1 ULB এইবোৰ ঘটনাৰ পাছত, মিচৰৰ ৰজাৰ প্রধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান ৰুটি প্রস্তুতকাৰীয়ে (চাংমাই) তেওঁলোকৰ প্ৰভু অর্থাৎ মিচৰৰ ৰজাৰ অহিতে অপৰাধ কৰিলে। BSB BSB: Some time later, the king’s cupbearer and baker offended their master, the king of Egypt.
2 ULB ফৰৌণে তেওঁৰ এই প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান ৰুটি প্রস্তুতকাৰী বিষয়া দুজনৰ ওপৰত ক্রোধিত হৈছিল। BSB BSB: Pharaoh was angry with his two officers, the chief cupbearer and the chief baker,
3 ULB তাতে যি কাৰাগাৰত যোচেফ আটকাধীন হৈ আছিল, কাৰাৰক্ষক-প্রধানৰ সেই একেটা ঘৰৰ কাৰাগাৰতে তেওঁলোকক বন্দী কৰি থলে। BSB BSB: and imprisoned them in the house of the captain of the guard, the same prison where Joseph was confined.
4 ULB প্রধান কাৰাৰক্ষকে তেওঁলোকক যোচেফৰ পৰিচর্যাৰ অধীনত ৰাখিলে আৰু তেওঁ তেওঁলোকৰ তত্বাৱধান লবলৈ ধৰিলে। এইদৰে তেওঁলোক কিছু দিন সেই কাৰাগাৰত থাকিল। BSB BSB: The captain of the guard assigned them to Joseph, and he became their personal attendant. After they had been in custody for some time,
5 ULB এদিনাখন ৰাতি কাৰাগাৰত আটকাধীন অৱস্থাতে মিচৰৰ ৰজাৰ সেই পান-পাত্ৰ ধৰোঁতা আৰু ৰুটি-প্রস্তুতকাৰী দুয়োৱে এটাকৈ সপোন দেখিলে আৰু প্রত্যেকৰ সপোনৰ নিজস্ব অর্থ আছিল। BSB BSB: both of these men—the Egyptian king’s cupbearer and baker, who were being held in the prison—had a dream on the same night, and each dream had its own meaning.
6 ULB ৰাতিপুৱা যোচেফে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে। BSB BSB: When Joseph came to them in the morning, he saw that they were distraught.
7 ULB তেতিয়া তেওঁ তেওঁৰ প্ৰভুৰ ঘৰৰ কাৰাগাৰত নিজৰ সৈতে বন্দী হৈ থকা, ফৰৌণৰ সেই দুজন বিষয়াক সুধিলে, “আজি আপোনালোকক কিয় ইমান মন মাৰি থকা দেখা গৈছে?” BSB BSB: So he asked the officials of Pharaoh who were in custody with him in his master’s house, “Why are your faces so downcast today?”
8 ULB তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।” BSB BSB: “We both had dreams,” they replied, “but there is no one to interpret them.” Then Joseph said to them, “Don’t interpretations belong to God? Tell me your dreams.”
9 ULB তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই যোচেফক নিজৰ সপোনৰ কথা ক’লে। তেওঁ ক’লে, “শুনক, সপোনত মই মোৰ সন্মুখত এজোপা দ্ৰাক্ষালতাৰ গছ দেখিলো; BSB BSB: So the chief cupbearer told Joseph his dream: “In my dream there was a vine before me,
10 ULB সেই গছত তিনিটা ডাল আছিল; সেই ডালত কুঁহি মেলাৰ লগে লগে ফুল ফুলিবলৈ ধৰিলে আৰু থোপে থোপে আঙুৰবোৰ লাগি পকি উঠিল। BSB BSB: and on the vine were three branches. As it budded, its blossoms opened and its clusters ripened into grapes.
11 ULB ফৰৌণৰ পান-পাত্ৰ তেতিয়া মোৰ হাততে আছিল। মই সেই আঙুৰবোৰ লৈ পাত্ৰটোত চেপি ৰস উলিয়াই ফৰৌণৰ হাতত সেই পান-পাত্ৰ দিলোঁগৈ।” BSB BSB: Pharaoh’s cup was in my hand, and I took the grapes, squeezed them into his cup, and placed the cup in his hand.”
12 ULB যোচেফে তেওঁক ক’লে, “ইয়াৰ অর্থ হৈছে এই; সেই তিনিটা ডালে তিনি দিন বুজায়। BSB BSB: Joseph replied, “This is the interpretation: The three branches are three days.
