1 ULB পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Again the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকে হাহাকাৰ কৰি কোৱা, হায়, হায়, সেয়ে কেনে দিন! BSB BSB: “Son of man, prophesy and declare that this is what the Lord GOD says: Wail, ‘Alas for that day!’
3 ULB কিয়নো সেই দিন ওচৰ, এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন ওচৰ; সেয়ে জাতিবিলাকৰ কাল হ’ব। BSB BSB: For the day is near, the Day of the LORD is near. It will be a day of clouds, a time of doom for the nations.
4 ULB তৰোৱাল মিচৰৰ ওপৰত পৰিব; আৰু যেতিয়া মিচৰত হত লোকবোৰ পতিত হ’ব, তাৰ লোকসমূহক নিয়া হ’ব, আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ’ব তেতিয়া কূচত যাতনা হ’ব। BSB BSB: A sword will come against Egypt, and there will be anguish in Cush when the slain fall in Egypt, its wealth is taken away, and its foundations are torn down.
5 ULB কূচ, পূট, লূদ, মিহলি থকা আটাই লোকবিলাক কূব আৰু নিয়মটি পতা দেশৰ লোকবিলাক সিহঁতৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব। BSB BSB: Cush, Put, and Lud, and all the various peoples, as well as Libya and the men of the covenant land, will fall with Egypt by the sword.
6 ULB যিহোৱাই এই কথা কৈছে, যিবিলাক মিচৰৰ স্তম্ভস্বৰূপ সিবিলাকো পতিত হ’ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব; মিগ্দোলৰ পৰা চিবেনিলৈকে তাৰ লোকবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, ইয়াক প্ৰভূ য়িহোৱাই কৈছে। BSB BSB: For this is what the LORD says: The allies of Egypt will fall, and her proud strength will collapse. From Migdol to Syene they will fall by the sword within her, declares the Lord GOD.
7 ULB আৰু ধ্বংস কৰা দেশবোৰৰ মাজত সিহঁতো ধ্বংস অৱস্থা পোৱা লোক হ’ব, আৰু তাৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ’ব। BSB BSB: They will be desolate among desolate lands, and their cities will lie among ruined cities.
8 ULB মই যেতিয়া মিচৰত জুই লগাম, আৰু তাৰ আটাই সাহাৰ্য্যকাৰীবোৰ নষ্ট হ’ব তেতিয়া, মই যে যিহোৱা, তাক সিহঁতে জানিব। BSB BSB: Then they will know that I am the LORD when I set fire to Egypt and all her helpers are shattered.
9 ULB সেই দিনা নিশ্চিন্তে থকা কূচীয়াহঁতক ভয় লগাবলৈ দূতবিলাকে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু মিচৰৰ দিনৰ নিচিনাকৈ সিহঁতৰ মাজত যাতনা হ’ব; কিয়নো চোৱা, সেয়ে আহিছে। BSB BSB: On that day messengers will go out from Me in ships to frighten Cush out of complacency. Anguish will come upon them on the day of Egypt’s doom. For it is indeed coming.
10 ULB প্ৰভূ যিহোৱাই এইদৰে কৈছে, মই বাবিলৰ ৰজা নবুখদনেচৰৰ হাতৰ দ্বাৰাই মিচৰৰ লোকসমূহক লুপ্ত কৰিম। BSB BSB: This is what the Lord GOD says: I will put an end to the hordes of Egypt by the hand of Nebuchadnezzar king of Babylon.
11 ULB তেওঁক আৰু তেৱেঁ সৈতে তেওঁৰ প্ৰজাবিলাকক, জাতিবিলাকৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ’ব; আৰু সিহঁতে মিচৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰপৰা উলিয়াই হত লোকেৰে দেশ পৰিপূৰ্ণ কৰিব। BSB BSB: He and his people with him, the most ruthless of the nations, will be brought in to destroy the land. They will draw their swords against Egypt and fill the land with the slain.
12 ULB মই নদীবোৰ শুকান ঠাই কৰিম, আৰু দেশ দুষ্টবোৰৰ হাতত বেচিম; মই বিদেশী লোকৰ হাতৰ দ্বাৰাই দেশ আৰু তাত থকা সকলোকে উচ্ছন্ন কৰিম ইয়াক মই যিহোৱাই কলোঁ। BSB BSB: I will make the streams dry up and sell the land to the wicked. By the hands of foreigners I will bring desolation upon the land and everything in it. I, the LORD, have spoken.
