1 ULB মোৰ প্ৰহৰীস্থানত মই থিয় হম, আৰু পহৰা দিয়া ওখ স্তম্ভত মই নিজে থাকিম, আৰু তেওঁ মোক কি ক’ব, আৰু মোৰ অভিযোগৰ পৰা মই কেনেকৈ ঘুৰিব পাৰো, সেই বিষয়ে মই সাৱধানতাৰে চাম। BSB BSB: I will stand at my guard post and station myself on the ramparts. I will watch to see what He will say to me, and how I should answer when corrected.
2 ULB যিহোৱাই মোক উত্তৰ দি কলে, এই দৰ্শনৰ কথা লিখি থোৱা, আৰু এনে স্পষ্টকৈ ফলিত লিখা, যাতে যি কোনো এজনে খৰকৈ পঢ়িব পাৰে। BSB BSB: Then the LORD answered me: “Write down this vision and clearly inscribe it on tablets, so that a herald may run with it.
3 ULB কাৰণ এই দৰ্শন ভবিষ্যত সময়ৰ বাবে আৰু শেষত এই দৰ্শন বিফল নোহোৱাকৈ সিদ্ধ হ’ব। যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰিবা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব। BSB BSB: For the vision awaits an appointed time; it testifies of the end and does not lie. Though it lingers, wait for it, since it will surely come and will not delay.
4 ULB চোৱা, মানুহৰ আত্মা অহঙ্কাৰী হয় আৰু নিজৰ অন্তৰেই ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। BSB BSB: Look at the proud one; his soul is not upright—but the righteous will live by faith—
5 ULB কাৰণ সুৰাই গৰ্ব্বী যুৱকক বিশ্বাসঘাতক কৰে; সেয়ে তেওঁ সহ্য নকৰে, কাৰণ তেওঁ নিজৰ অভিলাষ সমাধি আৰু মৃত্যুৰ দৰে সম্প্রসাৰিত কৰে, যি কেতিয়াও সন্তোষ্ট নহয়। তেওঁ নিজৰ বাবে সকলো দেশ আৰু লোকসকলক গোটাই, BSB BSB: and wealth indeed betrays him. He is an arrogant man never at rest. He enlarges his appetite like Sheol, and like Death, he is never satisfied. He gathers all the nations to himself and collects all the peoples as his own.
6 ULB এই সকলো লোক তেওঁৰ বিৰুদ্ধে দৃষ্টান্ত স্বৰূপ আৰু তেওঁৰ সম্পৰ্কে বিদ্ৰূপজনক প্রচলিত বাক্য নক’ব নে? তেওঁলোকে ক’ব, ‘যি নিজৰ নহয়, তেনে অভিশাপ যিজনে বৃদ্ধি কৰে! তেনেহ’লে তুমি কিমান দিন অঙ্গীকাৰৰ বোজাৰ ভাৰ বৃদ্ধি কৰিবা? BSB BSB: Will not all of these take up a taunt against him, speaking with mockery and derision: ‘Woe to him who amasses what is not his and makes himself rich with many loans! How long will this go on?’
7 ULB যিজনে তোমাৰ অহিতে দাঁতকৰচে তেওঁ অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতঙ্কিত কৰে তেওঁ জাগ্রত নহ’ব নে? তুমি তেওঁলোকৰ বাবে প্রতাৰিত লোক হ’বা! BSB BSB: Will not your creditors suddenly arise and those who disturb you awaken? Then you will become their prey.
8 ULB তুমি অনেক দেশ লুট কৰাৰ কাৰণে লোকসকলৰ অৱশিষ্ট লোকে তোমাক লুট কৰিব; মানুহৰ ৰক্তপাতৰ কাৰণে, দেশ, গাঁও, আৰু তাৰ আটাই নিবাসীসকললৈ কৰা অত্যাচাৰৰ বাবে এয়ে সিদ্ধ হ’ব। BSB BSB: Because you have plundered many nations, the remnant of the people will plunder you—because of your bloodshed against man and your violence against the land, the city, and all their dwellers.
9 ULB অমঙ্গলৰ হাতৰ পৰা উদ্ধাৰ পাবলৈ, তেওঁ ওখ ঠাইত নিজৰ বাসস্থান স্থাপন কৰে, যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে তেওঁৰ সন্তাপ হব। BSB BSB: Woe to him who builds his house by unjust gain, to place his nest on high and escape the hand of disaster!
