1 ULB পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Then the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা, BSB BSB: “Now you, son of man, take up a lament for Tyre.
3 ULB আৰু সাগৰৰ প্ৰৱেশস্থান-নিবাসিনী অনেক দ্বীপত জাতিবিলাকৰ বাণিজ্যকাৰিণী তূৰক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে তূৰ, তুমি কৈছিলা মই পৰম সুন্দৰী। BSB BSB: Tell Tyre, who dwells at the gateway to the sea, merchant of the peoples on many coasts, that this is what the Lord GOD says: You have said, O Tyre, ‘I am perfect in beauty.’
4 ULB তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মানকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল। BSB BSB: Your borders are in the heart of the seas; your builders perfected your beauty.
5 ULB সিহঁতে চনীৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল; সিহঁতে তোমাৰ নিমিত্তে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল। BSB BSB: They constructed all your planking with cypress from Senir. They took a cedar from Lebanon to make a mast for you.
6 ULB সিহঁতে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; সিহঁতে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠত লগোৱা হাতী দাঁতৰ তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ কৰিছিল। BSB BSB: Of oaks from Bashan they made your oars; of wood from the coasts of Cyprus they made your deck, inlaid with ivory.
7 ULB তোমালৈ নিচানস্বৰূপ হ’বৰ নিমিত্তে, তোমাৰ পাল মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰে কৰা হৈছিল; তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল। BSB BSB: Of embroidered fine linen from Egypt they made your sail, which served as your banner. Of blue and purple from the coasts of Elishah they made your awning.
8 ULB চীদোন আৰু অৰ্বদ-নিবাসীবোৰ তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোক তোমাৰ মাজত তোমাৰ আৰকাটি আছিল। BSB BSB: The men of Sidon and Arvad were your oarsmen. Your men of skill, O Tyre, were there as your captains.
9 ULB গবলৰ বৃদ্ধবিলাক আৰু তাৰ জ্ঞানীলোকবিলাক তোমাৰ মাজত তোমাৰ বিন্ধা মাৰোঁতা আছিল; তোমাৰ বাণিজ্য-দ্ৰব্য তোলা-নমা কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাবিকবোৰ তোমাৰ মাজত আছিল। BSB BSB: The elders of Gebal were aboard as shipwrights, repairing your leaks. All the ships of the sea and their sailors came alongside to barter for your merchandise.
10 ULB পাৰস্য, লূদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্তৰ মাজত তোমাৰ ৰণুৱা আছিল; সিহঁতে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল সিহঁতে তোমাক সুশোভিতা কৰিছিল। BSB BSB: Men of Persia, Lydia, and Put served as warriors in your army. They hung their shields and helmets on your walls; they gave you splendor.
11 ULB তোমাৰ সৈন্য-সামন্তেৰে সৈতে অৰ্বদৰ লোকবিলাক চাৰিওফালে তোমাৰ গড়ৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকবিলাক তোমাৰ ওখ ঘৰবোৰত আছিল; সিহঁতে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল; সিহঁতে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল। BSB BSB: Men of Arvad and Helech manned your walls all around, and the men of Gammad were in your towers. They hung their shields around your walls; they perfected your beauty.
12 ULB তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ বণিক আছি; সিহঁতে ৰূপ, লোহা, বগীতাম আৰু সীহ দি তোমাৰ মাল লৈছিল। BSB BSB: Tarshish was your merchant because of your great wealth of goods; they exchanged silver, iron, tin, and lead for your wares.
13 ULB যাবন, তুবল, আৰু মেচেক তোমাৰ বেপাৰী আছিল; সিহঁতে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল। BSB BSB: Javan, Tubal, and Meshech were your merchants. They exchanged slaves and bronze utensils for your merchandise.
14 ULB তোগৰ্মা-বংশীয় মানুহবোৰে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খচৰ দি তোমাৰ মাল লৈছিল। BSB BSB: The men of Beth-togarmah exchanged horses, war horses, and mules for your wares.
