1 ULB ইচহাক ক্রমে বৃদ্ধ হ’ল; তাতে চকুৰ দৃষ্টিশক্তি দুৰ্ব্বল হোৱাত তেওঁ চকুৰে মনিব নোৱাৰা হ’ল; এদিন তেওঁ বৰ পুতেক এচৌক মাতি ক’লে, “বোপা।” এচৌৱে উত্তৰ দিলে, “মই ইয়াতে আছোঁ।” BSB BSB: When Isaac was old and his eyes were so weak that he could no longer see, he called his older son Esau and said to him, “My son.” “Here I am,” Esau replied.
2 ULB তেতিয়া ইচহাকে ক’লে, “চোৱা, মই বৃদ্ধ হৈছো আৰু কোন দিনা যে মৰিম, তাকো নাজানো। BSB BSB: “Look,” said Isaac, “I am now old, and I do not know the day of my death.
3 ULB সেয়ে, তোমাৰ অস্ত্ৰ-শস্ত্ৰ, তীৰ-ধনু লৈ চিকাৰলৈ যোৱা আৰু মোৰ বাবে পহু মাৰি আনাগৈ। BSB BSB: Take your weapons—your quiver and bow—and go out into the field to hunt some game for me.
4 ULB মৃত্যুৰ পূৰ্ব্বেই মই তোমাক আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে মই ভাল পোৱা সু-স্বাদু আহাৰ মোলৈ যুগুত কৰি আনা।” BSB BSB: Then prepare a tasty dish that I love and bring it to me to eat, so that I may bless you before I die.”
5 ULB তাৰ পাছত এচৌৱে পহু মাৰি আনিবৰ বাবে চিকাৰলৈ গ’ল। ইচহাকে যেতিয়া এইবোৰ কথা তেওঁৰ পুত্ৰ এচৌক কৈছিল, তেতিয়া ৰিবেকাই শুনি আছিল। BSB BSB: Now Rebekah was listening to what Isaac told his son Esau. So when Esau went into the field to hunt game and bring it back,
6 ULB ৰিবেকাই তেওঁৰ প্রিয়পুত্ৰ যাকোবক ক’লে, “চোৱা, তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এচৌক এইবুলি কোৱা মই শুনা পালো; BSB BSB: Rebekah said to her son Jacob, “Behold, I overheard your father saying to your brother Esau,
7 ULB ‘মোৰ মৃত্যুৰ পূৰ্ব্বেই, তোমাক যিহোৱাৰ উপস্থিতিত আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে তুমি পহু মাৰি আনি মোৰ বাবে সু-স্বাদু আহাৰ যুগুত কৰা।’ BSB BSB: ‘Bring me some game and prepare me a tasty dish to eat, so that I may bless you in the presence of the LORD before I die.’
8 ULB সেয়ে বোপা, এতিয়া মই যি কথা কওঁ, তাক মানি তুমি সেইদৰে কৰা। BSB BSB: Now, my son, listen to my voice and do exactly as I tell you.
9 ULB তুমি পশুৰ জাকলৈ গৈ, তাৰ পৰা দুটা উত্তম ছাগলী পোৱালি মোৰ ওচৰলৈ লৈ আনা; তাৰে মই তোমাৰ পিতৃয়ে যেনেকৈ ভাল পায়, তেনেদৰেই সু-স্বাদু আহাৰ তেওঁৰ কাৰণে ৰান্ধি দিম। BSB BSB: Go out to the flock and bring me two choice young goats, so that I can make them into a tasty dish for your father—the kind he loves.
10 ULB মৃত্যুৰ পূর্বেই তোমাক আশীৰ্ব্বাদ কৰিবৰ কাৰণে, সেই আহাৰ তুমি পিতৃক খোৱাবলৈ তেওঁৰ কাষলৈ লৈ যাবা।” BSB BSB: Then take it to your father to eat, so that he may bless you before he dies.”
11 ULB তেতিয়া যাকোবে তেওঁৰ মাক ৰিবেকাক ক’লে, “মোৰ ককাই এচৌ এজন নোমাল মানুহ; কিন্তু মই হ’লে এজন মসৃণ ছালৰ মানুহ। BSB BSB: Jacob answered his mother Rebekah, “Look, my brother Esau is a hairy man, but I am smooth-skinned.
12 ULB কিজানি মোৰ পিতৃয়ে মোক চুই চাব আৰু তেওঁৰ আগত মই এজন প্ৰবঞ্চক হ’ম; তাতে মই নিজলৈ আশীৰ্ব্বাদ নানি এক অভিশাপহে আনিম।” BSB BSB: What if my father touches me? Then I would be revealed to him as a deceiver, and I would bring upon myself a curse rather than a blessing.”
