1 ULB তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৌৰণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায় হাৰোণ তোমাৰ ভাববাদী হ’ব। BSB BSB: The LORD answered Moses, “See, I have made you like God to Pharaoh, and your brother Aaron will be your prophet.
2 ULB মই তোমাক যি আজ্ঞা দিওঁ, সেই সকলোকে তুমি ক’বা; তাতে ফৰৌণে ইস্ৰায়েলী লোক সকলক নিজৰ দেশৰ পৰা যাবৰ বাবে এৰি দিবলৈ, তোমাৰ ককায় হাৰোণে সেই সকলো কথা ফৰৌণক ক’ব। BSB BSB: You are to speak all that I command you, and your brother Aaron is to tell Pharaoh to let the Israelites go out of his land.
3 ULB কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম। BSB BSB: But I will harden Pharaoh’s heart, and though I will multiply My signs and wonders in the land of Egypt,
4 ULB তথাপিও ফৰৌণে তোমালোকৰ কথা নুশুনিব। সেয়েহে মই মিচৰৰ ওপৰত আঘাত কৰিম, আৰু মোৰ ইস্ৰায়েলী লোকসকল, যুদ্ধাৰু দল, ইস্রায়েলৰ বংশধৰ সকলক দণ্ডৰ পৰাক্রমী কাৰ্য কৰি মিচৰ দেশৰ পৰা উলিয়াই আনিম। BSB BSB: Pharaoh will not listen to you. Then I will lay My hand on Egypt, and by mighty acts of judgment I will bring the divisions of My people the Israelites out of the land of Egypt.
5 ULB মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়ে যে যিহোৱা, সেই বিষয় মিচৰীয়া সকলে জানিব পাৰিব।” BSB BSB: And the Egyptians will know that I am the LORD, when I stretch out My hand against Egypt and bring the Israelites out from among them.”
6 ULB মোচি আৰু হাৰোণে সেইদৰে কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে। BSB BSB: So Moses and Aaron did just as the LORD had commanded them.
7 ULB তেওঁলোকে যেতিয়া ফৰৌণৰ লগত কথা পাতিছিল, তেতিয়া মোচিৰ আশী বছৰ আৰু হাৰোণৰ তিৰাশী বছৰ বয়স হৈছিল। BSB BSB: Moses was eighty years old and Aaron was eighty-three when they spoke to Pharaoh.
8 ULB যিহোৱাই মোচি আৰু হাৰোণক ক’লে, BSB BSB: The LORD said to Moses and Aaron,
9 ULB “যেতিয়া ফৌৰণে তোমালোকক ক’ব, তোমালোকে কোনো এটা আচৰিত কাৰ্য কৰি দেখুউৱা, তেতিয়া তুমি হাৰোণক ক’বা যে, তোমাৰ লাখুটি সাপ হ’বৰ বাবে, লাখুটিডাল ফৌৰণৰ সন্মুখত পেলোৱা।” BSB BSB: “When Pharaoh tells you, ‘Perform a miracle,’ you are to say to Aaron, ‘Take your staff and throw it down before Pharaoh,’ and it will become a serpent.”
10 ULB তাৰ পাছত মোচি আৰু হাৰোণে ফৌৰণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৌৰণৰ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল। BSB BSB: So Moses and Aaron went to Pharaoh and did just as the LORD had commanded. Aaron threw his staff down before Pharaoh and his officials, and it became a serpent.
11 ULB তেতিয়া ফৌৰণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। BSB BSB: But Pharaoh called the wise men and sorcerers and magicians of Egypt, and they also did the same things by their magic arts.
12 ULB তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে। BSB BSB: Each one threw down his staff, and it became a serpent. But Aaron’s staff swallowed up the other staffs.
13 ULB তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৌৰণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে। BSB BSB: Still, Pharaoh’s heart was hardened, and he would not listen to them, just as the LORD had said.
