1 ULB পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে। BSB BSB: But God remembered Noah and all the animals and livestock that were with him in the ark. And God sent a wind over the earth, and the waters began to subside.
2 ULB ভূগর্ভস্থৰ জলৰ ভুমুকবোৰ আৰু আকাশৰ খিৰিকীবোৰ বন্ধ হৈ গ’ল; আকাশৰ পৰা বৰষুণ পৰিবলৈ এৰিলে। BSB BSB: The springs of the deep and the floodgates of the heavens were closed, and the rain from the sky was restrained.
3 ULB পৃথিবীৰ ওপৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু এশ পঞ্চাশ দিনৰ মূৰত পানী অনেক কমিল। BSB BSB: The waters receded steadily from the earth, and after 150 days the waters had gone down.
4 ULB সপ্তম মাহৰ সোতৰ দিনৰ দিনা জাহাজখন অৰাৰট পৰ্ব্বতশ্রেণীৰ ওপৰত গৈ লাগি ৰ’ল। BSB BSB: On the seventeenth day of the seventh month, the ark came to rest on the mountains of Ararat.
5 ULB তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতশ্রেণীৰ টিংবোৰ দেখা গ’ল। BSB BSB: And the waters continued to recede until the tenth month, and on the first day of the tenth month the tops of the mountains became visible.
6 ULB তাৰ পাছত চল্লিশ দিন পাৰ হোৱাত নোহে নিজে সজা জাহাজৰ খিৰিকীখন মেলিলে। BSB BSB: After forty days Noah opened the window he had made in the ark
7 ULB তেওঁ এটি ঢোৰা কাউৰী বাহিৰলৈ উড়ুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকুৱা পর্যন্ত কাউৰীজনীয়ে অহা-যোৱা কৰি উড়ি ফুৰিছিল। BSB BSB: and sent out a raven. It kept flying back and forth until the waters had dried up from the earth.
8 ULB তাৰপাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে। BSB BSB: Then Noah sent out a dove to see if the waters had receded from the surface of the ground.
9 ULB কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে। BSB BSB: But the dove found no place to rest her foot, and she returned to him in the ark, because the waters were still covering the surface of all the earth. So he reached out his hand and brought her back inside the ark.
10 ULB তাৰ পাছত তেওঁ আৰু সাত দিন অপেক্ষা কৰি পুণৰ সেই কপৌজনীক জাহাজৰ পৰা উড়ুৱাই পঠালে। BSB BSB: Noah waited seven more days and again sent out the dove from the ark.
11 ULB সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জলফাই গছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে। BSB BSB: And behold, the dove returned to him in the evening with a freshly plucked olive leaf in her beak. So Noah knew that the waters had receded from the earth.
12 ULB নোহে আৰু সাত দিন অপেক্ষা কৰি পুণৰ সেই কপৌজনীক উড়ুৱাই পঠালে; কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুণৰ উভটি নাহিল। BSB BSB: And Noah waited seven more days and sent out the dove again, but this time she did not return to him.
13 ULB নোহৰ বয়স তেতিয়া ছশ এক বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা পৃথিবীৰ পানী শুকাবলৈ ধৰিলে; তেতিয়া নোহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে, ভূমিৰ ওপৰৰ পানী শুকাই গৈছে। BSB BSB: In Noah’s six hundred and first year, on the first day of the first month, the waters had dried up from the earth. So Noah removed the covering from the ark and saw that the surface of the ground was dry.
14 ULB দ্বিতীয় মাহৰ সাতাইশ দিনৰ ভিতৰত পৃথিবী একেবাৰে শুকাই গ’ল। BSB BSB: By the twenty-seventh day of the second month, the earth was fully dry.
15 ULB তেতিয়া ঈশ্বৰে নোহক ক’লে, BSB BSB: Then God said to Noah,
16 ULB “তুমি তোমাৰ ভাৰ্য্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা। BSB BSB: “Come out of the ark, you and your wife, along with your sons and their wives.
17 ULB তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।” BSB BSB: Bring out all the living creatures that are with you—birds, livestock, and everything that crawls upon the ground—so that they can spread out over the earth and be fruitful and multiply upon it.”
18 ULB তেতিয়া নোহে তেওঁৰ ভাৰ্য্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল। BSB BSB: So Noah came out, along with his sons and his wife and his sons’ wives.
19 ULB পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল। BSB BSB: Every living creature, every creeping thing, and every bird—everything that moves upon the earth—came out of the ark, kind by kind.
20 ULB তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে। BSB BSB: Then Noah built an altar to the LORD. And taking from every kind of clean animal and clean bird, he offered burnt offerings on the altar.
21 ULB যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলো, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ। BSB BSB: When the LORD smelled the pleasing aroma, He said in His heart, “Never again will I curse the ground because of man, even though every inclination of his heart is evil from his youth. And never again will I destroy all living creatures as I have done.
22 ULB যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।” BSB BSB: As long as the earth endures, seedtime and harvest, cold and heat, summer and winter, day and night shall never cease.”