13 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, মই মুৰ্ত্তিবোৰো নষ্ট কৰিম, আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম; আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব; মই মিচৰ দেশত ভয় জন্মাম। BSB BSB: This is what the Lord GOD says: I will destroy the idols and put an end to the images in Memphis. There will no longer be a prince in Egypt, and I will instill fear in that land.
14 ULB ইয়াত মই পথ্ৰোচক ধ্বংস কৰিম, চোৱনত জুই লগাম, আৰু নো নগৰক দণ্ড দিম। BSB BSB: I will lay waste Pathros, set fire to Zoan, and execute judgment on Thebes.
15 ULB আৰু মই মিচৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোকসমূহক উচ্ছন্ন কৰিম। BSB BSB: I will pour out My wrath on Pelusium, the stronghold of Egypt, and cut off the crowds of Thebes.
16 ULB আৰু মই মিচৰত জুই লগাম, চীনে যাতনাত ধৰফৰ কৰিব আৰু নো নগৰক ভঙা হ’ব; আৰু দিনতে শত্ৰূৱে নোফক আক্ৰমণ কৰিব। BSB BSB: I will set fire to Egypt, Pelusium will writhe in anguish, Thebes will be split open, and Memphis will face daily distress.
17 ULB আবনৰ আৰু পী-বেচতৰ ডেকাবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু সেই দুখন নগৰৰ লোকবিলাক বন্দী অৱস্থালৈ যাব। BSB BSB: The young men of On and Pi-beseth will fall by the sword, and those cities will go into captivity.
18 ULB যেতিয়া মই তহপেনহচত মিচৰৰ যুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ’ব, আৰু মিচৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব; আৰু তাৰ নিজৰ বিষয়ে হ’লে, এডোখৰ মেঘে তাক ঢাকিব, আৰু তাৰ জীয়াৰীবিলাক বন্দী অৱস্থালৈ যাব। BSB BSB: The day will be darkened in Tahpanhes when I break the yoke of Egypt and her proud strength comes to an end. A cloud will cover her, and her daughters will go into captivity.
19 ULB এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, তাক সিহঁতে জানিব। BSB BSB: So I will execute judgment on Egypt, and they will know that I am the LORD.”
20 ULB একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: In the eleventh year, on the seventh day of the first month, the word of the LORD came to me, saying,
21 ULB হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ, আৰু চোৱা, তৰোৱাল ধৰিবলৈ শক্তি পাবৰ নিমিত্তে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ’ল। BSB BSB: “Son of man, I have broken the arm of Pharaoh king of Egypt. See, it has not been bound up for healing, or splinted for strength to hold the sword.
22 ULB এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই মিচৰৰ ৰজা ফৰৌণৰ বিপক্ষ, আৰু তাৰ বলী ও ভগা বাহু এই দুয়োকো মই ভাঙিম, আৰু তাৰ হাতৰ পৰা এতৰোৱালখন পৰি যোৱা কৰিম। BSB BSB: Therefore this is what the Lord GOD says: Behold, I am against Pharaoh king of Egypt. I will break his arms, both the strong one and the one already broken, and will make the sword fall from his hand.
23 ULB আৰু মই মিচৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। BSB BSB: I will disperse the Egyptians among the nations and scatter them throughout the lands.
24 ULB মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মাৰ তৰোৱাল দিম; কিন্তু মই ফৰৌণৰ বাহু দুটা ভাঙিম, তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা মানুহে কেঁকোৱাৰ দৰে তেওঁৰ আগত সি কেঁকাব। BSB BSB: I will strengthen the arms of Babylon’s king and place My sword in his hand, but I will break the arms of Pharaoh, who will groan before him like a mortally wounded man.
25 ULB আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা দাঙি ধৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ’লে পৰিব; যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম, আৰু তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক মেলিব, তেতিয়া, মই যে যিহোৱা, তাক সিহঁতে জানিব। BSB BSB: I will strengthen the arms of Babylon’s king, but Pharaoh’s arms will fall limp. Then they will know that I am the LORD, when I place My sword in the hand of Babylon’s king, and he wields it against the land of Egypt.
26 ULB মই মিচৰীয়াহঁতক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব। BSB BSB: I will disperse the Egyptians among the nations and scatter them throughout the lands. Then they will know that I am the LORD.”
Select verses for actions: Enter goes to them and Escape comes back.