1 ULB কিয়নো বিধান ভাবি মঙ্গলৰ ছায়া বিশিষ্ট হৈ, বিধান সেইবোৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়৷ সেয়েহে যি সকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে, তেওঁলোকে বছৰ বছৰ একে ৰূপে বাৰে বাৰে বলিদান কৰে; কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱা সকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। BSB BSB: For the law is only a shadow of the good things to come, not the realities themselves. It can never, by the same sacrifices offered year after year, make perfect those who draw near to worship.
2 ULB পৰা হ’লে, উৎসৰ্গ কৰা স্থগিত হ’লহেতেন নহয় নে? কিয়নো আৰাধনাকাৰী সকল এবাৰ শুচিকৃত হোৱা হ’লে, তেওঁলোকৰ কোনো পাপ বিবেক পুনৰ নাথাকিলেহেতেন। BSB BSB: If it could, would not the offerings have ceased? For the worshipers would have been cleansed once for all, and would no longer have felt the guilt of their sins.
3 ULB কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে সোঁৱৰণ কৰা হৈছে। BSB BSB: Instead, those sacrifices are an annual reminder of sins,
4 ULB কিয়নো পাপ গুচাবলৈ উৎসৰ্গিত বলি ষাড় আৰু ছাগলীৰ তেজৰ সাধ্য নাই৷ BSB BSB: because it is impossible for the blood of bulls and goats to take away sins.
5 ULB এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোৰ বাবে শৰীৰ যুগুত কৰিলা; BSB BSB: Therefore, when Christ came into the world, He said: “Sacrifice and offering You did not desire, but a body You prepared for Me.
6 ULB হোমত আৰু পাপাৰ্থক বলিদান উৎসৰ্গ কৰাত তুমি সন্তুষ্ট নহ’লা; BSB BSB: In burnt offerings and sin offerings You took no delight.
7 ULB তেতিয়া মই কলোঁ, চোৱা মই আহিলোঁ, পুস্তকত মোৰ বিষয়ে যেনেদৰে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ। BSB BSB: Then I said, ‘Here I am, it is written about Me in the scroll: I have come to do Your will, O God.’”
8 ULB তেওঁ পূৰ্বৰ বিৱৰণ অনুসৰি কয়, “বলিদান, নৈবেদ্য, হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা, আৰু সেইবোৰত সন্তুষ্টও নহ’লা”, যদিও এইবোৰ বলিদান বিধান অনুসৰি উৎসৰ্গ কৰা হয়৷ BSB BSB: In the passage above He says, “Sacrifices and offerings, burnt offerings and sin offerings You did not desire, nor did You delight in them” (although they are offered according to the law).
9 ULB তাৰ পাছত ক’লে, “চোৱা মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ।” তেওঁ দ্বিতীয়টো স্থাপিত কৰিবৰ কাৰণে, প্ৰথমটো আতৰাই পেলালে। BSB BSB: Then He adds, “Here I am, I have come to do Your will.” He takes away the first to establish the second.
10 ULB সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ হোৱাৰ দ্বাৰাই সকলো পবিত্ৰীকৃত হলোঁ। BSB BSB: And by that will, we have been sanctified through the sacrifice of the body of Jesus Christ once for all.
12 ULB কিন্তু খ্ৰীষ্টে হ’লে, সকলো সময়ৰ বাবে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু ঈশ্বৰৰ সোঁফালে বহিল৷ BSB BSB: But when this Priest had offered for all time one sacrifice for sins, He sat down at the right hand of God.
13 ULB তেতিয়াৰে পৰা তেওঁ শত্ৰু সকলক তেওঁৰ ভৰি-পীৰা নকৰা পৰ্যন্ত অপেক্ষা কৰি আছে। BSB BSB: Since that time, He waits for His enemies to be made a footstool for His feet,
14 ULB কাৰণ তেওঁ পবিত্ৰ কৰা সকলক একমাত্ৰ উৎসৰ্গিত নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে। BSB BSB: because by a single offering He has made perfect for all time those who are being sanctified.
15 ULB ইয়াৰ উপৰি পবিত্ৰ আত্মায়ো আমাক সাক্ষ্য দিছে; সেয়েহে প্ৰথমে তেওঁ কৈছে, BSB BSB: The Holy Spirit also testifies to us about this. First He says:
16 ULB সেই দিনৰ পাছত প্ৰভুৱে কৈছে, ‘তেওঁলোকৰ সৈতে মই এই নিয়ম কৰিম৷ মই তেওঁলোকৰ হৃদয়ত মোৰ বিধান গাঠি দিম, আৰু তেওঁলোকৰ মনত সেইবোৰ লিখি দিম’; BSB BSB: “This is the covenant I will make with them after those days, declares the Lord. I will put My laws in their hearts and inscribe them on their minds.”
