1 ULB ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে। BSB BSB: So Israel set out with all that he had, and when he came to Beersheba, he offered sacrifices to the God of his father Isaac.
2 ULB ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।” BSB BSB: And that night God spoke to Israel in a vision: “Jacob, Jacob!” He said. “Here I am,” replied Jacob.
3 ULB ঈশ্বৰে ক’লে, “মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ। মিচৰ দেশলৈ নামি যাবলৈ ভয় নকৰিবা; কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতিৰ সৃষ্টি কৰিম। BSB BSB: “I am God,” He said, “the God of your father. Do not be afraid to go down to Egypt, for I will make you into a great nation there.
4 ULB মই তোমাৰ সংগে সংগে মিচৰলৈ নামি যাম আৰু পুণৰ ময়েই তোমাক নিশ্চয় উভটাই আনিম। মৃত্যুকালত যোচেফে নিজ হাতেৰে তোমাৰ চকু বন্ধ কৰি দিব।” BSB BSB: I will go down with you to Egypt, and I will surely bring you back. And Joseph’s own hands will close your eyes.”
6 ULB যি সকলো পশুধন আৰু ধন-সম্পত্তি তেওঁলোকে কনান দেশত লাভ কৰিছিল, সেই সকলোবোৰ লগত লৈ যাকোব আৰু তেওঁৰ সকলো বংশধৰেই মিচৰ দেশ অভিমুখে যাত্ৰা কৰিলে। BSB BSB: They also took the livestock and possessions they had acquired in the land of Canaan, and Jacob and all his offspring went to Egypt.
7 ULB এইদৰে যাকোবে তেওঁৰ পুতেক-জীয়েক, নাতি-নাতিনী আৰু তেওঁৰ বংশধৰ সকলোকে নিজৰ লগত লৈ মিচৰ দেশলৈ গ’ল। BSB BSB: Jacob took with him to Egypt his sons and grandsons, and his daughters and granddaughters—all his offspring.
8 ULB ইস্রায়েলীয়াসকল অর্থাৎ যাকোব আৰু তেওঁৰ বংশৰ যি সন্তানসকল মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নামৰ তালিকা এই: যাকোবৰ জেষ্ঠ পুত্ৰ ৰূবেণ। BSB BSB: Now these are the names of the sons of Israel (Jacob and his descendants) who went to Egypt: Reuben, Jacob’s firstborn.
9 ULB ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী। BSB BSB: The sons of Reuben: Hanoch, Pallu, Hezron, and Carmi.
10 ULB চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র। BSB BSB: The sons of Simeon: Jemuel, Jamin, Ohad, Jachin, Zohar, and Shaul the son of a Canaanite woman.
11 ULB লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী। BSB BSB: The sons of Levi: Gershon, Kohath, and Merari.
12 ULB যিহূদাৰ পুত্র এৰ, ওনন, চেলা, পেৰচ, আৰু জেৰহ; এৰ আৰু ওনন কনান দেশতে মৰিল। পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল। BSB BSB: The sons of Judah: Er, Onan, Shelah, Perez, and Zerah; but Er and Onan died in the land of Canaan. The sons of Perez: Hezron and Hamul.
13 ULB ইচাখৰৰ পুত্র তোলা, পুব্বা, যোব আৰু চিম্ৰোণ। BSB BSB: The sons of Issachar: Tola, Puvah, Job, and Shimron.
14 ULB জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল। BSB BSB: The sons of Zebulun: Sered, Elon, and Jahleel.
15 ULB জীয়েক দীনাৰে সৈতে এওঁলোক লেয়াৰ দ্বাৰা যাকোবৰ বংশ। এওঁলোক পদ্দন-অৰামত জন্মিছিল। পুত্র আৰু জীয়ৰীৰে সৈতে এওঁলোক সৰ্ব্বমুঠ তেত্ৰিশ জন আছিল। BSB BSB: These are the sons of Leah born to Jacob in Paddan-aram, in addition to his daughter Dinah. The total number of sons and daughters was thirty-three.
16 ULB গাদৰ পুত্র চিপুন, হগ্গী, চূনী, ইচবোন, এৰী, আৰোদী আৰু অৰেলী। BSB BSB: The sons of Gad: Ziphion, Haggi, Shuni, Ezbon, Eri, Arodi, and Areli.
17 ULB আচেৰৰ পুত্র যিন্না, যিচবা, যিচবী, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। BSB BSB: The children of Asher: Imnah, Ishvah, Ishvi, Beriah, and their sister Serah. The sons of Beriah: Heber and Malchiel.
