1 ULB পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, BSB BSB: Again the word of the LORD came to me, saying,
2 ULB হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানবিলাকে সৈতে কথা হৈ তেওঁবিলাকক কোৱা, মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিলে, যদি সেই দেশৰ লোকবিলাকে তেওঁবিলাকৰ মাজৰ পৰা কোনো মানুহক লৈ তেওঁবিলাকৰ নিমিত্তে তাক প্ৰহৰী নিযুক্ত কৰে, BSB BSB: “Son of man, speak to your people and tell them: ‘Suppose I bring the sword against a land, and the people of that land choose a man from among them, appointing him as their watchman,
3 ULB আৰু তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি যদি শিঙা বজাই লোকবিলাকক সতৰ্ক কৰে, BSB BSB: and he sees the sword coming against that land and blows the ram’s horn to warn the people.
4 ULB তেন্তে যেয়ে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁক লৈ যায়, তেনেহলে তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ মূৰতে পৰিব। BSB BSB: Then if anyone hears the sound of the horn but fails to heed the warning, and the sword comes and takes him away, his blood will be on his own head.
5 ULB তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; যদি তেওঁ সতৰ্ক হ’লহেতেন, তেন্তে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন। BSB BSB: Since he heard the sound of the horn but failed to heed the warning, his blood will be on his own head. If he had heeded the warning, he would have saved his life.
6 ULB কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু মানুহবিলাক সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁবিলাকৰ মাজৰ পৰা কোনো মানুহ লৈ যায়, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণে নিয়া হ’ব; কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম। BSB BSB: But if the watchman sees the sword coming and fails to blow the horn to warn the people, and the sword comes and takes away a life, then that one will be taken away in his iniquity, but I will hold the watchman accountable for his blood.’
7 ULB হে মনুষ্য সন্তান, এইদৰে মই তোমাকেই ইস্ৰায়েলবংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; এই হেতুকে তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা। BSB BSB: As for you, O son of man, I have made you a watchman for the house of Israel; so hear the word from My mouth and give them the warning from Me.
8 ULB হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা, এই বুলি মই যেতিয়া দুষ্টক কওঁ, আৰু তুমি দুষ্টক তাৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবৰ নিমিত্তে একো নোকোৱা, তেতিয়া সেই দুষ্ট নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম। BSB BSB: If I say to the wicked, ‘O wicked man, you will surely die,’ but you do not speak out to dissuade him from his way, then that wicked man will die in his iniquity, yet I will hold you accountable for his blood.
9 ULB কিন্তু যদি দুষ্টক তাৰ পথৰ পৰা ঘূৰিবলৈ তাৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু সি নিজ পথৰ পৰা নুঘূৰে, তেন্তে সি নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। BSB BSB: But if you warn the wicked man to turn from his way, and he does not turn from it, he will die in his iniquity, but you will have saved your life.
10 ULB আৰু হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, তোমালোকে কৈছা, আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ক্ষীণাই গৈছোঁ; তেন্তে আমি কেনেকৈ জীয়াই থাকিম? BSB BSB: Now as for you, son of man, tell the house of Israel that this is what they have said: ‘Our transgressions and our sins are heavy upon us, and we are wasting away because of them! How can we live?’
11 ULB তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে, তাতহে মই সন্তোষ পাওঁ; ঘূৰা, তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা? BSB BSB: Say to them: ‘As surely as I live, declares the Lord GOD, I take no pleasure in the death of the wicked, but rather that the wicked should turn from their ways and live. Turn! Turn from your evil ways! For why should you die, O house of Israel?’ 12 ULB আৰু হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানবিলাকক কোৱা, ধাৰ্ম্মিকৰ ধাৰ্ম্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ নকৰিব; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, সি নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই পতিত নহ’ব; বা ধাৰ্ম্মিক জনে পাপ কৰা দিনা নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব। BSB BSB: Therefore, son of man, say to your people: ‘The righteousness of the righteous man will not deliver him in the day of his transgression; neither will the wickedness of the wicked man cause him to stumble on the day he turns from his wickedness. Nor will the righteous man be able to survive by his righteousness on the day he sins.’
