1 ULB তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ‘ইব্ৰীয়া লোক সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ দিয়ক। BSB BSB: Then the LORD said to Moses, “Go to Pharaoh and tell him that this is what the LORD, the God of the Hebrews, says: ‘Let My people go, so that they may worship Me.
2 ULB কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব, BSB BSB: But if you continue to restrain them and refuse to let them go,
3 ULB তেনেহ’লে আপোনাৰ পথাৰত থকা পশুবোৰ, যেনে ঘোঁৰা, গাধ, উট, গৰু, ভেড়া, আৰু ছাগলী জাকবোৰৰ ওপৰত যিহোৱাই হাত দিব; আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ’ব। BSB BSB: then the hand of the LORD will bring a severe plague on your livestock in the field—on your horses, donkeys, camels, herds, and flocks.
4 ULB কিন্তু যিহোৱাই ইস্ৰায়েলী লোক সকলৰ পশুবোৰ আৰু মিচৰীয়া লোক সকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব; তেতিয়া যিবোৰ পশু ইস্ৰায়েলী লোক সকলৰ নহয় সেইবোৰ মৰিব”।” BSB BSB: But the LORD will make a distinction between the livestock of Israel and the livestock of Egypt, so that no animal belonging to the Israelites will die.’”
5 ULB যিহোৱাই সময় নিৰূপণ কৰি ক’লে, “কাইলৈ দেশত মই এই কাৰ্য কৰিম।” BSB BSB: The LORD set a time, saying, “Tomorrow the LORD will do this in the land.”
6 ULB পাছদিনা যিহোৱাই সেই কাৰ্য কৰিলে। মিচৰৰ আটাইবোৰ পশু মৰিল; কিন্তু ইস্ৰায়েলী লোকসকলৰ পশুবোৰৰ এটাও নমৰিল। BSB BSB: And the next day the LORD did just that. All the livestock of the Egyptians died, but not one animal belonging to the Israelites died.
7 ULB তেতিয়া ফৰৌণে বিচাৰ কৰি দেখিলে যে, ইস্ৰায়েলী লোকসকলৰ এটাও পশু মৰা নাই। তথাপিও ফৰৌণৰ মন কঠিন হল, আৰু তেওঁ লোক সকলক যাবলৈ এৰি নিদিলে। BSB BSB: Pharaoh sent officials and found that none of the livestock of the Israelites had died. But Pharaoh’s heart was hardened, and he would not let the people go.
8 ULB তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা ছাই লোৱা, কিন্তু মোচি, তুমি ফৰৌণে চাই থকা সময়ত সেই ছাই ওপৰ ফাললৈ ছটিয়াই দিবা। BSB BSB: Then the LORD said to Moses and Aaron, “Take handfuls of soot from the furnace; in the sight of Pharaoh, Moses is to toss it into the air.
9 ULB তাতে, সেই ছাই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত আনেক ঘা আৰু ফোহাঁ উঠিব।” BSB BSB: It will become fine dust over all the land of Egypt, and festering boils will break out on man and beast throughout the land.”
10 ULB সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল। BSB BSB: So they took soot from the furnace and stood before Pharaoh. Moses tossed it into the air, and festering boils broke out on man and beast.
11 ULB শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল। BSB BSB: The magicians could not stand before Moses, because the boils had broken out on them and on all the Egyptians.
12 ULB তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে। BSB BSB: But the LORD hardened Pharaoh’s heart, and he would not listen to them, just as the LORD had said to Moses.
13 ULB তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাব দিয়ক। BSB BSB: Then the LORD said to Moses, “Get up early in the morning, stand before Pharaoh, and tell him that this is what the LORD, the God of the Hebrews, says: ‘Let My people go, so that they may worship Me.
14 ULB কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোক সকলৰ ওপৰলৈ মোৰ সকলো প্লেগ মহামাৰী পঠিয়াম। BSB BSB: Otherwise, I will send all My plagues against you and your officials and your people, so you may know that there is no one like Me in all the earth.
15 ULB মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি, তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীৰে প্ৰহাৰ কৰা হ’লে, তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হ’লাহেঁতেন। BSB BSB: For by this time I could have stretched out My hand and struck you and your people with a plague to wipe you off the earth.
