1 ULB ভাতৃ-প্ৰেম চলি থাকক। BSB BSB: Continue in brotherly love.
2 ULB আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই শুশ্ৰূষা কৰিলে। BSB BSB: Do not neglect to show hospitality to strangers, for by so doing some people have entertained angels without knowing it.
3 ULB বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক। BSB BSB: Remember those in prison as if you were bound with them, and those who are mistreated as if you were suffering with them.
5 ULB আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, ‘মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম’। BSB BSB: Keep your lives free from the love of money and be content with what you have, for God has said: “Never will I leave you, never will I forsake you.”
6 ULB এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, ‘প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব’? BSB BSB: So we say with confidence: “The Lord is my helper; I will not be afraid. What can man do to me?”
7 ULB আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক। BSB BSB: Remember your leaders who spoke the word of God to you. Consider the outcome of their way of life and imitate their faith.
8 ULB যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে। BSB BSB: Jesus Christ is the same yesterday and today and forever.
9 ULB আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ’ব; কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ’ল, সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল৷ BSB BSB: Do not be carried away by all kinds of strange teachings, for it is good for the heart to be strengthened by grace and not by foods of no value to those devoted to them.
10 ULB যি বেদীত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰা সকলৰ ক্ষমতা নাই, এনে এটি বেদি আমাৰ আছে। BSB BSB: We have an altar from which those who serve at the tabernacle have no right to eat.
11 ULB কিয়নো যি যি প্ৰাণীৰ তেজ পাপৰ বলিদান স্বৰূপে মহা-পুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ উৎসৰ্গ কৰিবৰ বাবে নিয়া হয়, সেইবোৰৰ শৰীৰ চাউনিৰ বাহিৰে পোৰা যায়। BSB BSB: Although the high priest brings the blood of animals into the Holy Place as a sacrifice for sin, the bodies are burned outside the camp.
13 ULB এতেকে আহক, তেওঁৰ নিন্দাৰূপ ভাৰ বৈ, ছাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁহক। BSB BSB: Therefore let us go to Him outside the camp, bearing the disgrace He bore.
14 ULB কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই; কিন্তু আমি সেই আহিবলগীয়া নগৰ চাই আছোঁ। BSB BSB: For here we do not have a permanent city, but we are looking for the city that is to come.
15 ULB এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক। BSB BSB: Through Jesus, therefore, let us continually offer to God a sacrifice of praise, the fruit of lips that confess His name.
16 ULB কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়। BSB BSB: And do not neglect to do good and to share with others, for with such sacrifices God is pleased.
17 ULB আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব। BSB BSB: Obey your leaders and submit to them, for they watch over your souls as those who must give an account. To this end, allow them to lead with joy and not with grief, for that would be of no advantage to you.
18 ULB আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব; কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ; BSB BSB: Pray for us; we are convinced that we have a clear conscience and desire to live honorably in every way.
19 ULB কিন্তু মোক যেন পুনৰ অাপোনালোকৰ বাবে সোনকালে দিয়া হয়, এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ মই অাপোনালোকক অধিক মিনতি কৰিছোঁ। BSB BSB: And I especially urge you to pray that I may be restored to you soon.
20 ULB এতিয়া শান্তিৰ ঈশ্বৰে, যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক; BSB BSB: Now may the God of peace, who through the blood of the eternal covenant brought back from the dead our Lord Jesus, that great Shepherd of the sheep,
21 ULB তেওঁৰ দৃষ্টিত যি উত্তম, আৰু সন্তোষজনক, সেয়া তেওঁ যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাত কাৰ্য কৰক; তেওঁৰ মহিমা চিৰকাল হওক। আমেন। BSB BSB: equip you with every good thing to do His will. And may He accomplish in us what is pleasing in His sight through Jesus Christ, to whom be glory forever and ever. Amen.
22 ULB হে ভাই সকল, মই আপোনালোকক উৎসাহিত কৰোঁ, আপোনালোকে এই উদগণিৰ বাক্য সহন কৰিব; কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ। BSB BSB: I urge you, brothers, to bear with my word of exhortation, for I have only written to you briefly.
23 ULB আমাৰ ভাই তীমথিয়ক জেলৰ পৰা মুকলি কৰা হৈছে, ইয়াকে জানিবা; তেওঁ সোনকালে আহিলে, তেৱেঁ সৈতে মই আপোনালোকক দেখা কৰিবলৈ যাম। BSB BSB: Be aware that our brother Timothy has been released. If he arrives soon, I will come with him to see you.
24 ULB আপোনালোকে আপোনালোকৰ নায়ক সকলক আৰু সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। ইটালী দেশৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে। BSB BSB: Greet all your leaders and all the saints. Those from Italy send you greetings.
25 ULB আপোনালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন। BSB BSB: Grace be with all of you.
Select verses for actions: Enter goes to them and Escape comes back.