13 ULB যেতিয়া মই ধাৰ্ম্মিকৰ বিষয়ে, তেওঁ জীয়াই থাকিব বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্ম্মিকতাত নিৰ্ভৰ কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্ম্মকৰ্ম্মবোৰৰ কোনোটোও সোঁৱৰণ কৰা নহ’ব, কিন্তু তেওঁ কৰা অপৰাঘৰ নিমিত্তে তেওঁ মৰিব। BSB BSB: If I tell the righteous man that he will surely live, but he then trusts in his righteousness and commits iniquity, then none of his righteous works will be remembered; he will die because of the iniquity he has committed.
14 ULB পুনৰায়, তুমি অৱশ্যে মৰিবা বুলি যেতিয়া মই দুষ্টক কওঁ, তেতিয়া যদি সি নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য্য কৰে, BSB BSB: But if I tell the wicked man, ‘You will surely die,’ and he turns from his sin and does what is just and right—
15 ULB যদি দুষ্টই বন্ধক ওলোটাই দিয়ে, কাঢ়িলোৱা বস্তু পুনৰায় দিয়ে, কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চলে, তেন্তে সি নিশ্চয়ে জীয়াই থাকিব, নমৰিব। BSB BSB: if he restores a pledge, makes restitution for what he has stolen, and walks in the statutes of life without practicing iniquity—then he will surely live; he will not die.
16 ULB সি কৰা পাপবোৰৰ কোনো পাপকে তাৰ অহিতে সোঁৱৰণ কৰা নহ’ব; সি উচিত আৰু ন্যায় কাৰ্য্য কৰিলে; সি অৱশ্যে জীয়াই থাকিব। BSB BSB: None of the sins he has committed will be held against him. He has done what is just and right; he will surely live.
17 ULB তথাপি প্ৰভূৰ পথ সমান নহয় বুলি তোমাৰ জাতিৰ সন্তানবিলাকে কয়; কিন্তু তেওঁবিলাকৰেই পথ সমান নহয়। BSB BSB: Yet your people say, ‘The way of the Lord is not just.’ But it is their way that is not just.
18 ULB যেতিয়া ধাৰ্ম্মিকে নিজ ধাৰ্ম্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেৱোঁ তাৰ দ্বাৰাই মৰিব। BSB BSB: If a righteous man turns from his righteousness and commits iniquity, he will die for it.
19 ULB আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য্য কৰে, তেতিয়া সিও তাৰ দ্বাৰাই জীয়াই থাকিব। BSB BSB: But if a wicked man turns from his wickedness and does what is just and right, he will live because of this.
20 ULB তথাপি প্ৰভূৰ পথ সমান নহয় বুলি তোমালোকে কোৱা। হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ বিচাৰ কৰিম। BSB BSB: Yet you say, ‘The way of the Lord is not just.’ But I will judge each of you according to his ways, O house of Israel.”
21 ULB পাছে আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি ক’লে, নগৰখন শত্ৰুৰ হাতত পৰিল। BSB BSB: In the twelfth year of our exile, on the fifth day of the tenth month, a fugitive from Jerusalem came to me and reported, “The city has been taken!”
22 ULB পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যা পৰত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ঘুৰিলৈ আহিব দেখি তেওঁ মোৰ মূখ মেলিলে, আৰু মোৰ মুখ মুকলি হ’লত, মই আৰু বোবা হৈ নাথাকিলোঁ। BSB BSB: Now the evening before the fugitive arrived, the hand of the LORD was upon me, and He opened my mouth before the man came to me in the morning. So my mouth was opened and I was no longer mute.