14 ULB যিহোৱাই মোচিক ক’লে, “ফৌৰণৰ মন কঠিন হ’ল, আৰু তেওঁ লোকসকলক এৰি দিবলৈ অমান্তি হৈছে। BSB BSB: Then the LORD said to Moses, “Pharaoh’s heart is unyielding; he refuses to let the people go.
15 ULB ৰাতিপুৱা যেতিয়া ফৌৰণে পানীৰ ওচৰলৈ যায়, সেই সময়ত তুমি তেওঁৰ ওচৰলৈ যাবা। তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ পাৰত থিয় হৈ থাকিবা; আৰু যি লাখুটিডাল সাপ হৈছিল, সেই লাখুটি ডালো তোমাৰ হাতত ল’বা। BSB BSB: Go to Pharaoh in the morning as you see him walking out to the water. Wait on the bank of the Nile to meet him, and take in your hand the staff that was changed into a snake.
16 ULB তুমি তেওঁক ক’বা, ‘ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই আপোনাৰ ওচৰলৈ মোক ক’বলৈ পঠিয়াইছে, “মৰুভূমিত ইশ্বৰৰ আৰাধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোক সকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই।” BSB BSB: Then say to him, ‘The LORD, the God of the Hebrews, has sent me to tell you: Let My people go, so that they may worship Me in the wilderness. But until now you have not listened.
17 ULB যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব। BSB BSB: This is what the LORD says: By this you will know that I am the LORD. Behold, with the staff in my hand I will strike the water of the Nile, and it will turn to blood.
18 ULB তেতিয়া নদীত থকা মাছবোৰ মৰিব, আৰু নদী দুৰ্গন্ধময় হ’ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিচৰীয়া সকলে নদীৰ পানী খাব নোৱাৰিব’।” BSB BSB: The fish in the Nile will die, the river will stink, and the Egyptians will be unable to drink its water.’”
19 ULB তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়। BSB BSB: And the LORD said to Moses, “Tell Aaron, ‘Take your staff and stretch out your hand over the waters of Egypt—over their rivers and canals and ponds and all the reservoirs—that they may become blood.’ There will be blood throughout the land of Egypt, even in the vessels of wood and stone.”
20 ULB তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৌৰণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল। BSB BSB: Moses and Aaron did just as the LORD had commanded; in the presence of Pharaoh and his officials, Aaron raised the staff and struck the water of the Nile, and all the water was turned to blood.
21 ULB নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধময় হ’ল। মিচৰীয়া লোক সকলে নদীৰ পানী খাব নোৱাৰিলে; আৰু সেই তেজ মিচৰ দেশৰ সকলো ঠাইতে হ’ল। BSB BSB: The fish in the Nile died, and the river smelled so bad that the Egyptians could not drink its water. And there was blood throughout the land of Egypt.
22 ULB কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৌৰণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল। BSB BSB: But the magicians of Egypt did the same things by their magic arts. So Pharaoh’s heart was hardened, and he would not listen to Moses and Aaron, just as the LORD had said.
23 ULB তাৰ পাছত ফৌৰণে সেই আচৰিত কাৰ্যলৈ মনযোগ নিদি, নিজৰ ঘৰলৈ উভটি গ’ল। BSB BSB: Instead, Pharaoh turned around, went into his palace, and did not take any of this to heart.
24 ULB সকলো মিচৰীয়া লোক সকলে খোৱা পানীৰ বাবে নদীৰ চাৰিওফালে গাঁত খানিলে; কিন্তু সেই পানীও নদীৰ পানী দৰে হোৱা বাবে তেওঁলোকে খাব নোৱাৰিলে। BSB BSB: So all the Egyptians dug around the Nile for water to drink, because they could not drink the water from the river.
25 ULB যিহোৱাই নদী প্ৰহাৰ কৰা সাত দিন পূৰ হ’ল। BSB BSB: And seven full days passed after the LORD had struck the Nile.