1 ULB তাৰ পাছত হগ্গয় ভাবাদী আৰু ইদ্দোৰ পুত্ৰ জখৰিয়া ভাববাদীয়ে, যিহূদা আৰু যিৰূচালেমত থকা যিহূদী লোকসকলৰ আগত ইস্ৰায়েলৰ ঈশ্বৰৰ নামত ভাববাণী প্ৰচাৰ কৰিলে। BSB BSB: Later, the prophets Haggai and Zechariah son of Iddo prophesied to the Jews in Judah and Jerusalem in the name of the God of Israel, who was over them.
2 ULB চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, আৰু যোচাদকৰ পুত্ৰ যেচুৱাৰ লগতে যিসকলে তেওঁলোকক উদ্গণি দিছিল, সেই ভাববাদীসকলৰ সৈতে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কাৰ্য্য আৰম্ভ কৰিলে। BSB BSB: Then Zerubbabel son of Shealtiel and Jeshua son of Jozadak rose up and began to rebuild the house of God in Jerusalem. And the prophets of God were with them, helping them.
3 ULB নদীৰ সিপাৰে থকা শাসনকৰ্ত্তা তত্তনয়, চথৰ-বোজনৰ, আৰু তেওঁলোকৰ সহকাৰীসকলে তেওঁলোকৰ ওচৰলৈ আহি ক’লে, “এই গৃহ সাজিবলৈ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ তোমালোকক কোনে আজ্ঞা দিলে?” BSB BSB: At that time Tattenai the governor of the region west of the Euphrates, Shethar-bozenai, and their associates went to the Jews and asked, “Who authorized you to rebuild this temple and restore this structure?”
4 ULB তেওঁলোকে পুনৰ ক’লে, “যি লোকসকলে এই গৃহ নিৰ্ম্মাণ কৰি আছে, তেওঁলোকৰ নাম কি?” BSB BSB: They also asked, “What are the names of the men who are constructing this building?”
5 ULB কিন্তু ঈশ্বৰৰ দৃষ্টি যিহুদীৰ বৃদ্ধলোকসকলৰ ওপৰত আছিল, আৰু তেওঁলোকে কাৰ্য্য বন্ধ নকৰিলে। ৰজা দাৰিয়াবচৰ পৰা অহা আজ্ঞালৈ তেওঁলোকে অপেক্ষা কৰিলে। BSB BSB: But the eye of their God was on the elders of the Jews, so that they were not stopped until a report was sent to Darius and written instructions about this matter were returned.
6 ULB এইখন দাৰিয়াবচ ৰজালৈ তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰী কৰ্ম্মচাৰীসকলে লিখা পত্ৰ। BSB BSB: This is the text of the letter that Tattenai the governor of the region west of the Euphrates, Shethar-bozenai, and their associates, the officials in the region, sent to King Darius.
7 ULB তেওঁলোকে দাৰিয়াবচ ৰজালৈ এখন প্রতিবেদন লিখি পঠালে, “আপোনাৰ চাৰিওদিশে মঙ্গল হওঁক। BSB BSB: The report they sent him read as follows: To King Darius: All peace.
8 ULB মহাৰাজে জ্ঞাত হওঁক, যে, আমি যিহূদাত মহান ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। তাক বৰ বৰ শিলেৰে নিৰ্ম্মাণ কৰা হৈছে, আৰু দেৱালত কাঠ লগোৱা হৈছে। এই কাৰ্য্য পুঙ্খানুপুঙ্খ ভাৱে কৰা হৈছে, আৰু তেওঁলোকৰ হাতৰ দ্বাৰাই এই কাৰ্য্য সুন্দৰভাৱে আগবাঢ়ি গৈছে। BSB BSB: Let it be known to the king that we went into the province of Judah, to the house of the great God. The people are rebuilding it with large stones and placing timbers in the walls. This work is being carried out diligently and is prospering in their hands.
9 ULB আমি বৃদ্ধসকলক সুধিলোঁ, ‘এই গৃহ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ আপোনালোকক কোনে আজ্ঞা দিলে’। BSB BSB: So we questioned the elders and asked, “Who authorized you to rebuild this temple and restore this structure?”
