1 ULB এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।” BSB BSB: After these events, the word of the LORD came to Abram in a vision: “Do not be afraid, Abram. I am your shield, your very great reward.”
3 ULB অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।” BSB BSB: Abram continued, “Behold, You have given me no offspring, so a servant in my household will be my heir.”
4 ULB তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।” BSB BSB: Then the word of the LORD came to Abram, saying, “This one will not be your heir, but one who comes from your own body will be your heir.”
5 ULB তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।” BSB BSB: And the LORD took him outside and said, “Now look to the heavens and count the stars, if you are able.” Then He told him, “So shall your offspring be.”
6 ULB তেতিয়া অব্রামে যিহোৱাত বিশ্বাস কৰিলে আৰু যিহোৱাই অব্রামৰ বিশ্বাসক তেওঁৰ পক্ষে ধাৰ্ম্মিকতা বুলি গণ্য কৰিলে। BSB BSB: Abram believed the LORD, and it was credited to him as righteousness.
7 ULB পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।” BSB BSB: The LORD also told him, “I am the LORD, who brought you out of Ur of the Chaldeans to give you this land to possess.”
8 ULB তেতিয়া তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মই কেনেকৈ জানিম যে এই দেশখন মোৰ অধিকাৰত আহিব?” BSB BSB: But Abram replied, “Lord GOD, how can I know that I will possess it?”
9 ULB তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা ভেড়া পোৱালী, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।” BSB BSB: And the LORD said to him, “Bring Me a heifer, a goat, and a ram, each three years old, along with a turtledove and a young pigeon.”
10 ULB অব্রামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্রতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে; কিন্তু চৰাইবোৰ হ’লে তেওঁ দুফাল নকৰিলে। BSB BSB: So Abram brought all these to Him, split each of them down the middle, and laid the halves opposite each other. The birds, however, he did not cut in half.
11 ULB পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংসখণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে। BSB BSB: And the birds of prey descended on the carcasses, but Abram drove them away.
12 ULB পাছত যেতিয়া সূর্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল; হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁৰ ওপৰত নামি আহিল। BSB BSB: As the sun was setting, Abram fell into a deep sleep, and suddenly great terror and darkness overwhelmed him.
13 ULB তেতিয়া তেওঁ অব্ৰামক ক’লে, “তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্রবাসী হৈ দাস হ’ব আৰু চাৰিশ বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব। BSB BSB: Then the LORD said to Abram, “Know for certain that your descendants will be strangers in a land that is not their own, and they will be enslaved and mistreated four hundred years.
14 ULB তেওঁলোকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব। BSB BSB: But I will judge the nation they serve as slaves, and afterward they will depart with many possessions.
15 ULB কিন্তু তুমি শান্তিৰে তোমাৰ ওপৰ-পিতৃসকলৰ ওচৰলৈ যাবা; অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হ’ব। BSB BSB: You, however, will go to your fathers in peace and be buried at a ripe old age.
17 ULB বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ’ল তেতিয়া জুইৰ এক ধোঁৱাময় চুলা আৰু এক জ্বলন্ত মশাল দেখা গ’ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ’ল। BSB BSB: When the sun had set and darkness had fallen, behold, a smoking firepot and a flaming torch appeared and passed between the halves of the carcasses.
18 ULB সেই দিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ (ফৰাৎ) পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলো। BSB BSB: On that day the LORD made a covenant with Abram, saying, “To your descendants I have given this land—from the river of Egypt to the great River Euphrates—
19 ULB তাৰ মাজত থাকিব কেনীয়া, কনিজ্জীয়া, কদমোনীয়া, BSB BSB: the land of the Kenites, Kenizzites, Kadmonites,
20 ULB হিত্তীয়া, পৰিজ্জীয়া, ৰফায়ীয়া, BSB BSB: Hittites, Perizzites, Rephaites,
21 ULB ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবূচীয়া। BSB BSB: Amorites, Canaanites, Girgashites, and Jebusites.”