1 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, BSB BSB: Then the word of the LORD came to me, saying,
2 ULB বোলে, হে মনুষ্য সন্তান,তুমি অম্মোনৰ সন্তানবিলাকৰ ফাললৈ মুখ কৰি সিহঁতৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। BSB BSB: “Son of man, set your face against the Ammonites and prophesy against them.
3 ULB তুমি অম্মোনৰ সন্তানবিলাকক কোৱা, তোমালোকে প্ৰভূ যিহোৱাৰ বাক্য শুনা। প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ ধৰ্ম্মধাম অপবিত্ৰ হ’লত তাৰ অহিতে ইস্ৰায়েল-ভূমি ধ্বংস কৰা হ’লত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ গ’লত সেই বংশৰ অহিতে ভাল হৈছে বুলি তুমি ক’লা। BSB BSB: Tell the Ammonites to hear the word of the Lord GOD, for this is what the Lord GOD says: ‘Because you exclaimed, “Aha!” when My sanctuary was profaned, when the land of Israel was laid waste, and when the house of Judah went into exile,
4 ULB এই হেতুকে চোৱা, অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় সন্তানবিলাকৰ হাতত শোধাই দিম; সিহঁতে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজ নিজ বসতিস্থান কৰিব; সিহঁতে তোমাৰ ফল খাব, আৰু তোমাৰ গাখীৰ পান কৰিব। BSB BSB: therefore I will indeed give you as a possession to the people of the East. They will set up their camps and pitch their tents among you. They will eat your fruit and drink your milk.
5 ULB আৰু মই ৰব্বাক উটশাল, আৰু অম্মোনৰ সন্তানবিলাৰ দেশ মেৰ শোৱা গঁৰাল কৰিম; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা। BSB BSB: I will make Rabbah a pasture for camels, and Ammon a resting place for sheep. Then you will know that I am the LORD.’
6 ULB কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা, আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণৰ সম্পূৰ্ণ হিংসাৰে আনন্দ কৰিলা. BSB BSB: For this is what the Lord GOD says: ‘Because you clapped your hands and stomped your feet and rejoiced over the land of Israel with a heart full of contempt,
7 ULB এই হেতুকে চোৱা, মই তোমাৰ অহিতে মোৰ হাত মেলি জাতিবিলাকৰ গুৰিত লুটদ্ৰব্যস্বৰূপ তোমাক শোধাই দিম; মই জাতিবিলাকৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম। মই তোমাক বিনষ্ট কৰিম; তাতে, মই যে যিহোৱা, তাক তুমি জানিবা। BSB BSB: therefore I will indeed stretch out My hand against you and give you as plunder to the nations. I will cut you off from the peoples and exterminate you from the countries. I will destroy you, and you will know that I am the LORD.’
8 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, “চোৱা, যিহূদা-বংশ আন আটাই জাতিৰে নিচিনা হ’ল”, BSB BSB: This is what the Lord GOD says: ‘Because Moab and Seir said, “Look, the house of Judah is like all the other nations,”
9 ULB এই হেতুকে চোৱা, নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে, BSB BSB: therefore I will indeed expose the flank of Moab beginning with its frontier cities—Beth-jeshimoth, Baal-meon, and Kiriathaim—the glory of the land.
10 ULB অম্মোনৰ সন্তানবিলাকৰ অহিতে যালৈ পূৱদেশীয় সন্তানবিলাকৰ নিমিত্তে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ সন্তানবিলাক জাতিবিলাকৰ সোঁৱৰণত নাথাকিবৰ নিমিত্তে মই অধিকাৰৰ অৰ্থে সেইবেৰ সিহঁকত দিম। BSB BSB: I will give it along with the Ammonites as a possession to the people of the East, so that the Ammonites will no longer be remembered among the nations.
11 ULB আৰু মই মোৱাবক দণ্ড দিম; তাতে মই যে যিহোৱা, তাক সিহঁতে জানিব। BSB BSB: So I will execute judgments on Moab, and they will know that I am the LORD.’
12 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য্য কৰিলে, আৰু তেওঁবিলাকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে। BSB BSB: This is what the Lord GOD says: ‘Because Edom acted vengefully against the house of Judah, and in so doing incurred grievous guilt,
13 ULB এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম; আৰু তৈমনৰে পৰা মই ততাক ধ্বংসস্থান কৰিম, দদানলৈকে সিহঁত তৰোৱালৰ দ্বাৰাই পতিত হ’ব। BSB BSB: therefore this is what the Lord GOD says: I will stretch out My hand against Edom and cut off from it both man and beast. I will make it a wasteland, and from Teman to Dedan they will fall by the sword.
14 ULB মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম; আৰু তেওঁবিলাকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য্য কৰিব; তেতিয়া, প্ৰভূ যিহোৱাই কৈছে, মই প্ৰতিকাৰ সধা কি, তাক সিহঁতে জানিব। BSB BSB: I will take My vengeance on Edom by the hand of My people Israel, and they will deal with Edom according to My anger and wrath. Then they will know My vengeance, declares the Lord GOD.’
15 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, পলেষ্টীয়াহঁতে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিকাৰ সাধিলে। BSB BSB: This is what the Lord GOD says: ‘Because the Philistines acted in vengeance, taking vengeance with malice of soul to destroy Judah with ancient hostility,
16 ULB এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই পলেষ্টীয়াহঁতৰ অহিতে মোৰ হাত মেলি কৰেথীয়াহঁতক উচ্ছন্ন কৰিম, আৰু সমূদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম। BSB BSB: therefore this is what the Lord GOD says: Behold, I will stretch out My hand against the Philistines, and I will cut off the Cherethites and destroy the remnant along the coast.
17 ULB আৰু কোপযুক্ত নানা ধমকি দি মই সিহঁতৰ ওপৰত মহাপ্ৰতিকাৰ সাধিম; আৰু মই প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, তাক সিহঁতে জানিব। BSB BSB: I will execute great vengeance against them with furious reproof. Then they will know that I am the LORD, when I lay My vengeance upon them.’”
Select verses for actions: Enter goes to them and Escape comes back.