB ৰঙা ৰং কৰা ভেড়াৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ আৰু তাৰ ওপৰতো তহচ জন্তুৰ ছালেৰে আৰু এটা আবৰণ যুগুত কৰিলে। BSB BSB: Additionally, he made for the tent a covering of ram skins dyed red, and over that a covering of fine leather.
20 ULB বচলেলে আবাসৰ বাবে চিটীম কাঠেৰে থিয়কৈ দিয়া তক্তা যুগুত কৰিলে। BSB BSB: Next, he constructed upright frames of acacia wood for the tabernacle.
21 ULB তাৰ এখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল আছিল। BSB BSB: Each frame was ten cubits long and a cubit and a half wide.
22 ULB প্ৰতিখন তক্তাত তেওঁ একে জোখৰ দুটাকৈ ওলোৱা অংশ কৰিলে; এইদৰে তাৰ আবাসৰ সকলো তক্তা কৰিলে। BSB BSB: Two tenons were connected to each other for each frame. He made all the frames of the tabernacle in this way.
23 ULB এইদৰে আবাসৰ বাবে যি তক্তা প্রস্তুত কৰিলে তাৰে বিশখন তক্তা দক্ষিণ ফালৰ বাবে যুগুত কৰিলে। BSB BSB: He constructed twenty frames for the south side of the tabernacle,
24 ULB বচলেলে সেই বিশখন তক্তাৰ তলত ৰূপৰ চল্লিশটা চুঙী গঢ়ালে; এখন তক্তাৰ তলত তাৰ দুটা খুটাৰ বাবে দুটা চুঙী, আৰু আন আন তক্তাৰ তলতো দুটা দুটা চুঙী গঢ়ালে। BSB BSB: with forty silver bases to put under the twenty frames—two bases for each frame, one under each tenon.
25 ULB আবাসৰ দ্বিতীয় ফালৰ উত্তৰ দিশে বিশখন তক্তা যুগুত কৰিলে, BSB BSB: For the second side of the tabernacle, the north side, he made twenty frames
26 ULB আৰু সেইবোৰৰ বাবে ৰূপৰ চল্লিশটা চুঙী গঢ়ালে। এখন তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী লগালে। BSB BSB: and forty silver bases—two bases under each frame.
27 ULB আবাসৰ পিছফালৰ পশ্চিম দিশৰ বাবে ছয় খন তক্তা যুগুত কৰিলে। BSB BSB: He made six frames for the rear of the tabernacle, the west side,
28 ULB আবাসৰ পিছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিলে। BSB BSB: and two frames for the two back corners of the tabernacle,
29 ULB প্ৰত্যেক তক্তাৰ তলৰফাল খোলা ৰাখিলে, কিন্তু ওপৰফালে আঙঠিৰে একলগ কৰা হ’ল। দুয়োটা চুকৰ বাবে দুয়োখন তক্তা এইদৰে কৰা হ’ল। BSB BSB: coupled together from bottom to top and fitted into a single ring. He made both corners in this way.
30 ULB ৰূপৰ চুঙীৰে সৈতে আঠখন তক্তা আছিল। সেইবোৰৰ বাবে ৰূপৰ চুঙী সৰ্বমুঠ ষোল্লটা, প্ৰত্যেক তক্তাৰ তলত দুটাকৈ চুঙী লগোৱা হ’ল। BSB BSB: So there were eight frames and sixteen silver bases—two under each frame.
31 ULB বচলেলে আবাসৰ এফালৰ তক্তাৰ বাবে পাঁচডাল, BSB BSB: He also made five crossbars of acacia wood for the frames on one side of the tabernacle,
32 ULB আৰু আবাসৰ আন ফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিম দিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল চিটীম কাঠৰ পথালি ডাং যুগুত কৰিলে। BSB BSB: five for those on the other side, and five for those on the rear side of the tabernacle, to the west.
33 ULB কিন্তু মাজৰ ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যোৱাকৈ কৰিলে। BSB BSB: He made the central crossbar to run through the center of the frames, from one end to the other.
34 ULB সেই তক্তাবোৰত সোণৰ পতা মাৰিলে, আৰু ডাংবোৰ সুমুৱাবলৈ, সেইবোৰত সোণৰ আঙঠি গঢ়ালে; আৰু ডাং বোৰতো সোণৰ পতা মাৰিলে। BSB BSB: And he overlaid the frames with gold and made gold rings to hold the crossbars. He also overlaid the crossbars with gold.
35 ULB বচলেলে নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা তৈয়াৰ কৰিলে। সেই পৰ্দাত নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সা তৈয়াৰ কৰা হ’ল। BSB BSB: Next, he made the veil of blue, purple, and scarlet yarn, and finely spun linen, with cherubim skillfully worked into it.
36 ULB পৰ্দাৰ বাবে চিটীম কাঠৰ চাৰিটা খুটা বনাই, সেইবোৰত সোণৰ পতা মাৰিলে। খুটাৰ বাবে সোণৰ হাঁকোটা গঢ়ালে, আৰু ৰূপৰ চাৰিটা চুঙী সাঁচত ঢালিলে। BSB BSB: He also made four posts of acacia wood for it and overlaid them with gold, along with gold hooks; and he cast four silver bases for the posts.
37 ULB তেওঁ তম্বুৰ দুৱাৰৰ বাবে নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে বোৱা, শিল্পকাৰে ফুল বছা এখন পৰ্দা যুগত কৰিলে। BSB BSB: For the entrance to the tent, he made a curtain embroidered with blue, purple, and scarlet yarn, and finely spun linen,
38 ULB পৰ্দাৰ বাবে পাঁচোটা খুটা আৰু সেইবোৰৰ হাঁকোটা বনালে। খুটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে পাঁচটা পিতলৰ চুঙী তৈয়াৰ কৰিলে। BSB BSB: together with five posts and their hooks. He overlaid the tops of the posts and their bands with gold, and their five bases were bronze.
Select verses for actions: Enter goes to them and Escape comes back.