17 ULB এই কথা কোৱাৰ পাছত তেওঁ পুনৰ কয়: ‘মই তেওঁলোকৰ পাপ আৰু অধৰ্মবোৰ পুনৰ সোঁৱৰণ নকৰিম’। BSB BSB: Then He adds: “Their sins and lawless acts I will remember no more.”
18 ULB সেয়েহে এবাৰ যেতিয়া সেই সকলো পাপ-মোচন কৰা হ’ল, এনে স্থলত পাপৰ বাবে পুনৰ বলিদান উৎসৰ্গ কৰাৰ কোনো প্ৰয়োজন নাই। BSB BSB: And where these have been forgiven, an offering for sin is no longer needed.
20 ULB তেওঁ আমাৰ কাৰণে সেই আঁৰ-কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে, অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথে মুকলি কৰি দিলে, সেই পথ নতুন আৰু জীৱনময়৷ BSB BSB: by the new and living way opened for us through the curtain of His body,
21 ULB আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত, BSB BSB: and since we have a great priest over the house of God,
22 ULB সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক, BSB BSB: let us draw near with a sincere heart in full assurance of faith, having our hearts sprinkled to cleanse us from a guilty conscience and our bodies washed with pure water.
25 ULB কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওঁহক। BSB BSB: Let us not neglect meeting together, as some have made a habit, but let us encourage one another, and all the more as you see the Day approaching.
26 ULB যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে; BSB BSB: If we deliberately go on sinning after we have received the knowledge of the truth, no further sacrifice for sins remains,
27 ULB কেৱল সোধ-বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা, আৰু ঈশ্বৰৰ বিপক্ষ সকলক গ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিব। BSB BSB: but only a fearful expectation of judgment and of raging fire that will consume all adversaries.
28 ULB যি কোনোৱে মোচিৰ বিধান অৱহেলা কৰে, তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে, নিৰ্দয়ভাবে মৰিব লগা হয়। BSB BSB: Anyone who rejected the law of Moses died without mercy on the testimony of two or three witnesses.
29 ULB তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে, আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যি জনে অশুচি কৰে, আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেই জন আপোনালোকৰ বিবেচনা অনুসৰি, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য-পাত্ৰ বুলি গণিত হ’ব! BSB BSB: How much more severely do you think one deserves to be punished who has trampled on the Son of God, profaned the blood of the covenant that sanctified him, and insulted the Spirit of grace?
30 ULB কিয়নো আমি জানো, তেওঁ কৈছে, “প্ৰতিশোধ লোৱা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম”; আৰু কৈছে, “প্ৰভুৱে নিজৰ লোক সকলৰ সোধ-বিচাৰ কৰিব৷” BSB BSB: For we know Him who said, “Vengeance is Mine; I will repay,” and again, “The Lord will judge His people.”
31 ULB সেয়েহে জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা। BSB BSB: It is a fearful thing to fall into the hands of the living God.
32 ULB সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷ BSB BSB: Remember the early days that you were in the light. In those days, you endured a great conflict in the face of suffering.
33 ULB কেতিয়াবা লোক সকলে আপোনালোকক প্ৰকাশ্যে নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোক নিৰ্যাতিত হৈছিল৷ কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি, আপোনালোকেও সেই লোক সকলক সহায় কৰিছিল৷ BSB BSB: Sometimes you were publicly exposed to ridicule and persecution; at other times you were partners with those who were so treated.
34 ULB যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোক তেওঁলোকৰ সহানুভুতিশীল কৰিছিল। আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে; কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷ BSB BSB: You sympathized with those in prison and joyfully accepted the confiscation of your property, knowing that you yourselves had a better and permanent possession.
35 ULB এতেকে আপোনালোকে আত্মবিশ্বাস নেহেৰুৱাব, এই আত্মবিশ্বাসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব৷ BSB BSB: So do not throw away your confidence; it holds a great reward.
36 ULB কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ সহনশীলতাৰ প্ৰয়োজন আছে। BSB BSB: You need to persevere, so that after you have done the will of God, you will receive what He has promised.
37 ULB “কিয়নো অলপতে আহিব লগা জন আহিব ধৰিছে, পলম নকৰিব। BSB BSB: For, “In just a little while, He who is coming will come and will not delay.
38 ULB কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; আৰু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব।” BSB BSB: But My righteous one will live by faith; and if he shrinks back, I will take no pleasure in him.”
39 ULB যিবোৰে সৰ্ব্বনাশলৈ হুঁহকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ; কিন্তু যি সকলে নিজৰ প্ৰাণ লাভ কৰিবৰ বাবে বিশ্বাস কৰিলে, আমি সেই সকলৰ মাজৰহে হৈছোঁ। BSB BSB: But we are not of those who shrink back and are destroyed, but of those who have faith and preserve their souls.
Select verses for actions: Enter goes to them and Escape comes back.