13 ULB তাতে মাকে তেওঁক ক’লে, “মোৰ বোপা, সেই শাও মোৰ ওপৰতে পৰক; তুমি কেৱল মোৰ কথা মানি ছাগলী আনাগৈ।” BSB BSB: His mother replied, “Your curse be on me, my son. Just obey my voice and go get them for me.”
14 ULB তেতিয়া যাকোবে গৈ ছাগলী পোৱালিবোৰ আনি মাকক দিলেহি আৰু মাকে তেওঁৰ পিতৃয়ে ভাল পোৱাকৈ সু-স্বাদু আহাৰ যুগুত কৰিলে। BSB BSB: So Jacob went and got two goats and brought them to his mother, who made the tasty food his father loved.
15 ULB তাৰপাছত ৰিবেকাই তেওঁৰ ওচৰত ঘৰতে থকা বৰ পুতেক এচৌৰ আটাইতকৈ উত্তম বস্ত্ৰ লৈ সৰু পুতেক যাকোবক পিন্ধালে। BSB BSB: And Rebekah took the finest clothes in the house that belonged to her older son Esau, and she put them on her younger son Jacob.
16 ULB যাকোবৰ হাত আৰু ডিঙিৰ মসৃণ অংশত সেই ছাগলী পোৱালি দুটাৰ ছালবোৰ লগাই দিলে BSB BSB: She also put the skins of the young goats on his hands and on the smooth part of his neck.
17 ULB সেই সু-স্বাদু আহাৰ আৰু পিঠা নিজে যুগুত কৰা তেওঁৰ পুত্ৰ যাকোবৰ হাতত দিলে। BSB BSB: Then she handed her son Jacob the tasty food and bread she had made.
18 ULB যাকোবে পিতৃৰ ওচৰলৈ গৈ মাত দিলে, “হে মোৰ পিতৃ।” ইচাহাকে ক’লে, “মই ইয়াতে আছোঁ; বোপা, তুমিনো কোন?” BSB BSB: So Jacob went to his father and said, “My father.” “Here I am!” he answered. “Which one are you, my son?”
19 ULB যাকোবে পিতৃক ক’লে, “মই আপোনাৰ বৰ পুত্র এচৌ; আপুনি মোক কোৱাৰ দৰে মই কৰিলোঁ; এতিয়া উঠি বহক আৰু মাংস ভোজন কৰক যাতে আপুনি মোক আশীৰ্ব্বাদ কৰিব পাৰে।” BSB BSB: Jacob said to his father, “I am Esau, your firstborn. I have done as you told me. Please sit up and eat some of my game, so that you may bless me.”
20 ULB তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।” BSB BSB: But Isaac asked his son, “How did you ever find it so quickly, my son?” “Because the LORD your God brought it to me,” he replied.
21 ULB ইচহাকে যাকোবক পুণৰ ক’লে, “মোৰ ওচৰলৈ চাপি আহাঁ বোপা; তুমি সচাঁয়েই মোৰ পুত্ৰ এচৌ হোৱানে নোহোৱা, তাক জানিবলৈ মই তোমাক যেন চুই চাব পাৰো। BSB BSB: Then Isaac said to Jacob, “Please come closer so I can touch you, my son. Are you really my son Esau, or not?”
22 ULB তাতে যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ চাপি গ’ল; তেতিয়া ইচহাকে তেওঁক চুই চাই ক’লে, “মাত-কথা যাকোবৰ, কিন্তু হাত হ’লে এচৌৰ।” BSB BSB: So Jacob came close to his father Isaac, who touched him and said, “The voice is the voice of Jacob, but the hands are the hands of Esau.”
23 ULB ইচাহাকে যাকোবক চিনি নাপালে, কাৰণ তেওঁৰ হাত দুখন ককায়েক এচৌৰ হাতৰ দৰে নোমাল আছিল। সেয়ে ইচাহাকে যাকোবক আশীৰ্ব্বাদ কৰিলে। BSB BSB: Isaac did not recognize him, because his hands were hairy like those of his brother Esau; so he blessed him.
24 ULB তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।” BSB BSB: Again he asked, “Are you really my son Esau?” And he replied, “I am.”
25 ULB তেতিয়া ইচহাকে ক’লে, “মোৰ ওচৰলৈ আহাৰখিনি আনা; তুমি চিকাৰ কৰি অনা মাংস খাই মই তোমাক আশীৰ্ব্বাদ কৰোঁ।” তাতে যাকোবে আহাৰখিনি আনি দিলে আৰু ইচহাকে তাক ভোজন কৰিলে। তাৰ পাছত যাকোবে দ্ৰাক্ষাৰসো আনি দিয়াত, তেওঁ তাকো পান কৰিলে। BSB BSB: “Serve me,” said Isaac, “and let me eat some of my son’s game, so that I may bless you.” Jacob brought it to him, and he ate; then he brought him wine, and he drank.
