1 ULB তাৰ পাছত যিহোৱাই মোচিক কলে, BSB BSB: Then the LORD said to Moses,
2 ULB “তুমি প্ৰথম মাহৰ প্ৰথম দিনা সাক্ষাৎ কৰা তম্বুৰ আবাস স্থাপন কৰিবা। BSB BSB: “On the first day of the first month you are to set up the tabernacle, the Tent of Meeting.
3 ULB তুমি তাৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা। BSB BSB: Put the ark of the Testimony in it and screen off the ark with the veil.
4 ULB মেজ ভিতৰলৈ আনি তাক সজাই ৰাখিবা; আৰু দীপাধাৰ ভিতৰলৈ আনি, তাৰ ওপৰত প্ৰদীপবোৰ জ্বলাই দিবা। BSB BSB: Then bring in the table and set out its arrangement; bring in the lampstand as well, and set up its lamps.
5 ULB ধূপ জ্বলাবৰ বাবে সোণৰ বেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত ৰাখিবা, আৰু আবাসৰ দুৱাৰত পৰ্দাবোৰ লগাই দিবা। BSB BSB: Place the gold altar of incense in front of the ark of the Testimony, and hang the curtain at the entrance to the tabernacle.
6 ULB সাক্ষাৎ কৰা তম্বুৰ আবাসৰ দুৱাৰৰ সন্মুখত হোম-বেদি ৰাখিবা। BSB BSB: Place the altar of burnt offering in front of the entrance to the tabernacle, the Tent of Meeting.
7 ULB সাক্ষাৎ কৰা তম্বু আৰু হোম-বেদিৰ মাজত প্ৰক্ষালন-পাত্ৰ থৈ, তাত পানী ভৰাবা। BSB BSB: And place the basin between the Tent of Meeting and the altar, and put water in it.
8 ULB চাৰিওফালে চোতাল যুগুত কৰিবা, আৰু চোতালৰ দুৱাৰত পৰ্দাবোৰ লগাবা। BSB BSB: Set up the surrounding courtyard and hang the curtain for the entrance to the courtyard.
9 ULB তুমি অভিষেক কৰা তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি, তাক আৰু তাৰ সকলো বস্তু পবিত্ৰ কৰিবা; তাতে সেয়ে পবিত্ৰ হ’ব। BSB BSB: Take the anointing oil and anoint the tabernacle and everything in it; consecrate it along with all its furnishings, and it shall be holy.
10 ULB তুমি হোম-বেদিটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি, সেই বেদি পবিত্ৰ কৰিবা; তাতে সেই বেদি অতি পবিত্ৰ হ’ব। BSB BSB: Anoint the altar of burnt offering and all its utensils; consecrate the altar, and it shall be most holy.
11 ULB তুমি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি তাক পবিত্ৰ কৰিবা। BSB BSB: Anoint the basin and its stand and consecrate them.
12 ULB তুমি হাৰোণক আৰু তেওঁৰ পুত্রসকলক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ আনি, তেওঁলোকক পানীৰে গা ধুৱাবা। BSB BSB: Then bring Aaron and his sons to the entrance to the Tent of Meeting and wash them with water.
13 ULB হাৰোণক পবিত্ৰ বস্ত্ৰ পিন্ধাই, মোৰ অৰ্থে পুৰোহিত কৰ্ম্ম কৰিবলৈ তেওঁক অভিষেক কৰি পবিত্ৰ কৰিবা। BSB BSB: And you are to clothe Aaron with the holy garments, anoint him, and consecrate him, so that he may serve Me as a priest.
14 ULB তেওঁৰ পুত্ৰসকলকো আনি, কোট চোলা পিন্ধাবা। BSB BSB: Bring his sons forward and clothe them with tunics.
15 ULB তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ, তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত-কৰ্ম্ম কৰিবলৈ পুএ সকলক অভিষেক কৰিব। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ’ব। BSB BSB: Anoint them just as you anointed their father, so that they may also serve Me as priests. Their anointing will qualify them for a permanent priesthood throughout their generations.”
16 ULB মোচিয়ে সেই দৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে। BSB BSB: Moses did everything just as the LORD had commanded him.
17 ULB পাছে দ্বিতীয় বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা আবাস স্থাপন কৰা হ’ল। BSB BSB: So the tabernacle was set up on the first day of the first month of the second year.
18 ULB যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাস স্থাপন কৰিবলৈ, তাৰ চুঙী বহুৱাই, তক্তা খুৱাই ডাং সুমুৱাই, আৰু তাৰ খুটাবোৰ তুলি, BSB BSB: When Moses set up the tabernacle, he laid its bases, positioned its frames, inserted its crossbars, and set up its posts.
19 ULB সেই আবাসৰ ওপৰত তম্বু তৰিলে, আৰু তাৰ ওপৰত তম্বুৰ আৱৰণ লগালে। BSB BSB: Then he spread the tent over the tabernacle and put the covering over the tent, just as the LORD had commanded him.
20 ULB পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষ-ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই, চন্দুকত কানমাৰি লগাই, নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থৈ, BSB BSB: Moses took the Testimony and placed it in the ark, attaching the poles to the ark; and he set the mercy seat atop the ark.