15 ULB দদানৰ মানুহবোৰ তোমাৰ বেপাৰী আছিল; অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল; সিহঁতে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অব্লুচ কাঠ তোমাক সলনি দিছিল। BSB BSB: The men of Dedan were your clients; many coastlands were your market; they paid you with ivory tusks and ebony.
16 ULB তোমাৰ হাতেৰে সজা অনেক বস্তুৰ নিমিত্তে অৰাম তোমাৰ বণিক আছিল; সিহঁতে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, কাৰচিপি বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল। BSB BSB: Aram was your customer because of your many products; they exchanged turquoise, purple, embroidered work, fine linen, coral, and rubies for your wares.
17 ULB যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ বেপাৰী আছিল, তেওঁবিলাকে মিন্নীতৰ ঘেহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ মাল লৈছিল। BSB BSB: Judah and the land of Israel traded with you; they exchanged wheat from Minnith, cakes and honey, oil and balm for your merchandise.
18 ULB তোমাৰ হাতেৰে সজা অধিক বস্তু আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকবিলাকে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু ভেড়াৰ বগা নোম আনিছিল। BSB BSB: Because of your many products and your great wealth of goods, Damascus traded with you wine from Helbon, wool from Zahar,
19 ULB উজালত থকা বদানে আৰু যাবনে তোমাৰ বস্তুৰ নিমিত্তে বাণিজ্য কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্যৰ মাজত উজ্জ্বল লোহা, তেজপাত আৰু সুগন্ধি বচ আছিল। BSB BSB: and casks of wine from Izal for your wares. Wrought iron, cassia, and sweet cane were exchanged for your merchandise.
20 ULB ঘোঁৰাত উঠিবৰ নিমিত্তে জীন কাপোৰৰ, দদান তোমাৰ বেপাৰী আছিল. BSB BSB: Dedan was your merchant in saddlecloths for riding.
21 ULB আৰব, আৰু কেদৰৰ আটাই মুখ্যলোক তোমাৰ অধীনৰ বণিক আছিল, তেওঁবিলাক ভেড়া পোৱালি, মতা মেৰ, আৰু মতা ছাগ, এইবোৰৰ তোমাৰ বণিক আছিল। BSB BSB: Arabia and all the princes of Kedar were your customers, trading in lambs, rams, and goats.
22 ULB চিবাৰ আৰু ৰয়মাৰ বেপাৰীবোৰ তোমাৰ বেপাৰী আছিল; সিহঁতে সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য, সকলো বিধৰ বহুমূল্য পাথৰ আৰু সোণ দি তোমাৰ মাল লৈছিল। BSB BSB: The merchants of Sheba and Raamah traded with you; for your wares they exchanged gold, the finest of all spices, and precious stones.
23 ULB হাৰণ, কন্নি, এদন চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বেপাৰী আছিল। BSB BSB: Haran, Canneh, and Eden traded with you, and so did the merchants of Sheba, Asshur, and Chilmad.
24 ULB বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই সিহঁত তোমাৰ বেপাৰী আছিল। BSB BSB: In your marketplace they traded with you fine garments of blue, embroidered work, and multicolored rugs with cords tightly twisted and knotted.
25 ULB তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল, আৰু তুমি পৰিপূৰ্ণা হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা। BSB BSB: The ships of Tarshish carried your merchandise. And you were filled with heavy cargo in the heart of the sea.
26 ULB তোমাৰ বঠা বাওঁতাবোৰে তোমাক মহাজলসমূহৰ মাজলৈ লৈ গ’ল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ভাঙিলে। BSB BSB: Your oarsmen have brought you onto the high seas, but the east wind will shatter you in the heart of the sea.