26 ULB তাৰপাছত তেওঁৰ পিতৃ ইচহাকে তেওঁক ক’লে, “বোপা, ওচৰলৈ আহি তুমি মোক চুমা খোৱাহি।” BSB BSB: Then his father Isaac said to him, “Please come near and kiss me, my son.”
27 ULB যাকোবে ওচৰলৈ গৈ ইচহাকক চুমা খালে আৰু ইচহাকে তেওঁৰ গাৰ কাপোৰৰ গোন্ধ পাই তেওঁক আশীৰ্ব্বাদ কৰি ক’লে, “চোৱা, মোৰ পুত্ৰৰ গোন্ধ যিহোৱাই আশীৰ্ব্বাদ কৰা এক ক্ষেত্ৰৰ দৰে এই গোন্ধ। BSB BSB: So he came near and kissed him. When Isaac smelled his clothing, he blessed him and said: “Ah, the smell of my son is like the smell of a field that the LORD has blessed.
28 ULB ঈশ্বৰে যেন তোমাক আকাশৰ নিয়ৰৰ এক অংশ দিয়ে, পৃথিৱীৰ উৰ্ব্বৰতাৰ এক অংশ দিয়ে, আৰু প্রচুৰ শস্য আৰু নতুন দ্ৰাক্ষাৰস দিয়ে। BSB BSB: May God give to you the dew of heaven and the richness of the earth—an abundance of grain and new wine.
29 ULB লোকসমূহে তোমাৰ সেৱা কৰক আৰু জাতিবোৰে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাৰ ভাইসকলৰ ওপৰত তুমি প্ৰভূত্ব কৰা, আৰু তোমাৰ মাতৃৰ সন্তানসকলে তোমাক প্ৰণিপাত কৰক। যিসকলে তোমাক শাও দিব, তেওঁলোক অভিশপ্ত হওঁক; যিসকলে তোমাক আশীৰ্ব্বাদ কৰিব, তেওঁলোক আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।” BSB BSB: May peoples serve you and nations bow down to you. May you be the master of your brothers, and may the sons of your mother bow down to you. May those who curse you be cursed, and those who bless you be blessed.”
30 ULB ইচহাকে যাকোবক আশীৰ্ব্বাদ দি শেষ কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই, তেওঁৰ ককায়েক এচৌ চিকাৰৰ পৰা ঘূৰি আহি পালেহি। BSB BSB: As soon as Isaac had finished blessing him and Jacob had left his father’s presence, his brother Esau returned from the hunt.
31 ULB তেৱোঁ সুস্বাদু আহাৰ ৰান্ধি বাপেকৰ ওচৰলৈ আনি ক’লে, “হে পিতৃ, উঠক আৰু আপোনাৰ পুত্রই চিকাৰ কৰি অনা মাংস ভোজন কৰি মোক আশীৰ্ব্বাদ কৰক।” BSB BSB: He too made some tasty food, brought it to his father, and said to him, “My father, sit up and eat of your son’s game, so that you may bless me.”
32 ULB তেতিয়া তেওঁৰ পিতৃ ইচহাকে তেওঁক সুধিলে, “তুমি কোন?” এচৌৱে ক’লে, “মই আপোনাৰ বৰপুত্ৰ এচৌ।” BSB BSB: But his father Isaac replied, “Who are you?” “I am Esau, your firstborn son,” he answered.
33 ULB এই কথা শুনি ইচহাকৰ শৰীৰত কঁপনি উঠিল। তেওঁ সুধিলে, “তেন্তে যিটোৱে মোৰ ওচৰলৈ চিকাৰৰ মঙহ আনিছিল, সি কোন? তুমি অহাৰ আগেয়েই মই সেই সকলোকে খালোঁ আৰু তাক আশীৰ্ব্বাদো কৰিলোঁ; সেই আশীর্বাদৰ ফলও অৱশ্যেই সিয়ে পাব।” BSB BSB: Isaac began to tremble violently and said, “Who was it, then, who hunted the game and brought it to me? Before you came in, I ate it all and blessed him—and indeed, he will be blessed!”
34 ULB বাপেকৰ এই কথা শুনি এচৌ শোকত ভাগি পৰিল আৰু হুৰাওৰাৱে কান্দি কান্দি বাপেকক ক’লে, “পিতৃ, মোক, মোকো আশীৰ্ব্বাদ কৰক।” BSB BSB: When Esau heard his father’s words, he let out a loud and bitter cry and said to his father, “Bless me too, O my father!”