23 ULB তেতিয়া যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল বোলে, BSB BSB: Then the word of the LORD came to me, saying,
24 ULB হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকবিলাকে কয়, অব্ৰাহাম এজন মাত্ৰ, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক, অধিকাৰৰ অৰ্থে দেশ আমাকেই জিয়া হৈছে। BSB BSB: “Son of man, those living in the ruins in the land of Israel are saying, ‘Abraham was only one man, yet he possessed the land. But we are many; surely the land has been given to us as a possession.’
25 ULB এই হেতুকে তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা, আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো দেশ অধিকাৰ কৰিবা? BSB BSB: Therefore tell them that this is what the Lord GOD says: ‘You eat meat with the blood in it, lift up your eyes to your idols, and shed blood. Should you then possess the land?
26 ULB তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভৰ কৰা, ঘিণলগীয়া কাৰ্য্য কৰা, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ তিৰোতাক অশুচি কৰা লোক; তেন্তে তোমালোকে জানো দেশ অধিকাৰ কৰিবা? BSB BSB: You have relied on your swords, you have committed detestable acts, and each of you has defiled his neighbor’s wife. Should you then possess the land?’
27 ULB তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ জীৱনৰ শপত, ধ্বংসস্থান -বোৰত বাস কৰা লোকবিলাক অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, মুকলি পথাৰত থকাটোক খাবৰ নিমিত্তে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ ও গুহাত থকাবোৰ মহামাৰীত মৰিব। BSB BSB: Tell them that this is what the Lord GOD says: ‘As surely as I live, those in the ruins will fall by the sword, those in the open field I will give to be devoured by wild animals, and those in the strongholds and caves will die by plague.
28 ULB আৰু মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম; তাতে তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব, আৰু ইস্ৰায়েল পৰ্ব্বতবোৰ এনেকৈ ধ্বংস কৰা হ’ব যে, কোনেও সেইবোৰৰ মাজেদি নাযাব। BSB BSB: I will make the land a desolate waste, and the pride of her strength will come to an end. The mountains of Israel will become desolate, so that no one will pass through.
29 ULB তাতে, তেওঁবিলাকে কৰা তেওঁবিলাকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে যেতিয়া মই দেশখন ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব। BSB BSB: Then they will know that I am the LORD, when I have made the land a desolate waste because of all the abominations they have committed.’
30 ULB আৰু হে মনুষ্য সন্তান, তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তানবিলাকে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰ-মুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, ব’লা যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, তাক আমি শুনোগৈহঁক। BSB BSB: As for you, son of man, your people are talking about you near the city walls and in the doorways of their houses. One speaks to another, each saying to his brother, ‘Come and hear the message that has come from the LORD!’
31 ULB আৰু প্ৰজাবিলাক অহাদি তেওঁবিলাক তোমাৰ ওচৰলৈ আহে, আৰু মোৰ প্ৰজা বুলি তেওঁবিলাক তোমাৰ আগত বহে, আৰু তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য্য নকৰে; কিয়নো তেওঁবিলাকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁবিলাকৰ অন্তৰ তেওঁবিলাকৰ লাভৰ পাছত চলে। BSB BSB: So My people come to you as usual, sit before you, and hear your words; but they do not put them into practice. Although they express love with their mouths, their hearts pursue dishonest gain.
32 ULB আৰু চোৱা, তুমি তেওঁবিলাকৰ গুৰিত সুন্দৰ ডিঙিৰ মানুহৰ, আৰু ভালকৈ বাদ্য কৰিব পৰা মনোহৰ গানযেন হে; কিয়নো তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য্য নকৰে। BSB BSB: Indeed, you are to them like a singer of love songs with a beautiful voice, who skillfully plays an instrument. They hear your words but do not put them into practice.
33 ULB আৰু যেতিয়া সেয়ে ঘটিব,(চোৱা, সেয়ে ঘটিবৰ দিন ওচৰ হৈছে), তেতিয়া, তেওঁবিলাকৰ মাজত যে এজন ভাববাদী আছিল, তাক তেওঁবিলাকে জানিব। BSB BSB: So when it comes to pass—and surely it will come—then they will know that a prophet has been among them.”
Select verses for actions: Enter goes to them and Escape comes back.