1 ULB পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ। BSB BSB: Then Jacob called for his sons and said, “Gather around so that I can tell you what will happen to you in the days to come:
2 ULB হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা। BSB BSB: Come together and listen, O sons of Jacob; listen to your father Israel.
3 ULB হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়। BSB BSB: Reuben, you are my firstborn, my might, and the beginning of my strength, excelling in honor, excelling in power.
4 ULB তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল। BSB BSB: Uncontrolled as the waters, you will no longer excel, because you went up to your father’s bed, onto my couch, and defiled it.
5 ULB চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ। BSB BSB: Simeon and Levi are brothers; their swords are weapons of violence.
6 ULB মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাড় গৰুবোৰ বধ কৰে। BSB BSB: May I never enter their council; may I never join their assembly. For they kill men in their anger, and hamstring oxen on a whim.
7 ULB সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম। BSB BSB: Cursed be their anger, for it is strong, and their wrath, for it is cruel! I will disperse them in Jacob and scatter them in Israel.
8 ULB হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তানসকলে তোমাৰ আগত প্ৰণিপাত কৰিব। BSB BSB: Judah, your brothers shall praise you. Your hand shall be on the necks of your enemies; your father’s sons shall bow down to you.
9 ULB যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, সিংহিনীৰ দৰে শুইছে; কোনে তাক জগাব? BSB BSB: Judah is a young lion—my son, you return from the prey. Like a lion he crouches and lies down; like a lioness, who dares to rouse him?
10 ULB চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোকসমূহ সেই জনাৰ আজ্ঞাধীন হ’ব। BSB BSB: The scepter will not depart from Judah, nor the staff from between his feet, until Shiloh comes and the allegiance of the nations is his.
11 ULB সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে। BSB BSB: He ties his donkey to the vine, his colt to the choicest branch. He washes his garments in wine, his robes in the blood of grapes.
12 ULB তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাত গাখীৰেৰে বগা। BSB BSB: His eyes are darker than wine, and his teeth are whiter than milk.
13 ULB জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব। BSB BSB: Zebulun shall dwell by the seashore and become a harbor for ships; his border shall extend to Sidon.
14 ULB ইচাখৰ বলৱান গাধ; সি দুটা গৰালৰ মাজত শোৱে। BSB BSB: Issachar is a strong donkey, lying down between the sheepfolds.
15 ULB সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল। BSB BSB: He saw that his resting place was good and that his land was pleasant, so he bent his shoulder to the burden and submitted to labor as a servant.
16 ULB দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব। BSB BSB: Dan shall provide justice for his people as one of the tribes of Israel.
17 ULB দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব। BSB BSB: He will be a snake by the road, a viper in the path that bites the horse’s heels so that its rider tumbles backward.
18 ULB হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ। BSB BSB: I await Your salvation, O LORD.
19 ULB গাদ- অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব। BSB BSB: Gad will be attacked by raiders, but he will attack their heels.
20 ULB আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব। BSB BSB: Asher’s food will be rich; he shall provide royal delicacies.
21 ULB নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়। BSB BSB: Naphtali is a doe set free that bears beautiful fawns.
22 ULB যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়। BSB BSB: Joseph is a fruitful vine—a fruitful vine by a spring, whose branches scale the wall.
23 ULB ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে; BSB BSB: The archers attacked him with bitterness; they aimed at him in hostility.
24 ULB কিন্তু তেঔঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেষ-ৰখীয়া, ইস্ৰায়েলৰ শিলা। BSB BSB: Yet he steadied his bow, and his strong arms were tempered by the hands of the Mighty One of Jacob, in the name of the Shepherd, the Rock of Israel,
25 ULB কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব। BSB BSB: by the God of your father who helps you, and by the Almighty who blesses you, with blessings of the heavens above, with blessings of the depths below, with blessings of the breasts and womb.
26 ULB মোৰ ওপৰ-পিতৃসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব। BSB BSB: The blessings of your father have surpassed the blessings of the ancient mountains and the bounty of the everlasting hills. May they rest on the head of Joseph, on the brow of the prince of his brothers.
27 ULB বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধ্যা পৰত লুটদব্য ভগাই দিব। BSB BSB: Benjamin is a ravenous wolf; in the morning he devours the prey, in the evening he divides the plunder.”
28 ULB এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে। BSB BSB: These are the tribes of Israel, twelve in all, and this was what their father said to them. He blessed them, and he blessed each one with a suitable blessing.
29 ULB পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তিয়া ইফ্ৰোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা। BSB BSB: Then Jacob instructed them, “I am about to be gathered to my people. Bury me with my fathers in the cave in the field of Ephron the Hittite.
30 ULB সেই গুহা কনান দেশত মম্রিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্রাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তিয়া ইফ্ৰোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল। BSB BSB: The cave is in the field of Machpelah near Mamre, in the land of Canaan. This is the field Abraham purchased from Ephron the Hittite as a burial site.
31 ULB সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্য্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্য্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ। BSB BSB: There Abraham and his wife Sarah are buried, there Isaac and his wife Rebekah are buried, and there I buried Leah.
32 ULB সেই পথাৰ আৰু গুহা হেতৰ সন্তানসকলৰ পৰা কিনা হৈছিল।” BSB BSB: The field and the cave that is in it were purchased from the Hittites.”
33 ULB এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল। BSB BSB: When Jacob had finished instructing his sons, he pulled his feet into the bed and breathed his last, and he was gathered to his people.