13 ULB তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুণৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব। BSB BSB: Within three days Pharaoh will lift up your head and restore your position. You will put Pharaoh’s cup in his hand, just as you did when you were his cupbearer.
14 ULB তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব; BSB BSB: But when it goes well for you, please remember me and show me kindness by mentioning me to Pharaoh, that he might bring me out of this prison.
15 ULB কিয়নো সত্য কথা কবলৈ হ’লে ইব্ৰীয়াবিলাকৰ দেশৰ পৰা মোক জোৰ কৰি অনা হৈছিল আৰু এই দেশতো মই এনে একো কার্য কৰা নাই যিহৰ কাৰণে তেওঁলোকে মোক এই কাৰাগাৰত ভৰাই থৈছে। BSB BSB: For I was kidnapped from the land of the Hebrews, and even here I have done nothing for which they should have put me in this dungeon.”
16 ULB প্রধান ৰুটি-প্রস্তুতকাৰীয়ে যেতিয়া দেখিলে যে অন্যজনৰ সপোনৰ অর্থটো ভাল, তেতিয়া তেওধ যোচেফক ক’লে, “মইও এটা সপোন দেখিলোঁ; শুনক, মই সপোনত মোৰ মূৰৰ ওপৰত ৰুটিৰ তিনিটা খৰাহি থকা দেখিলো; BSB BSB: When the chief baker saw that the interpretation was favorable, he said to Joseph, “I too had a dream: There were three baskets of white bread on my head.
17 ULB তাৰে ওপৰৰ খৰাহিটোত আছিল ফৰৌণৰ কাৰণে বিভিন্ন ধৰণৰ তাও দি সেকা আহাৰ; কিন্তু চৰাইবোৰে আহি মোৰ মূৰৰ ওপৰৰ সেই খৰাহিৰ পৰা সেইবোৰ খালে।” BSB BSB: In the top basket were all sorts of baked goods for Pharaoh, but the birds were eating them out of the basket on my head.”
18 ULB তেতিয়া যোচেফে উত্তৰ দি ক’লে, “আপোনাৰ সপোনৰ অর্থ এই; তিনিটা খৰাহিয়ে তিনি দিন বুজায়; BSB BSB: Joseph replied, “This is the interpretation: The three baskets are three days.
19 ULB তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ পৰা আপোনাৰ মূৰ কাটি লৈ এডাল কাঠত আঁৰিব; চৰাইবোৰে আহি আপোনাৰ শৰীৰৰ পৰা মঙহ খাবহি।” BSB BSB: Within three days Pharaoh will lift off your head and hang you on a tree. Then the birds will eat the flesh of your body.”
20 ULB পাছত তৃতীয় দিনা ফৰৌণৰ জন্ম দিন আছিল। ফৰৌণে তেওঁৰ দাসসকলৰ কাৰণে এক ভোজৰ আয়োজন কৰিলে। সেইদিনা ফৰৌণে তেওঁৰ অন্যান্য দাসসকলতকৈ তেওঁৰ প্ৰধান পান-পাত্ৰ ধৰোতা আৰু প্রধান ৰুটি-প্রস্তুতকাৰীৰ প্রতি বিশেষ মনোযোগ দিলে। BSB BSB: On the third day, which was Pharaoh’s birthday, he held a feast for all his officials, and in their presence he lifted up the heads of the chief cupbearer and the chief baker.
21 ULB তেওঁ প্ৰধান পান-পাত্ৰ ধৰোতাক আগৰ কামত নিযুক্ত কৰিলে আৰু তেওঁ পুণৰ ফৰৌণৰ হাতত পান-পাত্র তুলি দিলে। BSB BSB: Pharaoh restored the chief cupbearer to his position, so that he once again placed the cup in Pharaoh’s hand.
22 ULB কিন্তু প্রধান ৰুটি-প্রস্তুতকাৰীক হ’লে তেওঁ আৰি থলে। যোচেফে তেওঁলোকক যেনেকৈ সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে ঘটিল। BSB BSB: But Pharaoh hanged the chief baker, just as Joseph had described to them in his interpretation.
23 ULB কিন্তু তথাপিও যোচেফক সহায় কৰিবলৈ প্ৰধান পান-পাত্ৰ ধৰোঁতাৰ মনত নপৰিল; যোচেফৰ কথা তেওঁ একেবাৰে পাহৰি গ’ল। BSB BSB: The chief cupbearer, however, did not remember Joseph; he forgot all about him.