21 ULB আৰু আবাসৰ ভিতৰলৈ নিয়ম চন্দুকটো আনি, আঁৰ কৰি ৰখা পৰ্দা লগাই, সাক্ষ-ফলিৰ নিয়ম চন্দুক ঢাকিলে। BSB BSB: Then he brought the ark into the tabernacle, put up the veil for the screen, and shielded off the ark of the Testimony, just as the LORD had commanded him.
22 ULB যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ উত্তৰফালে পৰ্দাৰ বাহিৰত সাক্ষাৎ কৰা তম্বুত মেজ ৰাখিলে, BSB BSB: Moses placed the table in the Tent of Meeting on the north side of the tabernacle, outside the veil.
23 ULB তাৰ ওপৰত যিহোৱাৰ সন্মুখত পিঠা সজাই থলে। BSB BSB: He arranged the bread on it before the LORD, just as the LORD had commanded him.
24 ULB পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুত মেজৰ সন্মুখত আবাসৰ দক্ষিণফালে দীপাধাৰ ৰাখিলে। BSB BSB: He also placed the lampstand in the Tent of Meeting opposite the table on the south side of the tabernacle
25 ULB যিহোৱাৰ সন্মুখত প্ৰদীপবোৰ জ্বলাই দিলে। BSB BSB: and set up the lamps before the LORD, just as the LORD had commanded him.
26 ULB পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ পৰ্দাৰ আগত সোণৰ বেদি ৰাখিলে। BSB BSB: Moses placed the gold altar in the Tent of Meeting, in front of the veil,
27 ULB তাৰ ওপৰত সুগন্ধি ধূপ জ্বলালে। BSB BSB: and he burned fragrant incense on it, just as the LORD had commanded him.
28 ULB পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ দুৱাৰৰ পৰ্দা লগালে, BSB BSB: Then he put up the curtain at the entrance to the tabernacle.
29 ULB আৰু সাক্ষাৎ কৰা তম্বুত আবাসৰ দুৱাৰৰ মুখত হোম-বেদি ৰাখি তাৰ ওপৰত হোমবলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলে। BSB BSB: He placed the altar of burnt offering near the entrance to the tabernacle, the Tent of Meeting, and offered on it the burnt offering and the grain offering, just as the LORD had commanded him.
30 ULB পাছে যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ আৰু হোম-বেদিৰ মাজত, প্ৰক্ষালন-পাত্ৰ ৰাখি ধোবলৈ তাত পানী ভৰাই থলে। BSB BSB: He placed the basin between the Tent of Meeting and the altar and put water in it for washing;
31 ULB তাৰ পৰাই মোচি, হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলে নিজৰ নিজৰ হাত ভৰি ধোৱে। BSB BSB: and from it Moses, Aaron, and his sons washed their hands and feet.
32 ULB যেতিয়া তেওঁলোকে সাক্ষাৎ কৰা তম্বুত সোমায়, বা বেদিৰ ওচৰলৈ আহে, তেতিয়া ধোৱে। BSB BSB: They washed whenever they entered the Tent of Meeting or approached the altar, just as the LORD had commanded Moses.
33 ULB পাছে তেওঁ আবাসৰ আৰু হোমবেদিৰ চাৰিওফালে চোতাল যুগুত কৰিলে; আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোচিয়ে কাৰ্য সমাপ্ত কৰিলে। BSB BSB: And Moses set up the courtyard around the tabernacle and the altar, and he hung the curtain for the entrance to the courtyard. So Moses finished the work.
34 ULB তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে। BSB BSB: Then the cloud covered the Tent of Meeting, and the glory of the LORD filled the tabernacle.
35 ULB মোচিয়ে সাক্ষাৎ কৰা তম্বুত সোমাব নোৱাৰিলে; কিয়নো মেঘ তাৰ ওপৰত আছিল, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিছিল। BSB BSB: Moses was unable to enter the Tent of Meeting because the cloud had settled on it, and the glory of the LORD filled the tabernacle.
36 ULB পাছে আবাসৰ ওপৰৰ পৰা মেঘ উঠিলে, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰে। BSB BSB: Whenever the cloud was lifted from above the tabernacle, the Israelites would set out through all the stages of their journey.
37 ULB কিন্তু আবাসৰ ওপৰৰ পৰা যদি মেঘ আঁতৰি নাযায়, তেতিয়ালৈকে তেওঁলোকে যাত্ৰা নকৰে। BSB BSB: If the cloud was not lifted, they would not set out until the day it was taken up.
38 ULB কিয়নো গোটেই ইস্ৰায়েল বংশৰ চকুৰ আগত, তেওঁলোকৰ আটাই যাত্ৰাত, দিনত যিহোৱাৰ মেঘ আবাসৰ ওপৰত আছিল, আৰু ৰাতি অগ্নি আবাসৰ ভিতৰত আছিল। BSB BSB: For the cloud of the LORD was over the tabernacle by day, and fire was in the cloud by night, in the sight of all the house of Israel through all their journeys.
Select verses for actions: Enter goes to them and Escape comes back.