10 ULB লগতে যি সকলে তেওঁলোকক নেতৃত্ৱ দি আছে সেই লোকসকলৰ নাম জানিবৰ বাবে আমি তেওঁলোকৰ নামো সুধিলোঁ। BSB BSB: We also asked for their names, so that we could write down the names of their leaders for your information.
11 ULB তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ যি ঈশ্ৱৰ তেওঁৰ আমি দাস, আমি এই গৃহ পুনৰ নিৰ্ম্মাণ কৰি আছোঁ। যি গৃহ বহু বছৰৰ আগতেই ইস্ৰায়েলৰ এজন মহান ৰজাই নিৰ্ম্মাণ কৰি সম্পূৰ্ণ কৰিছিল। BSB BSB: And this is the answer they returned: “We are servants of the God of heaven and earth, and we are rebuilding the temple that was built many years ago, which a great king of Israel built and completed.
12 ULB সেয়েহে, যেতিয়া আমাৰ পূৰ্ব্ব-পুৰুষসকলে, স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ প্রজ্বলিত কৰিছিল তেতিয়া বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত ঈশ্ৱৰে তেওঁলোকক শোধাই দিছিল আৰু ৰজা নবূখদনেচৰে এই গৃহ নষ্ট কৰিছিল আৰু লোকসকলক বাবিললৈ বন্দী কৰি লৈ গৈছিল। BSB BSB: But since our fathers angered the God of heaven, He delivered them into the hand of Nebuchadnezzar king of Babylon, the Chaldean who destroyed this temple and carried away the people to Babylon.
13 ULB তথাপি, বাবিলৰ কোৰচ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত, কোৰচ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰ নিৰ্ম্মান কৰিবলৈ আজ্ঞা জাৰি কৰিলে। BSB BSB: In the first year of his reign, however, Cyrus king of Babylon issued a decree to rebuild this house of God.
14 ULB ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু আছিল, সেইবোৰ নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা বাবিলৰ মন্দিৰলৈ লৈ গৈছিল। সেইবোৰো কোৰচ ৰজাই ঘূৰাই দিছিল। তেওঁ নিযুক্ত কৰা অধ্যক্ষ চেচবচৰক সেইবোৰ পুনৰ গতাই দিয়ে। BSB BSB: He also removed from the temple of Babylon the gold and silver articles belonging to the house of God, which Nebuchadnezzar had taken and carried there from the temple in Jerusalem. King Cyrus gave these articles to a man named Sheshbazzar, whom he appointed governor
15 ULB ৰজাই তেওঁক কৈছিল, ‘এইবোৰ বস্তু লৈ যোৱা আৰু যিৰূচালেমৰ মন্দিৰত ৰাখা। ঈশ্বৰৰ গৃহ সেই ঠাইত পুনৰ নিৰ্ম্মাণ কৰা হওঁক’। BSB BSB: and instructed, ‘Take these articles, put them in the temple in Jerusalem, and let the house of God be rebuilt on its original site.’
16 ULB তাৰ পাছত চেচবচৰে আহি যিৰূচালেমত ঈশ্বৰৰ গৃহৰ ভিত্তিমূল স্থাপন কৰিলে; আৰু এই নিৰ্মাণ কাৰ্য আমি কৰি আছোঁ, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই। BSB BSB: So this Sheshbazzar came and laid the foundation of the house of God in Jerusalem, and from that time until now it has been under construction, but it has not yet been completed.”
17 ULB এতিয়া যদি মহাৰাজৰ দৃষ্টিত ভাল দেখে, তেনেহলে কোৰচ ৰজাই যিৰূচালেমত ঈশ্বৰৰ গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা দিয়াৰ কথা বিচাৰ কৰিবলৈ মহাৰাজে বাবিলত থকা ৰাজভঁৰালৰ নথি-পত্রৰ বুজ-বিচাৰ কৰি চাওঁক। তাৰ পাছত মহাৰাজে তেওঁৰ সিদ্ধান্ত আমালৈ লিখি পঠাওঁক।” BSB BSB: Now, therefore, if it pleases the king, let a search be made of the royal archives in Babylon to see if King Cyrus did indeed issue a decree to rebuild the house of God in Jerusalem. Then let the king send us his decision in this matter.
Select verses for actions: Enter goes to them and Escape comes back.