16 ULB অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ। BSB BSB: But I have raised you up for this very purpose, that I might display My power to you, and that My name might be proclaimed in all the earth.
17 ULB এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই। BSB BSB: Still, you lord it over My people and do not allow them to go.
18 ULB শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম। BSB BSB: Behold, at this time tomorrow I will rain down the worst hail that has ever fallen on Egypt, from the day it was founded until now.
19 ULB সেয়েহে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে, সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত, তেওঁলোক মৰিব”।” BSB BSB: So give orders now to shelter your livestock and everything you have in the field. Every man or beast that remains in the field and is not brought inside will die when the hail comes down upon them.’”
20 ULB তেতিয়া ফৰৌণৰ যি সকল দাসে যিহোৱাৰ বাক্য বিশ্বাস কৰিছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে। BSB BSB: Those among Pharaoh’s officials who feared the word of the LORD hurried to bring their servants and livestock to shelter,
21 ULB কিন্তু যি সকল লোকে যিহোৱাৰ বাক্য গম্ভীৰভাবে লোৱা নাছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে। BSB BSB: but those who disregarded the word of the LORD left their servants and livestock in the field.
22 ULB তাৰ পাছত যিহোৱাই মোচিক ক’লে, “গোটেই মিচৰ দেশৰ মানুহ, পশু, আৰু পথাৰত থকা সকলো গছ-গছনিৰ ওপৰত শিলাবৃষ্টি হবলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা।” BSB BSB: Then the LORD said to Moses, “Stretch out your hand toward heaven, so that hail may fall on all the land of Egypt—on man and beast and every plant of the field throughout the land of Egypt.”
23 ULB মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে। BSB BSB: So Moses stretched out his staff toward heaven, and the LORD sent thunder and hail, and lightning struck the earth. So the LORD rained down hail upon the land of Egypt.
24 ULB এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ঙ্কৰ ৰূপ ল’লে। এনে শিলাবৃষ্টি মিচৰ দেশ স্থাপন হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল। BSB BSB: The hail fell and the lightning continued flashing through it. The hail was so severe that nothing like it had ever been seen in all the land of Egypt from the time it became a nation.
25 ULB গোটেই মিচৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ-গছনি আৰু দেশৰ সকলো গছ ভাঙিলে। BSB BSB: Throughout the land of Egypt, the hail struck down everything in the field, both man and beast; it beat down every plant of the field and stripped every tree.
26 ULB কেৱল ইস্ৰায়েলী লোক সকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল। BSB BSB: The only place where it did not hail was in the land of Goshen, where the Israelites lived.
27 ULB তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ন, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ন। BSB BSB: Then Pharaoh summoned Moses and Aaron. “This time I have sinned,” he said. “The LORD is righteous, and I and my people are wicked.
28 ULB মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।” BSB BSB: Pray to the LORD, for there has been enough of God’s thunder and hail. I will let you go; you do not need to stay any longer.”
29 ULB মোচিয়ে তেওঁক ক’লে, “নগৰৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব। BSB BSB: Moses said to him, “When I have left the city, I will spread out my hands to the LORD. The thunder will cease, and there will be no more hail, so that you may know that the earth is the LORD’s.
30 ULB কিন্তু আপুনি আৰু আপোনাৰ দাস সকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।” BSB BSB: But as for you and your officials, I know that you still do not fear the LORD our God.”
31 ULB সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল। BSB BSB: (Now the flax and barley were destroyed, since the barley was ripe and the flax was in bloom;
32 ULB কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য। BSB BSB: but the wheat and spelt were not destroyed, because they are late crops.)
33 ULB মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল। BSB BSB: Then Moses departed from Pharaoh, went out of the city, and spread out his hands to the LORD. The thunder and hail ceased, and the rain no longer poured down on the land.
34 ULB ফৰৌণে যেতিয়া বৰষুণ, শিলাবৃষ্টি, আৰু মেঘ-গৰ্জ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাস সকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে। BSB BSB: When Pharaoh saw that the rain and hail and thunder had ceased, he sinned again and hardened his heart—he and his officials.
35 ULB এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিলে। BSB BSB: So Pharaoh’s heart was hardened, and he would not let the Israelites go, just as the LORD had said through Moses.