1 ULB পাছে তেওঁ মোক গৃহটিৰ দুৱাৰমুখলৈ ওলোটাই নিলে; আৰু চোৱা, গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জলসমূহ ওলাই পূৱ দিশলৈ বৈ গৈছিল কিয়নো গৃটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জলসমূহ নামি গৈছিল। BSB BSB: Then the man brought me back to the entrance of the temple, and I saw water flowing from under the threshold of the temple toward the east (for the temple faced east). The water was coming down from under the south side of the temple, south of the altar.
2 ULB পাছে তেওঁ মোক বাট-চৰাটোৰ বাটেদি উত্তৰফলে ওলিয়াই নিলে, আৰু মোক ঘূৰাই আহিবৰ বাটেদি, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ যোৱা পথেদি বাহিৰ বাট-চৰাটোলৈ নিলে, আৰু চোৱা, সোঁ ফালে জলসমূহ ওলাই বৈ গৈছিল। BSB BSB: Next he brought me out through the north gate and led me around the outside to the outer gate facing east, and there I saw the water trickling out from the south side.
3 ULB পাছে পুৰুষজনে হাতত ৰছী এডাল লৈ পূৱফাললৈ আগ বাঢ়ি গৈ এক হাজাৰ হাত জুখিলে, আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে খাৰ-গঁঠিয়া পানী। BSB BSB: As the man went eastward with a measuring line in his hand, he measured off a thousand cubits and led me through ankle-deep water.
4 ULB আকৌ তেওঁ এক হাজাৰ হাত জুখিলে, আৰু জলসমূহৰ মাজেদি মোক নিলে; সেয়ে একাঁঠুৱা পানী। পুনৰায় তেওঁ এক হাজাৰ হাত জুখিলে, আৰু মোক জলসমূহৰ মাজেদি নিলে; সেয়ে একাঁকলীয়া পানী। BSB BSB: Then he measured off a thousand cubits and led me through knee-deep water. Again he measured a thousand cubits and led me through waist-deep water.
5 ULB পাছে তেওঁ আকৌ এক হাজাৰ হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী; কিয়নো জল সমূহ বাঢ়িল, সাঁতোৰিব লগা জলসমূহ হ’ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ’ল। BSB BSB: Once again he measured off a thousand cubits, but now it was a river that I could not cross, because the water had risen and was deep enough for swimming—a river that could not be crossed on foot.
6 ULB তেওঁ মোক কলে, হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? এইবুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গ’ল। BSB BSB: “Son of man, do you see this?” he asked. Then he led me back to the bank of the river.
7 ULB মই উলটিলত, চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে। BSB BSB: When I arrived, I saw a great number of trees along both banks of the river.
8 ULB পাছে তেওঁ মোক কলে, এই জলসমূহ পূৱ অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমূদ্ৰলৈ যাব; এই জন সমূহ সমূদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব। BSB BSB: And he said to me, “This water flows out to the eastern region and goes down into the Arabah. When it empties into the Dead Sea, the water there becomes fresh.
9 ULB আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱজন্তু জীব আৰু বহুসংখ্যক মাছ হ’ব; কিয়নো এই জলসমূহ সমূদ্ৰলৈ গ’লে তাৰ জলসমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীব। BSB BSB: Wherever the river flows, there will be swarms of living creatures and a great number of fish, because it flows there and makes the waters fresh; so wherever the river flows, everything will flourish.
10 ULB তাৰ পাৰত মাছমৰীয়াবিলাক থিয় হ’ব, আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; সিহঁতৰ মাছ মহাসমূদ্ৰৰ মাছৰ নিচিনাকৈ নানা বিধৰ অসংখ্য মাছ হ’ব। BSB BSB: Fishermen will stand by the shore; from En-gedi to En-eglaim they will spread their nets to catch fish of many kinds, like the fish of the Great Sea.
11 ULB কিন্তু তাৰ বোকা ঠাই আৰু দল-দলনিবোৰ উত্তম নহ’ব; সেইবোৰ লোণীয়া ঠাই হ’ব। BSB BSB: But the swamps and marshes will not become fresh; they will be left for salt.