10 ULB অনেক লোকক উচ্ছন্ন কৰিবলৈ তুমি তোমাৰ ঘৰৰ বাবে লজ্জাজনক চিন্তা কৰিলা, আৰু তোমাৰ নিজৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিলা। BSB BSB: You have plotted shame for your house by cutting off many peoples and forfeiting your life.
11 ULB দেৱালৰ মাজৰ পৰা শিলে চিঞৰি কান্দিব, আৰু কাঠৰ মাজৰ পৰা চটিয়ে তাৰ উত্তৰ দিব। BSB BSB: For the stones will cry out from the wall, and the rafters will echo it from the woodwork.
12 ULB ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰা জনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰা জনৰ সন্তাপ হব। BSB BSB: Woe to him who builds a city with bloodshed and establishes a town by iniquity!
13 ULB লোকসকলে জুইৰ বাবে পৰিশ্ৰম কৰে, আৰু সেই দেশবাসীয়ে অসাৰ বস্তুৰ বাবে ক্লান্ত হয়, এয়ে বাহিনীসকলৰ যিহোৱাৰ পৰা নহয় নে? BSB BSB: Is it not indeed from the LORD of Hosts that the labor of the people only feeds the fire, and the nations weary themselves in vain?
14 ULB সমুদ্ৰ যেনেকৈ পানীৰে ভৰপুৰ, সেইদৰে পৃথিৱীখন যিহোৱাৰ জ্ঞানৰ মহিমাৰে পৰিপূৰ্ণ হব। BSB BSB: For the earth will be filled with the knowledge of the glory of the LORD as the waters cover the sea.
15 ULB যি জনে নিজৰ চুবুৰীয়াৰ বিবস্ত্ৰতা চাবৰ বাবে তেওঁক সুৰা পান কৰায়, মতলীয়া নোহোৱালৈকে বিহ দি তেওঁক সুৰা পান কৰায় থাকে, সেই জনৰ সন্তাপ হব। BSB BSB: Woe to him who gives drink to his neighbors, pouring it from the wineskin until they are drunk, in order to gaze at their nakedness!
16 ULB তুমি গৌৰৱৰ পৰিৱৰ্তে লাজেৰে পৰিপূৰ্ণ হ’বা; তুমিও পান কৰা, আৰু তোমাৰ নিজৰ বিৱস্ত্রতা প্রকাশ কৰা! যিহোৱাৰ সোঁ হাতত থকা পিয়লা তোমালৈ ঘূৰি আহিব, আৰু অপমানে তোমাৰ সন্মান ছানি ধৰিব। BSB BSB: You will be filled with shame instead of glory. You too must drink and expose your uncircumcision! The cup in the LORD’s right hand will come around to you, and utter disgrace will cover your glory.
17 ULB লিবানোনলৈ কৰা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ ধ্বংস দেখি তুমি আতঙ্কিত হ’বা; মানুহৰ ৰক্তপাতৰ কাৰণে, আৰু দেশ, নগৰ, আৰু তাত থকা সকলো নিবাসীলৈ কৰা অত্যাচাৰৰ বাবেই এইদৰে ঘটিব। BSB BSB: For your violence against Lebanon will overwhelm you, and the destruction of animals will terrify you, because of your bloodshed against men and your violence against the land, the city, and all their dwellers.
18 ULB কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে, যে তাৰ বাবে নিৰ্মাণকাৰীয়ে তাক কাটে? বা গলোৱা ধাতুৰ পৰা প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক; যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কাৰ্মত বিশ্বাস কৰে। BSB BSB: What use is an idol, that a craftsman should carve it—or an image, a teacher of lies? For its maker trusts in his own creation; he makes idols that cannot speak.
19 ULB যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হব! সেইবোৰে জানো শিক্ষা দিব? চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই। BSB BSB: Woe to him who says to wood, ‘Awake!’ or to silent stone, ‘Arise!’ Can it give guidance? Behold, it is overlaid with gold and silver, yet there is no breath in it at all.”
20 ULB কিন্তু যিহোৱা নিজৰ প্ৰবিত্ৰ মন্দিৰত আছে; সমুদাই পৃথিৱী তেওঁৰ আগত নিজম দি থাকক। BSB BSB: But the LORD is in His holy temple; let all the earth be silent before Him.