1 ULB এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল। BSB BSB: Now when men began to multiply on the face of the earth and daughters were born to them,
2 ULB ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে। BSB BSB: the sons of God saw that the daughters of men were beautiful, and they took as wives whomever they chose.
3 ULB এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।” BSB BSB: So the LORD said, “My Spirit will not contend with man forever, for he is mortal; his days shall be 120 years.”
4 ULB সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তানসকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰণিকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল। BSB BSB: The Nephilim were on the earth in those days—and afterward as well—when the sons of God had relations with the daughters of men. And they bore them children who became the mighty men of old, men of renown.
6 ULB পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে। BSB BSB: And the LORD regretted that He had made man on the earth, and He was grieved in His heart.
7 ULB সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুঃখ পাইছো। BSB BSB: So the LORD said, “I will blot out man, whom I have created, from the face of the earth—every man and beast and crawling creature and bird of the air—for I am grieved that I have made them.”
8 ULB কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্রহৰ দৃষ্টি আছিল। BSB BSB: Noah, however, found favor in the eyes of the LORD.
9 ULB এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধার্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল। BSB BSB: This is the account of Noah. Noah was a righteous man, blameless in his generation; Noah walked with God.
10 ULB চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল। BSB BSB: And Noah had three sons: Shem, Ham, and Japheth.
11 ULB সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিবী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল। BSB BSB: Now the earth was corrupt in the sight of God, and full of violence.
12 ULB ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে। BSB BSB: And God looked upon the earth and saw that it was corrupt; for all living creatures on the earth had corrupted their ways.
13 ULB ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানুহজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম। BSB BSB: Then God said to Noah, “The end of all living creatures has come before Me, because through them the earth is full of violence. Now behold, I will destroy both them and the earth.
14 ULB তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে (আলকাতাৰাজাতীয় পানী নোসোমোৱা এবিধ প্রলেপ) লিপি দিবা। BSB BSB: Make for yourself an ark of gopher wood; make rooms in the ark and coat it with pitch inside and out.
15 ULB জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত। BSB BSB: And this is how you are to build it: The ark is to be 300 cubits long, 50 cubits wide, and 30 cubits high.
16 ULB জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিৰিকী কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা; BSB BSB: You are to make a roof for the ark, finish its walls a cubit from the top, place a door in the side of the ark, and build lower, middle, and upper decks.
17 ULB আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্য হ’ব। BSB BSB: And behold, I will bring floodwaters upon the earth to destroy every creature under the heavens that has the breath of life. Everything on the earth will perish.
18 ULB কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্য্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব। BSB BSB: But I will establish My covenant with you, and you will enter the ark—you and your sons and your wife and your sons’ wives with you.
19 ULB তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেকবিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা। BSB BSB: And you are to bring two of every living creature into the ark—male and female—to keep them alive with you.
20 ULB বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা। BSB BSB: Two of every kind of bird and animal and crawling creature will come to you to be kept alive.
21 ULB তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব। BSB BSB: You are also to take for yourself every kind of food that is eaten and gather it as food for yourselves and for the animals.”
22 ULB তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে। BSB BSB: So Noah did everything precisely as God had commanded him.