27 ULB তোমাৰ মাজত থকা ধন-সম্পত্তি, মাল, বাণিজ্য দ্ৰব্য, নাৱিক, আৰকাটি, বিন্ধা-মাৰোতা, বাণিজ্য-দ্ৰব্যবোৰ তোলা নমা কৰোঁতাবোৰ, আৰু সকলো যুদ্ধাৰু তোমাৰ মাজত থকা সকলো লোক সমুহে সৈতে তোমাৰ পতনৰ দিনা সমুদ্ৰৰ মাজত পতিত হ’ল; BSB BSB: Your wealth, wares, and merchandise, your sailors, captains, and shipwrights, your merchants and all the warriors within you, with all the other people on board, will sink into the heart of the sea on the day of your downfall.
28 ULB তোমাৰ আৰকাটিবোৰৰ চিঞঁৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিছে। BSB BSB: The countryside will shake when your sailors cry out.
29 ULB আটাই বঠা বাওঁতা নাৱিক আৰু সমুদ্ৰৰ আৰকাটিয়ে নিজ নিজ জাহাজৰ পৰা নামি বামত থিয় হৈ, BSB BSB: All who handle the oars will abandon their ships. The sailors and all the captains of the sea will stand on the shore.
30 ULB তোমাৰ বিষয়ে সিহঁতৰ মাত শুনাইছে, বৰ বেজাৰেৰে চিঞৰি নিজ নিজ মূৰত ধূলি ছটিয়াই ছাইত বাগৰিছে, BSB BSB: They will raise their voices for you and cry out bitterly. They will throw dust on their heads and roll in ashes.
31 ULB তোমাৰ নিমিত্তে নিজৰ নিজৰ মূৰ টকলা কৰিছে, ছট কাপোৰেৰে কঁকাল বান্ধিছে, আৰু অত্যন্ত শোকেৰে মনৰ তাপত তোমাৰ নিমিত্তে কান্দিছে। BSB BSB: They will shave their heads for you and wrap themselves in sackcloth. They will weep over you with anguish of soul and bitter mourning.
32 ULB আৰু হাহাকাৰ কৰোঁতে সিহঁতে তোমাৰ নিমিত্তে বিলাপ কৰিবলৈ ধৰি তোমাৰ বিষয়ে এই বিলাপৰ কথা কৈছে, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে? BSB BSB: As they wail and mourn over you, they will take up a lament for you: ‘Who was ever like Tyre, silenced in the middle of the sea?
33 ULB সমুদ্ৰৰ পৰা তোমাৰ মাল ওলোৱা সময়ত তুমি অনেক জাতিক পৰিপূৰ্ণ কৰিছিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাবিলাকক তুমি চহকী কৰিছিলা। BSB BSB: When your wares went out to sea, you satisfied many nations. You enriched the kings of the earth with your abundant wealth and merchandise.
34 ULB সমুদ্ৰৰ দ্বাৰাই জলসমূহৰ গভীৰ ঠাইবোৰত তুমি ভগ্ন হোৱা সময়ত, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল তোমাৰ মাজত পতিত হ’ল। BSB BSB: Now you are shattered by the seas in the depths of the waters; your merchandise and the people among you have gone down with you.
35 ULB দ্বীপ নিবাসী সকলোৱে তোমাক দেখি আচৰিত হৈ, আৰু সিহঁতৰ ৰজাবিলাকৰ নোম শিয়ৰি উঠিছে, আৰু তেওঁবিলাকৰ বদন বিকৃত হৈছে। BSB BSB: All the people of the coastlands are appalled over you. Their kings shudder with fear; their faces are contorted.
36 ULB জাতিবিলাকৰ মাজত থকা বণিকবিলাকে তোমাক দেখি ইচ ইচ কৰিছে। তুমি ত্ৰাসৰ বিষয় হ’লা, তুমি আৰু কেতিয়াও নহ’বা। BSB BSB: Those who trade among the nations hiss at you; you have come to a horrible end and will be no more.’”
Select verses for actions: Enter goes to them and Escape comes back.