12 ULB আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জলসমূহ ধৰ্ম্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ নিমিত্তে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ নিমিত্তে হ’ব। BSB BSB: Along both banks of the river, fruit trees of all kinds will grow. Their leaves will not wither, and their fruit will not fail. Each month they will bear fruit, because the water from the sanctuary flows to them. Their fruit will be used for food and their leaves for healing.”
13 ULB প্ৰভূ যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ নিমিত্তে দেশ ভাগ বাঁটবা, সেই সীমা এই; যোচেফে দুভাগ পাব। BSB BSB: This is what the Lord GOD says: “These are the boundaries by which you are to divide the land as an inheritance among the twelve tribes of Israel; Joseph shall receive two portions.
14 ULB আৰু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব। BSB BSB: You are to divide it equally among them. Because I swore with an uplifted hand to give it to your forefathers, this land will fall to you as an inheritance.
15 ULB আৰু দেশৰ সীমা এই হ’ব। উত্তৰফালে মহাসমূদ্ৰৰ পৰা হিতলোনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ। BSB BSB: This shall be the boundary of the land: On the north side it will extend from the Great Sea by way of Hethlon through Lebo-hamath to Zedad,
16 ULB হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ। BSB BSB: Berothah, and Sibraim (which is on the border between Damascus and Hamath), as far as Hazer-hatticon, which is on the border of Hauran.
17 ULB এইদৰে সীমাটো সমূদ্ৰৰ পৰা দম্মেচকৰ সীমাত থকা হচৰ-ঐনোনলৈকে যাব, আৰু উত্তৰ ফালে উত্তৰদিশে হমাতৰ সীমা। BSB BSB: So the border will run from the Sea to Hazar-enan, along the northern border of Damascus, with the territory of Hamath to the north. This will be the northern boundary.
18 ULB এয়ে উত্তৰ ফাল। আৰু পূৱফাল হাওৰাণ, দম্মেচক,ও গিলিয়দ, এই কেইটাৰে আৰু ইস্ৰায়েল দেশৰে মাজত থকা যৰ্দ্দন হ’ব; উত্তৰ সীমাৰ পৰা পূৱ সমূদ্ৰলৈকে তোমালোকে জুখিবা। BSB BSB: On the east side the border will run between Hauran and Damascus, along the Jordan between Gilead and the land of Israel, to the Eastern Sea and as far as Tamar. This will be the eastern boundary.
19 ULB এয়ে পূৱ ফাল। আৰু দক্ষিণদিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জলসমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল। BSB BSB: On the south side it will run from Tamar to the waters of Meribath-kadesh, and along the Brook of Egypt to the Great Sea. This will be the southern boundary.
20 ULB আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব। BSB BSB: And on the west side, the Great Sea will be the boundary up to a point opposite Lebo-hamath. This will be the western boundary.
21 ULB এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ নিমিত্তে ভাগ বাঁটিবা। BSB BSB: You are to divide this land among yourselves according to the tribes of Israel.
22 ULB তোমালোকে নিজৰ নিজৰ নিমিত্তে, আৰু বিদেশী লোকবিলাকে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, সিহঁতৰ নিমিত্তেও তাক আধিপত্যৰ অৰ্থে চিঠী-খেলেৰে বাগ বাঁটিবা; আৰু সিহঁত ইস্ৰায়েলেৰে সন্তানবিলাকৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; সিহঁতে ইস্ৰায়েলৰ ফৈদবিলাকৰ মাজত তোমালোকৰ লগত আধিপত্য পাব। BSB BSB: You shall allot it as an inheritance for yourselves and for the foreigners who dwell among you and who have children. You are to treat them as native-born Israelites; along with you, they shall be allotted an inheritance among the tribes of Israel.
23 ULB আৰু প্ৰভূ যিহোৱাই কৈছে, যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা। BSB BSB: In whatever tribe a foreigner dwells, you are to assign his inheritance there,” declares the Lord GOD.
Select verses for actions: Enter goes to them and Escape comes back.