35 ULB তেওঁ ক’লে, “তোমাৰ ভায়েৰাই আহি ছল কৰি তুমি পাবলগীয়া আশীৰ্ব্বাদ লৈ গ’ল।” BSB BSB: But Isaac replied, “Your brother came deceitfully and took your blessing.”
36 ULB তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?” BSB BSB: So Esau declared, “Is he not rightly named Jacob? For he has cheated me twice. He took my birthright, and now he has taken my blessing.” Then he asked, “Haven’t you saved a blessing for me?”
37 ULB তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলো; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?” BSB BSB: But Isaac answered Esau: “Look, I have made him your master and given him all his relatives as servants; I have sustained him with grain and new wine. What is left that I can do for you, my son?”
38 ULB তেতিয়া এচৌৱে আকৌ বাপেকক কাকুতি-মিনতি কৰি ক’লে, “হে পিতৃ, মোৰ কাৰণে আপোনাৰ ওচৰত এটাও আশীর্বাদ নাইনে? হে মোৰ পিতৃ, আপুনি মোক, মোকো আশীৰ্ব্বাদ কৰক।” এইদৰে কৈ এচৌৱে বৰকৈ কান্দিব ধৰিলে। BSB BSB: Esau said to his father, “Do you have only one blessing, my father? Bless me too, O my father!” Then Esau wept aloud.
39 ULB পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে, “চোৱা, যি ঠাইত তুমি বাস কৰিবা সেই ভূমি উর্বৰ নহ’ব; তাত আকাশৰ পৰা নিয়ৰ নপৰিব। BSB BSB: His father Isaac answered him: “Behold, your dwelling place shall be away from the richness of the land, away from the dew of heaven above.
40 ULB তুমি নিজৰ তৰোৱালৰ দ্বাৰাই জীবা, তুমি তোমাৰ ভাইৰ সেৱা কৰিবা; কিন্তু যেতিয়া তুমি বিদ্রোহী হৈ উঠিবা, তেতিয়া তুমি তোমাৰ ডিঙিৰ পৰা তাৰ যুঁৱলি জোকাৰি পেলাবা।” BSB BSB: You shall live by the sword and serve your brother. But when you rebel, you will tear his yoke from your neck.”
41 ULB পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।” BSB BSB: Esau held a grudge against Jacob because of the blessing his father had given him. And Esau said in his heart, “The days of mourning for my father are at hand; then I will kill my brother Jacob.”
42 ULB বৰপুতেক এচৌৰ এই সকলো কথা ৰিবেকাই জানিব পাৰিলে আৰু সেয়ে তেওঁ মানুহ পঠাই সৰু পুতেক যাকোবক মতাই আনি ক’লে, “শুনা, তোমাৰ ককায়েৰা এচৌৱে তোমাক বধ কৰাৰ মন্ত্রণাৰে নিজকে নিজে শান্ত্বনা দিছে। BSB BSB: When the words of her older son Esau were relayed to Rebekah, she sent for her younger son Jacob and told him, “Look, your brother Esau is consoling himself by plotting to kill you.
43 ULB সেইবাবে বোপা, তুমি মোৰ কথা শুনা। এতিয়া তুমি হাৰণত থকা মোৰ ককাই লাবনৰ ওচৰলৈকে পলাই যোৱা। BSB BSB: So now, my son, obey my voice and flee at once to my brother Laban in Haran.
44 ULB তোমাৰ ককাইৰ খং মাৰ নেযায় মানে তুমি তেওঁৰ লগতে কিছুদিন থাকাগৈ। BSB BSB: Stay with him for a while, until your brother’s fury subsides—
45 ULB তোমাৰ প্রতি তোমাৰ ককায়েৰাৰ খং মাৰ নোযোৱা পর্যন্ত আৰু তুমি তেওঁলৈ যি কৰিলা তাক তেওঁ পাহৰি নোযোৱালৈকে তুমি তেওঁৰ লগত কিছুদিন থাকা; পাছত মানুহ পঠাই মই তোমাক তাৰ পৰা ঘূৰাই আনিম; কিয় মই একেদিনাই তোমালোক দুয়োকো হেৰুৱাম?” BSB BSB: until your brother’s rage against you wanes and he forgets what you have done to him. Then I will send for you and bring you back from there. Why should I lose both of you in one day?”
46 ULB পাছত ৰিবেকাই ইচহাকক ক’লে, “এই হিত্তীয়া ছোৱালীবোৰৰ কাৰণে মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে। তাৰ উপৰি যাকোবেও যদি এই দেশৰে কোনো হিত্তীয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ?” BSB BSB: Then Rebekah said to Isaac, “I am weary of my life because of these Hittite women. If Jacob takes a Hittite wife from among them, what good is my life?”