18 ULB এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক লেয়াৰ লগত দিয়া জিল্পাৰ যোগেদি; এওঁলোক আছিল সৰ্ব্বমুঠ ষোল্লজন। BSB BSB: These are the sons of Jacob born to Zilpah—whom Laban gave to his daughter Leah—sixteen in all.
19 ULB যাকোবৰ ভাৰ্য্যা ৰাহেলৰ পুত্ৰ যোচেফ আৰু বিন্যামীন। BSB BSB: The sons of Jacob’s wife Rachel: Joseph and Benjamin.
20 ULB ওন নগৰৰ পুৰোহিত পোটিফৰৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল। BSB BSB: Manasseh and Ephraim were born to Joseph in the land of Egypt by Asenath daughter of Potiphera, priest of On.
21 ULB বিন্যামীনৰ পুত্র বিলা, বেখৰ, অচবেল, গেৰা, নামন, এহী, ৰোচ, মূপপীম, হুপপীম আৰু অৰ্দ। BSB BSB: The sons of Benjamin: Bela, Becher, Ashbel, Gera, Naaman, Ehi, Rosh, Muppim, Huppim, and Ard.
22 ULB এওঁলোক ৰাহেলে জন্ম দিয়া যাকোবৰ সন্তান; এওঁলোক আছিল সৰ্ব্বমুঠ চৌদ্ধ জন। BSB BSB: These are the sons of Rachel born to Jacob—fourteen in all.
23 ULB দানৰ পুত্র হূচীম। BSB BSB: The son of Dan: Hushim.
24 ULB নপ্তালীৰ পুত্র যহচিয়েল, গূনী, যেচৰ, আৰু চিল্লোম। BSB BSB: The sons of Naphtali: Jahzeel, Guni, Jezer, and Shillem.
25 ULB এওঁলোক হ’ল, লাবনে নিজৰ জীয়েক ৰাহেলৰ লগত দিয়া বিলহাৰ যোগেদি জন্ম হোৱা যাকোবৰ সন্তান। এওঁলোক সৰ্ব্বমুঠ সাতজন আছিল। BSB BSB: These are the sons of Jacob born to Bilhah, whom Laban gave to his daughter Rachel—seven in all.
26 ULB পুত্র-বোৱাৰীৰ উপৰিও যাকোবৰ লগত মিচৰ দেশলৈ যিসকল লোক আহিছিল, তেওঁৰ নিজৰ বংশধৰৰ এই লোকসকল আছিল সৰ্ব্বমুঠ ছয়ষষ্ঠী জন। BSB BSB: All those belonging to Jacob who came to Egypt—his direct descendants, besides the wives of Jacob’s sons—numbered sixty-six persons.
27 ULB মিচৰ দেশত যোচেফৰ যি দুজন পুত্ৰ জন্মিছিল আৰু যাকোবৰ পৰিয়ালৰ যিসকল লোক মিচৰলৈ গৈছিল, তেওঁলোক সৰ্ব্বমুঠ সত্তৰ জন আছিল। BSB BSB: And with the two sons who had been born to Joseph in Egypt, the members of Jacob’s family who went to Egypt were seventy in all.
28 ULB যাকোবে নিজে যোৱাৰ আগেয়ে যিহূদাক যোচেফৰ ওচৰলৈ পঠাই দিলে, যাতে যোচেফে তেওঁক গোচনলৈ যোৱাৰ পথ দেখুৱাই দিয়ে; আৰু তাৰ পাছত তেওঁলোক গৈ গোচন পালে। BSB BSB: Now Jacob had sent Judah ahead of him to Joseph to get directions to Goshen. When Jacob’s family arrived in the land of Goshen,
29 ULB যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে। BSB BSB: Joseph prepared his chariot and went there to meet his father Israel. Joseph presented himself to him, embraced him, and wept profusely.
30 ULB ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলো; এতিয়া মই মৰিবলৈ প্রস্তুত আছো। BSB BSB: Then Israel said to Joseph, “Finally I can die, now that I have seen your face and know that you are still alive!”
31 ULB তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে। BSB BSB: Joseph said to his brothers and to his father’s household, “I will go up and inform Pharaoh: ‘My brothers and my father’s household from the land of Canaan have come to me.
32 ULB এই লোকসকল ভেড়াৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে ভেড়া-ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’। BSB BSB: The men are shepherds; they raise livestock, and they have brought their flocks and herds and all that they own.’
33 ULB তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’ BSB BSB: When Pharaoh summons you and asks, ‘What is your occupation?’
34 ULB তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসসকল আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছো।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ। BSB BSB: you are to say, ‘Your servants have raised livestock ever since our youth—both we and our fathers.’ Then you will be allowed to settle in the land of Goshen, since all shepherds are detestable to the Egyptians.”